মমতাৰ তৃণমূল বিধ্বস্ত ! চাৰিদিনত তিনিজন ৰাজ্যসভাৰ সাংসদৰ পদত্যাগ
সুখেন্দু শেখৰ ৰয় আৰু সুস্মিতা দেৱৰ পাছত বৃহস্পতিবাৰে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰকাশ চিক বৰাইকে উচ্চ সদনৰ পৰা পদত্যাগ কৰে ৷


Published : June 11, 2026 at 1:48 PM IST
নতুন দিল্লী: এটাৰ পাছত আন এটা মোক্ষম আঘাতে বিধ্বস্ত কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছক ৷ চাৰিদিনৰ ভিতৰ দলৰ লগতে ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ কৰিলে তিনিগৰাকীকৈ সাংসদে ৷ সুখেন্দু শেখৰ ৰয় আৰু সুস্মিতা দেৱৰ পাছত বৃহস্পতিবাৰে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰকাশ চিক বৰাইকে উচ্চ সদনৰ পৰা পদত্যাগ কৰে ৷ বুধবাৰে টিএমচিৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ বিপৰীতে ৮ জুনত সুখেন্দু শেখৰ ৰয়ে পদত্যাগ কৰিছিল ।
ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক উদ্দেশ্যি বৰাইকে লিখা পদত্যাগ পত্ৰত উল্লেখ কৰিছে, ‘‘মই ইয়াৰ দ্বাৰা ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছোঁ, এই অনুৰোধ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিব পাৰে ।’’ বৰাইকে পদত্যাগৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই । তেওঁৰ কাৰ্যকালত অধ্যক্ষ আৰু সচিবালয়ৰ পৰা লাভ কৰা সহায় সহযোগিতাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।
TMC MP Prakash Chik Baraik resigned as a member of the Rajya Sabha and submitted his resignation to CP Radhakrishnan, Vice President and Chairman of the Rajya Sabha
— ANI (@ANI) June 11, 2026
(Source: Rajya Sabha Secretariat) pic.twitter.com/G4FWG1AV7V
পত্ৰখনত বৰাইকে লগতে লিখিছে, ‘‘ৰাজ্যসভাৰ সদস্য হিচাপে মোৰ কাৰ্যকালত সকলো সহায় আৰু সহযোগিতা আগবঢ়োৱা মাননীয় অধ্যক্ষ আৰু ৰাজ্যসভা সচিবালয়ৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।’’
#WATCH | Delhi: TMC leader Prakash Chik Baraik says, " i don't have any demands. in view of the mandate the bjp received in west bengal..., i too submitted my resignation." pic.twitter.com/sBgrjIQgTg
— ANI (@ANI) June 11, 2026
মমতা বেনাৰ্জীৰ নেতৃত্বত টিএমচিয়ে শেহতীয়াকৈ ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বৃহৎ পৰাজয় বৰণ কৰাৰ পিছৰ পৰাই আভ্যন্তৰীণ সংকটৰ সন্মুখীন হৈছে ৷ দলৰ একাংশ নেতাই বিদ্ৰোহ ঘোষণা কৰাৰ ফলত অভূতপূৰ্ব বিভাজনৰ সূচনা ঘটিছে ।
বংগ বিধানসভাত ৮০ জন নিৰ্বাচিত বিধায়কৰ ভিতৰত কমেও ৬০ জন বিধায়কৰ মাজত বিভাজন ঘটিছে, আনহাতে সংসদত চীফ হুইপ কাকলি ঘোষ দস্তিদাৰৰ নেতৃত্বত ২৮ জন লোকসভা সাংসদৰ ভিতৰত কমেও ২০ জন সাংসদে দলত্যাগ কৰি বিজেপি নেতৃত্বাধীন এন ডি এক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ টিএমচিয়ে মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ লগতে অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধীৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে । বিদ্ৰোহী সাংসদসকলে কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাটো টিএমচিৰ একমাত্ৰ বিকল্প বুলি কোৱাৰ বিপৰীতে দুয়োটা দলৰ মুখপাত্ৰই একত্ৰীকৰণৰ দাবীক “ভিত্তিহীন” বুলি অভিহিত কৰি ইয়াক অস্বীকাৰ কৰিছে ।
টিএমচিৰ বিদ্ৰোহী নেতা ঋতব্ৰত বেনাৰ্জীয়ে বুধবাৰে বিৰোধী দল আৰু কংগ্ৰেছৰ মাজত যিকোনো ধৰণৰ একত্ৰীকৰণৰ জল্পনা-কল্পনাক কঠোৰভাৱে নাকচ কৰি কয় যে চলি থকা পৰিস্থিতি সংগঠনটোৰ আভ্যন্তৰীণ বিষয় । তেওঁৰ ফৈদৰ সমৰ্থনকাৰী বিধায়কৰ সংখ্যা ৫৮ৰ পৰা ৬৪ জনলৈ বৃদ্ধি পোৱা বুলি দাবী কৰি বেনাৰ্জীয়ে কয়, ‘‘বৰ্তমান মুঠ বিধায়ক ৬৪ জন । এই বিধায়কসকলে আহি অধ্যক্ষক পত্ৰ জমা দিব ।’’ তেওঁ লগতে কয় যে গোটটোৱে অতি সোনকালে আনুষ্ঠানিকভাৱে পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষৰ কাষ চাপিব আৰু নিজৰ স্থিতি সুদৃঢ় কৰিব ।
লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ তথা ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ সুস্মিতা দেৱৰ, পৰৱৰ্তী ঠিকনা হ’ব পাৰে বিজেপি !

