বিজেপিৰ পতাকা হাতত লৈ তৃতীয়টো দলত যোগদান সুস্মিতা দেৱৰ
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত দলটোৰ পৰাজয়ৰ পিছতে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে যোৱা মাহত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছিল ৷

By PTI
Published : July 9, 2026 at 6:59 PM IST
কলকাতা: তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ বিজেপিত যোগদান ৷ বৃহস্পতিবাৰে কলকাতাত গেৰুৱা দলটোত যোগদান কৰে টিএমচিৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বৰাইকেও বিজেপিত যোগদান কৰে ।
ৰাজ্যিক বিজেপিৰ সভাপতি সমীক ভট্টাচাৰ্যৰ উপস্থিতিত তিনিওগৰাকী নেতাই গেৰুৱা বসন পৰিধান কৰে ৷ দলটোৰ ছল্ট লেকস্থিত কাৰ্যালয়ত ৰাজ্যখনৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰা এক কাৰ্যসূচীত প্ৰাক্তন সাংসদসকলক বিজেপিৰ পতাকা প্ৰদানৰে ভট্টাচাৰ্যই আদৰণি জনায় ।
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত দলটোৰ পৰাজয়ৰ পিছতে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে যোৱা মাহত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছিল ৷ তেওঁৰ লগতে সুখেন্দু আৰু বৰাইকেও পদত্যাগ কৰিছিল ।
ভট্টাচাৰ্যই কয় যে তিনিওগৰাকী প্ৰাক্তন সাংসদৰ অভিজ্ঞতাই ৰাজ্যখনত দলটোক আৰু অধিক শক্তিশালী কৰিব ।
উল্লেখ্য যে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত সন্তোষ মোহন দেৱৰ কন্যা । কিন্তু ২০২১ চনৰ পাছত তেওঁ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৷ শেহতীয়াকৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ধৰাশায়ী হোৱাৰ পিছতেই ইজনৰ পাছত সিজনকৈ নেতাই দলত্যাগ কৰা দেখা গৈছে । সেই ধাৰাৰেই আগবাঢ়িল সুস্মিতাও ।
ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিয়েই নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল সুস্মিতা দেৱে ৷ অনানুষ্ঠানিক এক আলোচনাত মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে অতি শীঘ্ৰেই সুস্মিতা দেৱে বিজেপি দলত যোগদান কৰিব ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ইংগিত বাস্তৱত পৰিণত হয় ৷
লগতে পঢ়ক: জালনোট চক্ৰই কিদৰে কাম কৰিছে অসমত ? সদনত বিৱৰণ পীযুষ হাজৰিকাৰ

