আনুষ্ঠানিক আলোচনা নোহোৱা বাবে সমষ্টিৰ কথা খাটাংকৈ ক'ব পৰা হোৱা নাই : অতুল বৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰিন্দম বুঢ়াগোহাঁইৰ লগতে ছাত্ৰ একতা সভাৰ বিভিন্ন পদত সেৱা আগবঢ়োৱা বহু যুৱকে আজি অগপত যোগদান কৰে ।

Published : February 24, 2026 at 7:35 PM IST
গুৱাহাটী : নিৰ্বাচনলৈ আৰু বেছিদিন নাই যদিও বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই । যাৰ বাবে অগপই কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব সেই কথা এতিয়াও খাটাংকৈ ক'ব পৰা নাই । এই কথা স্বীকাৰ কৰিছে খোদ অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই । মঙলবাৰে গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত অগপৰ সভাপতি অতুল বৰাই এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত আসন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয়, "আমাৰ ছৰ্ভে চলি আছে আৰু জিকাৰ সম্ভাৱনা কথা সমষ্টিৰ কথা আমি ভাবিম । বিজেপিৰে আমাৰ অনানুষ্ঠানিকভাৱে আলোচনা হৈছে যদিও আনুষ্ঠানিক আলোচনা হোৱা নাই । আনুষ্ঠানিক আলোচনা হ'লে সকলোৱে গম পাব । সমষ্টিৰ সংখ্যা হিচাপত মই উত্তৰ নিদিওঁ । আলোচনা হোৱাৰ পিছত আমি যৌথভাৱে সংবাদমেল দিম আৰু তাতে সকলো স্পষ্ট হৈ যাব । তেতিয়ালৈকে আপোনালোকে ধাৰণাৰ ওপৰত লিখি থাকক । সেইটো আমাৰ কাৰণে বেয়া নহয় ।"
মন্ত্রীগৰাকীয়ে কয়, "নিৰ্বাচনৰ দিন চমু চাপি আহিছে । পূৰ্বতে আমি অলপ সোনকালে নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি ভাবিছিলো যদিও নিৰ্বাচন আয়োগ ইয়ালৈ অহাৰ পিছত আমাৰ এটা ধাৰণা হৈছে যে দ্বিতীয় সপ্তাহৰ শেষৰফালে হয়তো ঘোষণা হ'ব পাৰে । ঘোষণা হোৱাৰ পিছতো আমি কমেও ২৪ দিন সময় পাম । আমাৰ হাতত সময় যথেষ্ট আছে । নিৰ্বাচনত মিত্রতাৰে অৱতীৰ্ণ হোৱাৰ কথাটো আমি ইতিমধ্যে উল্লেখ কৰিছো । আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ সমষ্টিত অৱতীৰ্ণ হ'ম সেইকথা ক'ব পৰা হোৱা নাই । আমাৰ দলৰ সাংগঠনিক ভেটি য'ত ভাল হৈ আছে সেইবোৰত আমি অলপ অগ্ৰাধিকাৰ দি ইতিমধ্যে কাম-কাজৰ গতি বৃদ্ধি কৰা হৈছে । আমি নিশ্চিত যে তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ হ'ব ।"
যুৱশক্তি ~ সমাজৰ চালিকাশক্তি!
— Atul Bora (@ATULBORA2) February 24, 2026
অসম গণ পৰিষদৰ নীতি-আদৰ্শৰ প্ৰতি যুৱপ্ৰজন্ম নিৰৱচ্ছিন্নভাৱে আকৰ্ষিত হোৱাটো জাতিটোৰ ভৱিষ্যতৰ বাবে ইতিবাচক বতৰা…
অসমী আইৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম গণ পৰিষদ দলে প্ৰতিষ্ঠাকালৰেপৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ… pic.twitter.com/zYOxn8HGVr
বিজেপিয়ে ৮০ খন আসনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, "২০১৬ চনত দুই-এটাত বন্ধুত্বমূলক ৰাখি ৩১ খন আসনত নিৰ্বাচন খেলিছিলো । ২০২১ চনত আমি ২৯ খন আসনত খেলিছো । গতিকে ৮০ টাৰ লগত এইকেইটা যোগ কৰিলে সিমানেই হ'ব । কিবা হ'ব ভালেই হ'ব ।"
আসনক লৈ মিত্রদলৰে হোৱা বাদানুবাদৰ সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, "এইবোৰ থাকিবই । নিৰ্বাচন আহিলে এইবোৰ হয় । আগতেও হৈছিল । ইয়াত অস্বাভাৱিকতা একো নাই । সেইবোৰ আলাপ-আলোচনাৰ মাজত ঠিক হয় । এনেকুৱা আগতেও হৈছে । অগপ বিজেপিৰ পুৰণা মিত্র । তেওঁলোকৰ লগত আলোচনা কৰাৰ অভিজ্ঞতা অগপৰ আছে । বিজেপিৰো আছে । সেইবাবে তেওঁলোকে সেইদৰে কৈছে আৰু আমি এইদৰে কৈছো । কেইদিন মান দেখিব সকলো ভাল হৈছে ।"

অগপ নেতা জয়নাথ শৰ্মা টিকট বিচাৰি বিজেপিৰ কাৰ্যালয়লৈ যোৱা সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, "মিত্রদলৰ কাষলৈ যোৱাত কি ডাঙৰ কথা আছে । তেখেতে টিকট বিচাৰি যোৱা বুলি কোৱা নাই । সদায় আমি একেলগে থাকো ।"
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰনেতাকে ধৰি শতাধিক উচ্চশিক্ষিত যুৱকৰ অগপত যোগদান
অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰিন্দম বুঢ়াগোহাঁইৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিভিন্ন পদত সেৱা আগবঢ়োৱা বহু যুৱক তথা অসমৰ বিভিন্ন বিধানসভা সমষ্টিৰ শতাধিক যুৱকে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই নতুনকৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই কয়, "অসমৰ জাতি-মাটি-ভেটিৰ সুৰক্ষা, স্বাভিমান ৰক্ষা আৰু সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰ দিশত অগপ সদায় প্ৰতিশ্ৰুতিবদ্ধ । এই আদৰ্শক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে অগপত যোগদান কৰাটো কেৱল সংখ্যাগত বৃদ্ধি নহয়, ই হৈছে আদৰ্শৰ প্ৰতি আস্থাৰ স্পষ্ট প্ৰকাশ । এই নতুন শক্তি আৰু সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাই অগপক অনাগত দিনত অধিক শক্তিৱন্ত কৰি তুলিব ।"

তেওঁ লগতে কয়, "ৰাইজৰ সমৰ্থন, কৰ্মীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টা আৰু শক্তিশালী সংগঠন, এই তিনিটা স্তম্ভৰ ওপৰত ভৰি দি অগপই আগন্তুক দিনত অসমৰ স্বাভিমান আৰু অধিকাৰৰ ৰাজনীতি অধিক শক্তিশালীৰূপে প্ৰতিষ্ঠা কৰি যাব ।"

আনহাতে দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নতুন সদস্যসকলক স্বাগতম জনাই কয়, "এনে উচ্চ শিক্ষিত যুৱ সমাজৰ অগপৰ প্ৰতি বৃদ্ধি পোৱা আকৰ্ষণে দলটোক অধিক শক্তিশালী কৰিব । অগপ দলৰ নীতি-আদৰ্শ, আঞ্চলিক স্বাৰ্থৰ সুৰক্ষা আৰু জনসাধাৰণৰ অধিকাৰৰ পক্ষে অৱস্থানেই আজিৰ যুৱ সমাজক আকৃষ্ট কৰিছে । অসমৰ অধিকাৰ, পৰিচয় আৰু স্বাভিমান অক্ষুণ্ণ ৰাখি এক শক্তিশালী, সমৃদ্ধ আৰু স্বাৱলম্বী অসম গঢ়াৰ লক্ষ্যৰে সকলোৱে একেলগে আগুৱাই যাব লাগিব ।" দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, সদস্যসকল উপস্থিত আছিল ।

