ETV Bharat / politics

পশ্চিমবংগত উত্তেজনা বৃদ্ধি;মমতাই দিলে আন এক হুংকাৰ...

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ । মমতা বেনাৰ্জীয়ে চৰকাৰক দিলে আন এক প্ৰত্যাহ্বান ।

Mamata Banerjee
মমতা বেনাৰ্জী (ANI)
author img

By PTI

Published : June 1, 2026 at 8:03 PM IST

2 Min Read
Choose ETV Bharat

কলকাতা: বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ বিৰোধী এক শক্তিৰ উত্থান হোৱা দেখা গৈছে । কিয়নো শেহতীয়াকৈ সোণাৰপুৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ৰাইজৰ ৰোষত পৰে । নিৰ্বাচনী হিংসাৰ বলি হোৱা তৃণমূল কৰ্মীৰ ঘৰলৈ যোৱাৰ সময়তে সাংসদগৰাকীক একাংশ লোকে আক্ৰমণ কৰে । ইফালে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীকো হুগলী জিলাৰ চণ্ডীপুৰ অঞ্চলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । য'ত সাংসদগৰাকী আহত হয় ।

এই ঘটনাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী ক্ষুব্ধ হৈ পৰিছে । দলৰ নেতা-কৰ্মীৰ ওপৰত চলোৱা কথিত আক্ৰমণৰ বিৰুদ্ধে টিএমচিয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে । সোমবাৰে মমতা বেনাৰ্জীয়ে কয় যে আৰক্ষীয়ে অনুমতি নিদিলেও দলৰ নেতা-কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ আৰু ৰে'লৱেৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ উচ্ছেদৰ বিৰুদ্ধে দলটোৱে পূৰ্বে নিৰ্ধাৰিত প্ৰতিবাদ অব্যাহত ৰাখিব ।

সাধাৰণ জনতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল ভয়ত দিন কটাবলগীয়া হোৱাৰ বিপৰীতে হকাৰসকলক সঠিক পুনৰ সংস্থাপনৰ পৰিকল্পনা অবিহনে উচ্ছেদ কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে, "মানুহবোৰে কিয় ভয় খাইছে ? মানুহবোৰ কিয় উদ্বিগ্ন ? সমগ্ৰ পৰিৱেশ সলনি হৈছে । কলকাতা আৰু বংগক 'লুম্পেন'ৰ হাতত গতাই দিয়া হৈছে ।"

বেনাৰ্জীয়ে অভিযোগ কৰে যে বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা টিএমচিৰ ১২ গৰাকী কৰ্মীক হত্যা কৰাৰ লগতে হাজাৰ হাজাৰ দলীয় কৰ্মীক গ্ৰেপ্তাৰ কৰিছে । আনহাতে বহু লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে বুলিও তেওঁ অভিযোগ কৰিছে ।

হকাৰৰ উচ্ছেদ, দলীয় কৰ্মীৰ ওপৰত আক্ৰমণ আৰু নীট পৰীক্ষাত সংঘটিত অনিয়মৰ দৰে বিষয়ৰ বিৰুদ্ধে ৰাণী ৰশ্মনী পথত টিএমচিৰ প্ৰতিবাদৰ অনুমতি বাতিল কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া হৈছে ।

চৰকাৰী অনুমতি অবিহনে প্ৰতিবাদ চলি যাব বুলিও তেওঁ ঘোষণা কৰে । তেওঁ কয়, "যদি আমাক তাত প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, তেন্তে মোক য'তেই ৰখাই দিয়া হ'ব তাতেই বহিম, গ্ৰেপ্তাৰ হ'বলৈও সাজু ।"

লগতে পঢ়ক :

অভিষেক বেনাৰ্জীক X পৰ্যায়ৰ নিৰাপত্তা প্ৰদান, আক্ৰমণত জড়িত ৬ জনক গ্ৰেপ্তাৰ