তেওঁ ঝালমুৰিৰে প্ৰতিশ্ৰুতি দিলে, মই তেওঁক ভেলপুৰী খুৱাম: মমতা বেনাৰ্জী
আকৌ ঝালমুৰি প্ৰসংগক লৈ সৰৱ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ভেলপুৰীৰে আপ্যায়ন কৰাৰ কথাৰে বিজেপিক সমালোচনা ।


Published : April 24, 2026 at 4:16 PM IST
কলকাতা: ঝালমুৰিৰ প্ৰসংগৰে গৰম হৈ উঠিছে পশ্চিম বংগৰ নিৰ্বাচনী বতাহ । বৰ্তমান সকলো সামজিক মাধ্যমত সঘনে চৰ্চাত থকা প্ৰসংগটো হ’ল প্ৰধানমন্ত্ৰী মোদীয়ে এখন সাধাৰণ দোকানৰ পৰা কিনি খালে ঝালমুৰি ৷ ইয়াকে লৈ পুনৰ সৰৱ হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । বৌবাজাৰত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিক তীব্ৰ সমালোচনা কৰি ঝাড়গ্ৰামত প্ৰধানমন্ত্ৰীয়ে ঝালমুৰি খোৱা কাৰ্যক নাটক আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা কৌশলক তীব্ৰ সমালোচনা কৰাৰ লগতে দোকানসমূহত চিচি টিভি কেমেৰা লগোৱাৰ প্ৰসংগও উত্থাপন কৰে । তেওঁ কয়,"তেওঁলোকে নিৰাপত্তাৰ নামত প্ৰথমৰ পৰাই টিভি কেমেৰা আৰু চিচি টিভি কেমেৰা স্থাপন কৰিছিল । সুৰক্ষাৰ বাবে ঘৰৰ পৰাই ঝালমুৰি তৈয়াৰ কৰি নি দোকানীক ১০ টকা দিছিল । আচলতে মই নিজৰ লগত নোট নাৰাখোঁ ।"
বিজেপিক লক্ষ্য কৰি মমতাই কয়,"তেওঁ কৈছিল যে তেওঁ জয়ী হ'লে ঝালমুৰি খাব, কিন্তু মই কওঁ যে মই তোমাক দিল্লীৰ ভেলপুৰি খুৱাম । প্ৰথমতে তেওঁ চাহ বেপাৰী হৈ দেখুৱালে আৰু এতিয়া নিৰ্বাচনত জয়ী হ'বলৈ ঝালমুৰি দেখুৱাইছে ।"
মুখ্যমন্ত্ৰীগৰাকীয় কয়,"আমাৰ জলা ঝালমুৰি খোৱাৰ অভ্যাস আছে, কিন্তু আপুনি কেতিয়াবা মাছ আৰু মুৰ্গী মাংসৰ তৰকাৰী খাইছে ? মই ঢৌকলা খাওঁ, দ'ছা খাওঁ, লিট্টি খাওঁ, ঠেকুৱা খাওঁ, চাটু খাওঁ । মই ঈদত চেৱৈ খাওঁ, হালোৱা খাওঁ । মোক ধৰ্ম শিকাবলৈ নাহিব । "
ইফালে আগন্তুক দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে ২৩ এপ্ৰিলত সম্পন্ন হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ বিজেপিৰ আত্মবিশ্বাসক লৈ প্ৰশ্ন উত্থাপন কৰে মমতা বেনাৰ্জীয়ে । তেওঁ কয়,"তেওঁলোকে ভোটিং মেছিনত কিবা খেলিমেলি কৰিছে নেকি ? নহ'লে তেওঁলোক ইমান আশ্বস্ত কেনেকৈ হ'ব পাৰে ? তেওঁ লগতে কয় যে এই নিৰ্বাচনত বংগৰ লোকসকলৰ অধিকাৰৰ বাবে এটা ভোট হ'ব ।
ইয়াৰ পূৰ্বে পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক চোকা সমালোচনা কৰি কয় যে তেওঁৰ ঝালমুৰিয়ে শাসকীয় দলটোক মোক্ষম আঘাত হানিছে । অনুপ্ৰৱেশকাৰীক আশ্ৰয় আৰু জংগলৰাজক উৎসাহ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী মোদীয়ে মটুৱা আৰু নমশূদ্ৰ সম্প্ৰদায়ক সকাহ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হ'ব ।
কৃষ্ণানগৰৰ এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,"সম্পূৰ্ণ শক্তিৰে বিজেপি-এনডিএৰ বিজয়ৰ পতাকা উৰুৱাব লাগিব । ৪ মে'ত বংগত বিজেপিৰ বিজয়ৰ আনন্দ উৎসৱ হ'ব, মিঠাইয়ো বিলোৱা হ'ব, ঝালমুৰিও বিলোৱা হ'ব । ঝালমুৰিয়ে কিছুমানক মোক্ষম আঘাত হানিছে । ঝালমুৰি মই খালো, কিন্ত তাৰ ঝাল তৃণমূল কংগ্ৰেছত লাগিছে ।"

