ETV Bharat / politics

কংগ্ৰেছ আৰু সহযোগী দলবোৰে মহা অপৰাধ কৰিছে: কিয় ক'লে সৰ্বানন্দ সোণোৱালে ?

ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি বিৰোধীক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Sarbananda Sonowal
ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 5:51 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । এই বিধেয়ক গৃহীত হোৱাত সহযোগ নকৰাৰ বাবে ইণ্ডিয়া ব্লকক সমালোচনা অব্যাহত ৰাখিছে বিজেপি তথা এনডিএৰ নেতাসকলে ।

দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰতিবাদো হৈছে । তাৰ মাজতে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল সম্বোধন কৰি বিৰোধীক তীব্ৰ সমালোচনা কৰে ।

কংগ্ৰেছ আৰু সহযোগী দলবোৰে মহা অপৰাধ কৰিছে: সোণোৱালৰ অভিযোগ (ETV Bharat)

তেওঁ কয়, "যোৱা ১৬ আৰু ১৭ এপ্ৰিলত এনডিএ চৰকাৰে মহিলাসকলক ন্যায় দিয়াৰ স্বাৰ্থত, তেওঁলোকৰ প্ৰাপ্য অধিকাৰক স্বীকৃতি দিয়াৰ উদ্দেশ্যে যি বিধেয়ক সদনত উপস্থাপন কৰা হৈছিল আমি আশা কৰিছিলোঁ ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক দলে এই ক্ষেত্ৰত সহযোগিতা কৰিব । কিন্তু কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে এই বিধেয়কৰ বিৰোধিতা কৰি ভাৰতৰ নাৰী সমাজক সম্পূৰ্ণৰূপে অপমান কৰিলে । এই কথা এতিয়া ভাৰতৰ সকলো সচেতন ৰাইজে বুজি উঠিছে । ভাৰতৰ জনসংখ্যালৈ চাই বিধানসভা, লোকসভাত মহিলাৰ আসন ৫০ শতাংশ হ'ব লাগিছিল । কিন্তু দীৰ্ঘ সময় শাসনত থকাৰ পাছতো কংগ্ৰেছ দলে মহিলাৰ বাবে আসন বৃদ্ধিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । কংগ্ৰেছ দলে বিভিন্ন কৌশল কৰি এই বিধেয়ক গৃহীত হ'বলৈ নিদিলে । এইবাৰো কংগ্ৰেছ দলে এই বিধেয়ক গৃহীত হোৱাত বাধা দিলে ।"

তেওঁ লগতে কয়, "ইয়াৰ পৰা এইটো বাৰ্তা গ'ল যে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে মহিলাৰ অগ্ৰগতি নিবিচাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলক কেৱল হিতাধিকাৰী হিচাপে নহয় দেশৰ নীতি নিৰ্ধাৰণত অগ্ৰণী ভূমিকা পালন কৰাটো বিচাৰে । পুৰুষ আৰু মহিলা সমানেই দেশক প্ৰতিনিধিত্ব কৰিলেহে এই ৰাষ্ট্ৰ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব পাৰিব । কিন্তু কংগ্ৰেছ আৰু সহযোগী দলসমূহে মহিলাৰ অগ্ৰগতিত বাধাৰ প্ৰাচীৰ হিচাপে থিয় হৈ মহিলাসকলৰ সৈতে অন্যায় কৰিছে । ইয়াৰ বাবে কংগ্ৰেছে সময়ত উত্তৰ দিব লাগিব ।"

ভাৰতৰ মহিলাই কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলক কেতিয়াও ক্ষমা নকৰে বুলিও সৰ্বানন্দ সোণোৱালে দাবী কৰে । তেওঁ অভিযোগ কৰা মতে দীৰ্ঘদিন শাসন কৰিও মহিলাৰ বাবে উল্লেখযোগ্য কাম কৰাৰ উদাহৰণ নাই কংগ্ৰেছ দলৰ ।

সৰ্বানন্দ সোণোৱালে কয়, "কংগ্ৰেছ আৰু সহযোগী দলসমূহে মহা অপৰাধ কৰিছে । ইয়াৰ বাবে তেওঁলোকে নিশ্চিতভাৱে ফল ভুগিব লাগিব ।" ইফালে এনডিএ চৰকাৰৰ নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি দাবী কৰি তেওঁ কয়, "নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ লৈছে । আগন্তুক দিনত মহিলাসকলক আমি আগ স্থান দিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা নিৰন্তৰভাৱে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কৰি যাব ।"

লগতে পঢ়ক :

নাৰী বন্দনৰ নামত সংসদৰ স্বৰূপ সলনি কৰাৰ ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্র বিজেপিৰ: গুৱাহাটীত ক'লে ৰাজস্থানৰ কংগ্ৰেছ নেত্ৰীয়ে