মধ্য় গুৱাহাটীত টিএমচিৰ প্ৰাৰ্থী অভিজিৎ মজুমদাৰ; প্ৰাৰ্থিত্ব লাভ কৰিয়ে বিজয় গুপ্তাক সমালোচনা
তৃণমূল কংগ্ৰেছ দলে অভিজিৎ মজুমদাৰক মধ্য় গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

Published : March 22, 2026 at 9:55 PM IST
গুৱাহাটী : অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে তৃণমূল কংগ্ৰেছ দলে অসমত ২৩ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । দেওবাৰে দলটোৱে পুনৰ ৭ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । দলটোৱে মধ্য় গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ মিডিয়া বিভাগৰ অধ্যক্ষ অভিজিৎ মজুমদাৰক । প্ৰাৰ্থিত্ব লাভৰ পিছতে মজুমদাৰে আক্ৰমণ কৰে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাক ।
মূল প্ৰতিদ্বন্দ্বিতা বিজয় গুপ্তাৰ সৈতে হ'ব বুলি দাবী কৰি মজুমদাৰে কয়, "মোৰ প্ৰতিদ্বন্দ্বিতাত আছে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা । তেওঁ এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোক । ইতিমধ্যে মধ্য় গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ যে শুদ্ধকৈ অসমীয়া ভাষা নাজানে সেই কথা সকলোৱে গম পাইছে আৰু জনতাৰ মাজত ক্ষোভ দেখা গৈছে । তেওঁ মাৰোৱাৰী ভোটো নাপায়, বেলেগতো বাদ দিয়ক ।"
নীপকোৰ অধ্যক্ষ হৈ থকা সময়ত বিজয় গুপ্তাই নীপকোক বহিৰাগত কোম্পানীৰ সৈতে একত্ৰিত কৰি দিয়াৰ অভিযোগ কৰি মজুমদাৰ প্ৰশ্ন কৰে যে তেনে এজন লোকক ভোট দিব নেকি ৰাইজে ?
দলৰ দীৰ্ঘদিনীয়া সংগঠক হিচাপে চিনাকি দি মজুমদাৰে কয় যে তেওঁ তৃণমূল কংগ্ৰেছ অসম শাখাৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিল আৰু দলীয় সংগঠন মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । আনকি বিগত নিৰ্বাচনত তেওঁ দুজন প্ৰাৰ্থীক জয়যুক্ত কৰোৱাত সহায় কৰিছিল বুলিও দাবী কৰে ।
সংবাদ মাধ্যমক সম্বোধন কৰি মজুমদাৰে কয়, "মই প্ৰথমতে আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জী আৰু সুস্মিতা দেৱ বাইদেউক ধন্যবাদ জনাব বিচাৰিছো । চেণ্ট্ৰেল গুৱাহাটীত মই জয়ী হোৱাটো নিশ্চিত ।"
নিজৰ প্ৰশাসনিক অভিজ্ঞতাৰ উল্লেখ কৰি মজুমদাৰে কয়, "মই অসম ইলেক্ট্ৰিচিটি ব'ৰ্ডৰ চেয়াৰমেন আছিলোঁ আৰু লোকচানত থকা এটা কোম্পানীক লাভজনক কোম্পানীলৈ ৰূপান্তৰ কৰিছিলোঁ ।"
মধ্য় গুৱাহাটীৰ মুখ্য সমস্যা সন্দৰ্ভত তেওঁ কয়, "ইয়াত খোৱাপানী, ৰাস্তা-ঘাট, নলা-নৰ্দমা আৰু বিদ্যুৎ ব্যৱস্থাৰ দৰে বহু সমস্যা আছে । গুৱাহাটীৰ বেপাৰী মন্ত্ৰীয়ে এইবোৰত গুৰুত্ব নিদিয়ে । ক'ভিড কালত মই বহু লোকক সহায় কৰিছিলোঁ, কিন্তু তেতিয়া কোনো বেপাৰী মন্ত্ৰী আমাৰ সৈতে নাছিল ।"
লগতে পঢ়ক : এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী : হাজো-শুৱালকুছিত খেলিব দুলু আহমেদৰ পত্নীয়ে

