ETV Bharat / politics

কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল ! গৌৰৱে চেঁচাপানী ঢালি দিলে আজমলৰ আশাত

গৌৰৱ গগৈৰ ঘোষণা- ২০২৬ ত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ সম্ভাৱনা শূন্য ।

Congress AIUDF alliance
কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 5:58 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰে মিত্ৰতাৰ সম্ভাৱনা শূন্য ৷ সাংসদ বদৰুদ্দিন আজমলৰ শেষ আশাত চেঁচাপানী ঢালি মুকলি ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ । লগতে ২০ তাৰিখে প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন— ছয়মাহত জনজাতিকৰণ কিয় নহ’ল প্ৰধানমন্ত্ৰীয়ে তাৰ উত্তৰ দিয়ক । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় ৷

এ আই ইউ ডি এফ-কংগ্ৰেছৰ মিত্ৰতাৰ কোনো সম্ভাৱনা নাই

এ আই ইউ ডি এফ-কংগ্ৰেছৰ মিত্ৰতাৰ শূন্য শতাংশও আশা নাই: গৌৰৱ গগৈ (ETV Bharat Assam)

বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা ভংগ কৰা কেইবা বছৰো হ’ল কংগ্ৰেছৰ । কিন্তু ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে কিছু পৰিমাণে হ’লেও আশা কৰিছিল । যোৱা সোমবাৰে আজমলে বিহাৰ নিৰ্বাচনৰ ফলাফললৈ আঙুলিয়াই কংগ্ৰেছলৈ সতৰ্কবাণী শুনাইছিল ৷ আজমলে বৰপেটাত ৰাজহুৱা মন্তব্য কৰিছিল, “বিহাৰত আছাদুদ্দিন ওৱেইছিৰ সৈতে মিত্ৰতা হোৱা হ’লে কংগ্ৰেছে ৩০-৪০টা ছীট পালেহেঁতেন । এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নহ’লে অসমত কংগ্ৰেছৰ ফলাফল বিহাৰতকৈয়ো বেয়া হ’ব ৷”

অৰ্থাৎ কালিলৈকে বদৰুদ্দিন আজমলে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ শেষ আশা এটা ৰাখিছিল ৷ কিন্তু আজমলৰ শেষ আশাত চেঁচাপানী ঢালি গৌৰৱ গগৈৰ ঘোষণা যে ২০২৬ত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ সম্ভাৱনা শূন্য । এই লৈ গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত বুজাবুজি, মিত্ৰতা বা আন তেনে কথাৰ চৰ্চা হোৱাৰ সম্ভাৱনা শূন্য । শূন্য শতাংশ চান্স যে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতা, ৰাজনৈতিক বুজাবুজি বা কিবা চুক্তি হোৱাৰ সম্ভাৱনা আছে ।”

আনহাতে, অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব ৷ মোদীৰ অসম ভ্ৰমণক লৈয়ো গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ সৰৱ হৈ পৰে গৌৰৱ গগৈ । গৌৰৱ গগৈয়ে কয়, “প্ৰধানমন্ত্ৰীয়ে ছয়মাহত জনজাতিকৰণ কিয় নহ’ল তাৰ উত্তৰ দিয়ক ? ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপনৰ পিছতো কিয় গৃহীত নকৰিলে তাৰ উত্তৰ দিব লাগিব প্ৰধানমন্ত্ৰীয়ে ৷”

Congress AIUDF alliance
এ আই ইউ ডি এফ-কংগ্ৰেছৰ মিত্ৰতাৰ শূন্য শতাংশও আশা নাই: গৌৰৱ গগৈ (ETV Bharat Assam)

নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত

"বিজেপিয়ে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰি আছে ৷" নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ন্যায়ালয়ে খাৰিজ কৰা ৰায় সন্দৰ্ভত এই মন্তব্য গৌৰৱ গগৈৰ । গৌৰৱ গগৈয়ে কয়, “নেচনেল হেৰাল্ড কেছক লৈ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ অপচেষ্টা এয়া । ক'ৰ্টৰ পৰা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে যি FIR দিয়া হ’ল, গোটেইটো আজি ক'ৰ্টে ৰিজেক্ট কৰিছে । ইয়াৰ পৰি বুজা যায় যে দিল্লীত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক বিজেপিয়ে ভয় কৰে ৷ অসমতো কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন দেখি দিছপুৰত বিজেপিয়ে ভয় খাইছে ।”

ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গৌৰৱ গগৈয়ে কয় যে চলিত মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ ৷ গগৈয়ে কয় যে এখন নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছৰ এই কাৰ্যসূচী ৷ ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব ।

কেতিয়া হ’ব বিৰোধীৰ আসন বুজাবুজি

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহমান বাকী যদিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত কোনো অগ্ৰগতি দেখা পোৱা হোৱা নাই । তাকে লৈ কংগ্ৰেছলৈ বিৰোধী আন দলসমূহৰ, বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আহ্বান যে যিমান পাৰি সোনকালে বিৰোধীয়ে আসনৰ বুজা-পৰা কৰি মিত্ৰতাৰ পৰ্ব সমাপ্ত কৰিব লাগে ।

কেতিয়া হ’ব বিৰোধীৰ মিত্ৰতা ? সাংবাদিকৰ এই প্ৰশ্নৰ কৌশলী উত্তৰ গৌৰৱ গগৈৰ, “সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত আলোচনা নহয় ৷ ইতিমধ্যে আসন বুজাবুজিৰ সন্দৰ্ভত দলৰ মজিয়াত আলোচনা হৈছে ৷ বিজেপিয়েওতো এতিয়ালৈ মিত্ৰতাৰ কথা ঘোষণা কৰা নাই ।"

গৌৰৱৰ পাক সংযোগৰ SIT তদন্ত প্ৰসংগ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিলৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোচৰত ধৰিব চৰকাৰে । কেৱল সেয়াই নহয়, কেন্দ্ৰীয় কোনো সংস্থালৈ হস্তান্তৰ কৰা হ’ব গৌৰৱ গগৈৰ পাক লিংকৰ তদন্তৰ দায়িত্ব । এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই লৈয়ো গৌৰৱ গগৈৰ মন্তব্য, “মুখ্যমন্ত্ৰী ডাঙৰীয়া সংকটত আছে । তেওঁ এইবাৰ তেওঁৰ মুখ্যমন্ত্ৰীৰ আসন যে যাব নিশ্চিত হৈছে ৷ কোনো প্ৰমাণ নাই ৷ পৰৱৰ্তী দিনত তেওঁৰ বিৰুদ্ধে গোচৰ হ’ব । তেওঁ ক'ৰ্টলৈ যাব লাগিব । সেয়ে তেওঁ চিন্তাত আছে ৷ হাতত একো তথ্য নাই । সেয়ে বছৰটোজুৰি একেবোৰ কথাকে কৈ থাকে ৷”

লগতে পঢ়ক :আজমলে ভংগ কৰিব এ আই ইউ ডি এফ ! তাৰ বাবে কংগ্ৰেছক দিলে চৰ্ত
লগতে পঢ়ক :কংগ্ৰেছ এৰি ধৰ্মীয় সংখ্যালঘুৰ সোঁত বিজেপিলৈ: ভৱানীপুৰ-সৰভোগ সমষ্টিলৈ উভতিব নেকি ৰণজিৎ কুমাৰ দাস ?