ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ কোনটো সিদ্ধান্তক 'অনন্য' আখ্যা দলীয় বিধায়কৰ ?

বিধানসভা অধিৱেশনৰ মাজতে ৰেচন, জাল নোট চক্ৰ, এনকাউণ্টাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য বিধায়ক চক্ৰধৰ গগৈৰ ।

BJP MLA Chakradhar Gogoi
বিজেপি বিধায়ক চক্ৰধৰ গগৈ (ANI)
author img

By ANI

Published : July 9, 2026 at 6:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে । তাৰ মাজতে বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ উচ্চ প্ৰশংসা কৰিলে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰেচন যোগানৰ এক সিদ্ধান্তক অনন্য আখ্যা দিলে বিজেপি বিধায়কগৰাকীয়ে ।

তেওঁ কয় যে সমগ্ৰ ৰাজ্যৰ বিশেষভাৱে সক্ষম আৰু বৃদ্ধ লোকক ঘৰে ঘৰে ৰেচন সামগ্ৰী বিতৰণৰ যি সিদ্ধান্ত লৈছে সেয়া অনন্য । এই পদক্ষেপক কল্যাণকামী ৰাজ্যক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰশংসা কৰি গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই পদক্ষেপক সাধাৰণ জনতাই ব্যাপকভাৱে আদৰণি জনাইছে ।

তেওঁ কয়, "সঁচাকৈয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে লোৱা এক অনন্য সিদ্ধান্ত, কিয়নো তেওঁ বিশেষভাৱে সক্ষম আৰু বৃদ্ধলোকৰ বাবে ৰেচন তেওঁলোকৰ ঘৰতে পাব পৰাৰ ব্যৱস্থা কৰিবলৈ ওলাইছে । ইয়াক সাধাৰণ ৰাইজে আনন্দৰে আদৰণি জনাইছে আৰু আমিও ইয়াক আদৰণি জনাইছোঁ । মই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ । আমি কামনা কৰিছো যে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ আৰু অধিক কাম কৰক ।"

কল্যাণমূলক ব্যৱস্থাৰ উপৰিও শেহতীয়াকৈ অসম আৰক্ষীয়ে জাল নোট ছিণ্ডিকেটৰ ওপৰত কৰা দমন নীতি সন্দৰ্ভতো গগৈয়ে মন্তব্য কৰে । জাল নোটৰ প্ৰচলনে স্থানীয় অৰ্থনীতিৰ যথেষ্ট ক্ষতিসাধন কৰা বুলি আলোকপাত কৰি যোৱা দুসপ্তাহত চৰকাৰে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত দেখুওৱা সক্ৰিয় ভূমিকাৰ প্ৰশংসা কৰে ।

তেওঁ কয়, "জাল নোট চক্ৰ সমগ্ৰ দেশতে বিয়পি পৰিছে । কিন্তু এইবাৰ অসমত যোৱা ৭ৰ পৰা ১৫ দিনত জাল নোট ছপা কৰা বহু লোক আৰক্ষীৰ জালত পৰিছে । তেওঁলোকে কেৱল ছপা কৰাই নহয়; সমগ্ৰ অসমতে এই নোট বিয়পাই দিছিল । ইয়াৰ বাবেই অসমৰ অৰ্থনীতি বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল । অসমৰ অৰ্থনীতিত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । গতিকে ইয়াক ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঠিক পদক্ষেপ ।"

লগতে পঢ়ক :

জালনোট চক্ৰই কিদৰে কাম কৰিছে অসমত ? সদনত বিৱৰণ পীযুষ হাজৰিকাৰ