বাঙালী মাধ্যমত পঢ়া, বংগত জন্ম হোৱা বিজেপি কৰ্মী হ'ব বংগৰ মুখ্যমন্ত্ৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
বংগৰ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ বংগত মহিলা সুৰক্ষিত নহয় বুলি উল্লেখ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৷

By ANI
Published : April 24, 2026 at 2:37 PM IST
কলকাতা: শুকুৰবাৰে কলকাতাত আয়োজিত এখন সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সৰৱ হৈ পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷ লগতে এইবাৰ পশ্চিম বংগত বিজেপিৰ এজন সাধাৰণ কৰ্মী মুখ্যমন্ত্ৰী হ'ব উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে ৷ উল্লেখ্য যে, প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক অৰ্থাৎ ৯২ শতাংশৰো অধিক ভোটদানে বংগৰ ৰাজনীতিৰ দৃশ্যপট সলনি কৰাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞই দাবী কৰিছে ৷
বৃহস্পতিবাৰে বংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে অনা অভিযোগৰ উত্তৰ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়,"মই দিদিক ক'ব বিচাৰিছো, বংগত জন্মগ্ৰহণ কৰা এজন বিজেপি কৰ্মী, বাঙালী মাধ্যমত শিক্ষা লাভ আৰু বঙালী ভাষা ক'ব জনা লোকক বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিব ৷ ইয়াত কোনো দিদিৰ সম্পৰ্কীয় লোক নাথাকিব ৷ মমতা দিদি বহিৰাগত লোক ৷"
উল্লেখ্য যে, বিজেপিৰ বিৰুদ্ধে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে, পশ্চিমবংগত যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়া হ'লে বহিৰাগত লোক মুখ্যমন্ত্ৰীৰ আসনত বহিব ৷ ইয়াৰ উত্তৰ হিচাপে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীৰ লগতে অভিষেক বেনাৰ্জীকো কটাক্ষ কৰে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়," সন্ধিয়া ৭ বজাৰ পাছত মহিলাসকল ঘৰৰ পৰা নোলাব ৷ কাৰণ মহিলা সুৰক্ষিত হৈ থকাটো নিবিচাৰে মমতা দিদিয়ে ৷ যাৰ বাবে সাংসদত মহিলা আসন সংৰক্ষণ বিধেয়ক অনুমোদন কৰাত বাধা প্ৰদান কৰিলে ৷ কিন্তু বিজেপিয়ে যদি বংগত চৰকাৰ গঠন কৰে তেতিয়া হ'লে মহিলাক সুৰক্ষা প্ৰদান কৰা হ'ব ৷ আমাৰ প্ৰধান কাম হ'ব বেংগলৰ মহিলাসকলক সুৰক্ষা প্ৰদান কৰা আৰু তেওঁলোকক ভয়ৰ পৰা মুক্ত কৰা । ৫ তাৰিখৰ পৰা মহিলাসকলে নিশা ১ বজাতো ঘৰৰ পৰা ওলাব পাৰিব ৷"
আৰ জি কৰ চিকিৎসালয়ৰ ঘটনাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়,"আৰ জি কৰ কাণ্ডত ভুক্তভোগী যুৱতী চিকিৎসকগৰাকীৰ মাতৃক আমি টিকট দিছো ৷ ইয়াৰ দ্বাৰা টিএমচিৰ গুণ্ডাৰাজ শেষ কৰিবলৈ বিধানসভাত কঠোৰ আইন প্ৰণয়ন কৰা হ'ব আৰু বংগত মহিলাৰ সুৰক্ষাৰ বাবে আগন্তুক দিনত ডাঙৰ পদক্ষেপ লোৱা হ'ব ৷ আগন্তুক দিনক ব্যাপক পৰিৱৰ্তন হ'ব বুলি মই ভাবো ৷
তেওঁ লগতে কয়,"বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ব্যৱসায়ীসকলে কোনো 'ভতিজা কৰ' বা গুণ্ডা কৰ দিবলগীয়া নহ'ব । ৰাজ্যখনত চলি থকা ছিণ্ডিকেটৰাজ আমি শেষ কৰিম ৷ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা বংগবাসীক মুক্ত কৰিম ৷"
লগতে পঢ়ক:বংগৰ আত্মাৰে প্ৰবাহিত হয় গংগা: কলকাতাত হুগলীত নৌকা বিহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

