ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে : সৰ্বানন্দ সোণোৱাল
মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰি থকাৰ সময়তে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ সৰ্বানন্দ সোণোৱাল ।

Published : February 8, 2026 at 5:29 PM IST
মৰাণ: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিতৰ্ক অব্যাহত আছে । গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক সংবাদমেলৰ পাছতে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তি ষড়যন্ত্ৰমূলক কামত জড়িত হয় সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ । আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে ৰাষ্ট্ৰ বিৰোধী কামত জড়িত বুলি ই নিন্দনীয় ।"
সৰ্বানন্দ সোণোৱালে লগতে কয়, "এতিয়া গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলি কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে স্পষ্ট কথা ।" ডিব্ৰুগড়ৰ হোটেল টি-কাণ্টিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ হোটেল টি-কাণ্টিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত আয়োজিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্রভাৰী হৰিশ দ্বিবেদীৰ লগতে জিলা সভাপতি দুলাল বৰা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাগৰাকী বিধায়কো উপস্থিত থাকে ।

জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ডিব্ৰুগড় ভ্ৰমণৰ সন্দৰ্ভত এই প্ৰস্তুতি সভা অনুষ্ঠিত হয় । অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ । ডিব্ৰুগড়ত বাহৰ পাতি ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব সংক্ৰান্তীয় সকলো দিশ পৰ্যালোচনা কৰিব ।
লগতে পঢ়ক :বিজেপিৰ ‘পইণ্ট-ব্লেংক শ্বট’ শীৰ্ষক ভিডিঅ’ক লৈ সৰৱ কংগ্ৰেছ

