ETV Bharat / politics

পৰিচয় পত্ৰ অবিহনে গৌৰীপুৰৰ ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশ অচিনাক্ত যুৱকৰ

ভোট গণনাৰ এদিন পূৰ্বে ধুবুৰীত হাহাকাৰ । ষ্ট্ৰং ৰূমত নিশা যুৱকে কেনেকৈ কৰিলে প্ৰৱেশ ?

Unknown young man detained within the courtyard of strong room in Gauripur Dhubri
অচিনাকি যুৱকৰ গৌৰীপুৰৰ ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশক লৈ উত্তেজনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2026 at 10:16 AM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী : নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিচতো এখন নহয়, দুখন নহয়, একেবাৰে তিনিখন গেট অতিক্ৰম কৰি ষ্ট্ৰং ৰূমৰ চৌহদত সোমাল অচিনাকি যুৱক । কোনেও পৰীক্ষা কৰা নাই এই যুৱকজনৰ পৰিচয়পত্ৰ । এই দৃশ্য়টো চকুত পৰিল একাংশ ৰাজনৈতিক দলৰ কাউণ্টিং এজেণ্টৰ । লগে লগে তেওঁলোকে কৰায়ত্ত কৰিলে অচিনাকি যুৱকজনক । তাৰ পিচতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

এই ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাত । গৌৰীপুৰৰ পিচি ইনষ্টিটিউচনত স্থাপন কৰা ষ্ট্ৰং ৰূমত শনিবাৰে নিশা যুৱক এজনৰ প্ৰৱেশ কৰাক লৈ ৰাজনৈতিক দলৰ কাউণ্টিং এজেণ্টৰ মাজত হুৱাদুৱা লাগে । অৱশ্য়ে কাউন্টিং এজেণ্টে উক্ত যুৱকজনক আৱদ্ধ কৰাৰ কিছুসময় পিচত জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰে । ধুবুৰীৰ গৌৰীপুৰস্থিত ষ্ট্ৰং ৰূম চৌহদত অচিনাকি যুৱকৰ প্ৰৱেশক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পৰিচয় পত্ৰ অবিহনে অচিনাকি যুৱকৰ গৌৰীপুৰৰ ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশ (ETV Bharat Assam)

এই ঘটনাটো সংঘটিত হোৱাৰ দুঘন্টা পাৰ হোৱাৰ পিছতো নিজৰ পৰিচয় পত্ৰখন দেখুৱাব নোৱাৰাত উত্তেজিত হৈ পৰে ৰাজনৈতিক দলৰ এজেণ্টসকল । ষ্ট্ৰং ৰূমত পৰিচয় পত্ৰ অবিহনে প্ৰৱেশ কৰা যুৱকজনক ধুবুৰীৰ সোমনাথ চক্রৱর্তী । ইপিনে, নিজকে যুৱকজনে ষ্ট্ৰং ৰূমৰ চিচিটিভিৰ অ'পাৰেটৰ বুলি দাবী কৰে ।

ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো পৰিচয় পত্ৰ অবিহনে দুখনকৈ গেট পাৰ হোৱাকলৈ একাংশ কাউণ্টিং এজেণ্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন কাউণ্টিং এজেণ্টে কয়, "আমি বিগত এমাহৰ পৰা ইয়াত প্ৰট'কলৰ মাজত কৰ্তব্য় পালন কৰি আহিছো । আজি এজন অচিনাকি ব্য়ক্তিয়ে ইয়াত হঠাতে প্ৰৱেশ কৰে । আমি নিৰীক্ষণ কোঠাত চহী কৰি সোমাব লাগে; কিন্তু অচিনাকি যুৱকজনে চহী নকৰাকৈ প্ৰৱেশ কৰাত আৱদ্ধ কৰি ৰাখো । তেওঁ প্ৰৱেশ কৰাৰ লগে লগে চিচিটিভি প্ৰায় ১০ মিনিটমানৰ বাবে বন্ধ কৰি দিয়ে ।"

পিচত ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া । প্রায় তিনি ঘন্টা পিছতহে যুৱকজনে পৰিচয় পত্ৰখন ঘৰৰ পৰা আনি দেখুওৱালৈ সক্ষম হয় । নিশা পৰিচয় পত্ৰ দেখুওৱাৰ পিচতহে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় ।

লগতে পঢ়ক:শোণিতপুৰত ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, কঠোৰ সুৰক্ষা ব্যৱস্থা

ষ্ট্ৰং ৰূমত তিনি যুৱকৰ প্ৰৱেশক লৈ নিশা উত্তপ্ত ডিফু, তিনি যুৱকক আটক