ETV Bharat / politics

গুৱাহাটীৰ চাৰিটা সমষ্টিত বিজেপিৰ দাবীদাৰ বহুজন : কোনে পাব প্ৰাৰ্থিত্ব, চলিছে অঘোষিত প্ৰতিযোগিতা

দিছপুৰত অতুল বৰা, নিউ গুৱাহাটীত সিদ্ধার্থ ভট্টাচাৰ্যৰ বিপৰীতে আছে কোন ? চেণ্ট্ৰেল গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিৰুদ্ধে আছে বহুজন । ডিমৰীয়াক দিব নেকি মিত্রদলক ?

Assam Assembly Elections 2026
গুৱাহাটীৰ চাৰিটা সমষ্টিত বিজেপিৰ দাবীদাৰ বহুজন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 9:11 PM IST

11 Min Read
Choose ETV Bharat

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ । বিশেষকৈ প্রার্থিত্বকেন্দ্ৰিক হিচাপ-নিকাচ আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত । কোনো এটা দলেই এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই । বিশেষকৈ শাসকীয় দল বিজেপিৰ মজিয়াত টিকটকেন্দ্ৰিক তৎপৰতা আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে । শাসকীয় দলটোৱে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতিৰে পৰিকল্পিতভাৱে নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে যদিও এতিয়াও প্ৰাৰ্থিত্বৰ ছবিখন স্পষ্ট কৰা নাই । যাৰ ফলত উৎকণ্ঠাৰ মাজতে সমষ্টিয়ে সমষ্টিয়ে প্রার্থিত্ব প্রত্যাশীসকলে ৰাইজৰ মাজলৈ গৈ নিজৰ গ্রহণযোগ্য প্রতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সমষ্টিসমূহতো প্রার্থিত্ব প্রত্যাশীয়ে ব্যাপক কুচকাৱাজ চলাই আছে ।

লক্ষণীয় বিষয় যে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩০ শতাংশ নতুন মুখৰ প্ৰাৰ্থী দিবলৈ যো-জা চলাইছে । বিজেপিয়ে আৰ এছ এছৰ ৰণকৌশল অনুসৰিয়ে ৩০ শতাংশ নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ চিন্তা-চৰ্চা চলাইছে । আনহাতে পাৰদৰ্শিতা প্রদর্শন কৰিব নোৱাৰা তথা গণভিত্তি হেৰুওৱা বিধায়কক পুনৰ প্রার্থিত্ব নিদিয়াৰ বাবেও মনস্থ কৰিছে বিজেপিৰ নেতৃত্বই । এনে প্রেক্ষাপটতে এতিয়া প্রার্থিত্বক লৈ আশাবাদী হৈ উঠিছে নতুন মুখৰ টিকট প্রত্যাশীসকল । যাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে নতুন মুখৰ পয়োভৰ ঘটিছে । এই প্ৰতিবেদনত কামৰূপ মহানগৰ জিলাৰ সমষ্টিকেইটাৰ ওপৰত প্ৰস্তুত কৰা হৈছে ।

Assam Assembly Elections 2026
দিছপুৰৰ বিধায়ক অতুল বৰা (ETV Bharat)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ ৰূপৰেখা :

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যৰ সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে যদিও সীমাৰ ব্যাপক সালসলনি ঘটিল । তদুপৰি বহু সমষ্টিৰ বিলুপ্তি ঘটাৰ লগতে কেইবাটাও নতুন সমষ্টি হ'ল । কামৰূপ মহানগৰ জিলাত পূৰ্বতে ৪ টা বিধানসভা সমষ্টি ক্ৰমে দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টি আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ ৰেহৰূপ সলনি হোৱাৰ লগতে সমষ্টিৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে । নতুনকৈ ডিমৰীয়া সমষ্টি হ'ল আৰু সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত । আনহাতে পূব গুৱাহাটী সমষ্টি নোহোৱা হৈ নিউ গুৱাহাটী সমষ্টি হ'ল । সেইদৰে পশ্চিম গুৱাহাটী সমষ্টি নোহোৱা হৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি হ'ল । পূৰ্বৰ জালুকবাৰী সমষ্টি একেই থাকিল যদিও সীমাৰ সালসলনি হ'ল ।

তিনি বিধায়কৰ সন্মুখত প্ৰত্যাহ্বান :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আধাৰত নতুনকৈ গঠিত দিছপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক অতুল বৰাই পুনৰ প্রার্থিত্ব লাভ কৰিব নে নাই তাকলৈ ব্যাপক চৰ্চা চলিছে । একেদৰে পূব গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যই নতুনকৈ হোৱা নিউ গুৱাহাটীত এইবাৰ প্ৰাৰ্থিত্ব পাব নে নাই তাক লৈও চৰ্চা চলিছে । ইফালে পশ্চিম গুৱাহাটীৰ বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব পাব নে নাই সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে । মিত্রদল অগপক এইবাৰ চেণ্ট্ৰেল গুৱাহাটী বিজেপিয়ে এৰি দিব নে নাই তাক লৈ ব্যাপক চৰ্চা চলিছে । বিজেপিয়ে আসনখন এৰি নিদিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হ'ব পাৰে । বিজেপিয়ে নতুনকৈ হোৱা ডিমৰীয়া সমষ্টি এৰি দিব পাৰে মিত্রদল অগপক । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰা প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিত শাসকীয় দলৰ কোনো টিকট প্ৰত্যাশী নাই ।

Assam Assembly Elections 2026
পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য (ETV Bharat)

দিছপুৰ সমষ্টিত বিজেপিৰ চৰ্চা :

ৰাজ্যৰ অন্যতম সন্মানীয় দিছপুৰ সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়ক অতুল বৰাৰ সমান্তৰালকৈ প্রার্থিত্ব বিচাৰি কুচকাৱাজ অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন উপ-সভাপতি জয়ন্ত দাসৰ লগতে মানস বৰা, ৰঞ্জিত মজুমদাৰ, জয়ন্ত ডেকা, জানকী খাউণ্ড, উমি ডেকা বৰুৱা, কংকণা গোস্বামী, আশিস ভৰালী প্ৰমুখ্যে নেতা আৰু বিষয়ববীয়াসকলে । ইফালে প্ৰাৰ্থিত্ব বিচাৰি জয়ন্ত দাসে বাজপেয়ী ভৱনত আবেদনো কৰিছে । সমষ্টিটোত প্রার্থিত্ব প্রত্যাশীসকলে ইতিমধ্যে ভোটাৰৰ মাজলৈ গৈ সভা-সমিতি আদি অনুষ্ঠিত কৰি ৰাইজৰ পৰা সমৰ্থন আদায় কৰাৰ বাবে অঘোষিত প্রতিযোগিতাত নামিছে । বিশেষকৈ জয়ন্ত দাস আৰু মানস বৰাই যুদ্ধংদেহিভাৱে নামিছে ৰণক্ষেত্ৰত । প্রার্থিত্ব প্রত্যাশীসকলে এইদৰে অতুল বৰাৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও অৱশ্যে অন্তিম মুহূৰ্তত কাৰ ভাগ্য উদয় হয় সেয়া হ'ব বিশেষভাৱে লক্ষণীয় ।

Assam Assembly Elections 2026
দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)

নিউ গুৱাহাটীত তীব্ৰ প্ৰত্যাহ্বান :

অনুৰূপ পৰিস্থিতি বিৰাজ কৰিছে নিউ গুৱাহাটী সমষ্টিত । পূৰ্বৰ পূব গুৱাহাটী সমষ্টি খণ্ড-বিখণ্ড কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ আধাৰত গঠন কৰা হৈছে নিউ গুৱাহাটী সমষ্টি । পূব গুৱাহাটীৰ বৰ্তমানৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য এইবাৰ নিউ গুৱাহাটীৰ প্রবল দাবীদাৰ যদিও ভট্টাচাৰ্যৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি প্রার্থিত্ব বিচাৰিছে জ্যেষ্ঠ নেতা ৰূপম গোস্বামীৰ উপৰিও যুৱ নেতা প্ৰণৱ লহকৰ, শশাংক ডেকা আৰু মহিলা নেত্রী অপৰাজিতা ভূঞাই । সমষ্টিটোৰ প্রান্তে প্রান্তে কুচকাৱাজ অব্যাহত ৰখা প্রার্থিত্ব প্রত্যাশীসকলে ভোটাৰৰ মাজলৈ গৈ তৃণমূল পৰ্যায়ত সভা-সমিতি আদিতো অংশ লৈছে । অৱশ্যে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্রী সিদ্ধার্থ ভট্টাচাৰ্যৰ প্রার্থিত্ব কৰ্তন কৰি গেৰুৱা দলটোৰ নেতৃত্বই সমষ্টিটোত নতুন মুখক টিকট দিয়ে নে নিদিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিছে প্রার্থিত্ব প্ৰত্যাশীসকলৰ ভৱিষ্যৎ ।

Assam Assembly Elections 2026
নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)

চেণ্ট্ৰেল গুৱাহাটীত তৎপৰ বহুজন :

আনহাতে পূৰ্বৰ পশ্চিম গুৱাহাটীক ৬ বাৰকৈ প্ৰতিনিধিত্ব কৰি অহা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে । কিন্তু মিত্রদল বিজেপিয়ে এইবাৰ সমষ্টিটো অগপক দিয়াৰ বিপৰীতে নিজা প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা কৰিছে । কাৰণ বিজেপিৰ বহু সংখ্যক নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । লক্ষণীয় বিষয় যে ২০২১ৰ নিৰ্বাচনৰ সময়ত পশ্চিম গুৱাহাটী সমষ্টিটো অগপক এৰি দিয়াত বিজেপিৰ তৃণমূলৰ কৰ্মীসকলে সমষ্টিটোৰ ঠায়ে ঠায়ে প্ৰতিবাদ কৰিছিল । সেয়ে এইবাৰ বিজেপিয়ে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত নিজে প্রতিদ্বন্দ্বিতা কৰি অগপক ডিমৰীয়া সমষ্টি প্ৰদানৰ সম্ভাৱনা আছে ।

Assam Assembly Elections 2026
চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)

ইতিমধ্যে বিজেপি নেতৃত্বই ইয়াৰ ইংগিতো প্ৰদান কৰিছে । চেণ্ট্ৰেল গুৱাহাটীত বিজেপিৰ টিকটৰ দাবীদাৰসকলৰ ভিতৰত আছে জ্যেষ্ঠ নেতা বিজয় গুপ্তা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, দেৱান ধ্রুৱজ্যোতি মৰল, মুকুতা ডেকা, জুৰি শৰ্মা বৰদলৈ, অশোক ভৰালী, পূৰবী ৰয়কে ধৰি কেইবাগৰাকী কাৰ্যকৰ্তা । প্রার্থিত্ব প্ৰত্যাশীসকলে ইতিমধ্যে সমষ্টিটোৰ ঠায়ে ঠায়ে সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে বাটে-ঘাটে নিজৰ সমৰ্থনত ব্যাপক হাৰত বেনাৰ পোষ্টাৰ লগাইছে ।

দীৰ্ঘদিন ধৰি ৰাজ্যিক বিজেপিৰ সংবাদ সম্পর্ক বিভাগৰ দায়িত্ব গ্ৰহণ কৰি অহা ধ্ৰুৱজ্যোতি মৰল প্ৰাৰ্থিত্ব লাভৰ দৌৰত আগবাঢ়ি থকা বুলি চৰ্চা চলিছে । অৱশ্যে মৰলৰ সমান্তৰালকৈ প্ৰাৰ্থিত্ব লাভৰ বাবে তীব্ৰ যুঁজ দিছে জ্যেষ্ঠ নেতা বিজয় গুপ্তায়ো । সমান্তৰালকৈ জুৰি শৰ্মা বৰদলৈ আৰু পূৰবী ৰয়েও জোৰদাৰ প্ৰচাৰত নামিছে ।

নতুনকৈ হোৱা ডিমৰীয়া সমষ্টিত কুচকাৱাজ :

ইফালে নৱগঠিত ডিমৰীয়া সমষ্টিটো মিত্ৰতাৰ ভিত্তিত অগপক প্ৰদান কৰিলে সমষ্টিটোত প্রার্থিত্ব লাভৰ সম্ভাৱনা আছে আঞ্চলিক দলটোৰ যুৱনেতা ড৹ তপন দাসৰ । ড৹ তপন দাসে ইতিমধ্যে ডিমৰীয়াৰ চুকে-কোণে ব্যাপক নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । অৱশ্যে ডিমৰীয়াত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । বিজেপিৰ প্রার্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে নৱাৰুণ মেধি, বিজয় পাঠক, সুজিত বিশ্বাস, দিব্যজ্যোতি মেধিকে প্রমুখ্যে কেইবাগৰাকী নেতা । প্রার্থিত্বক লৈ গেৰুৱা দলটোৰ মজিয়াত এইদৰেই এতিয়া বিৰাজ কৰিছে অভাৱনীয় তৎপৰতা । অৱশ্যে শেষ মুহূৰ্তত শাসকীয় দলটোৰ কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া সময়েহে ক'ব যদিও বৰ্তমান প্রার্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে ।

Assam Assembly Elections 2026
ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat)

কামৰূপ মহানগৰ জিলাৰ ৫ টা সমষ্টিৰ ভোটাৰ :

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৪৯,৬৪৪ গ‍ৰাকী । খচৰা ভোটাৰ তালিকাৰ তুলনাত ভোটাৰৰ সংখ্যা ২৫,৯৩২ গৰ‍াকী হ্ৰাস পালে । হ্ৰাসৰ হাৰ ২.৪৭ শতাংশ । খচৰা ভোটাৰ তালিকাত আছিল ১০,৭৫,৫৭৬ গ‍ৰ‍াকী ভোটাৰ । কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১,২১৮ টা । মুঠ ১০,৪৯,৬৪৪ গৰ‍াকী ভোটাৰৰ ভিতৰত আছে ৫,০৫,৪২৯ জন পুৰুষ, ৫,৫৪,১৮৩ গৰাকী মহিলা আৰু ৩২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

৩৩ নং দিছপুৰ সমষ্টিৰ ভোটাৰ :

চূড়ান্ত ভোটাৰ তালিকা অনুসৰি দিছপুৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৩,১৭৬ গৰাকী । ইয়াৰে ১,১৭,০২৭ জন পুৰুষ, ১,২৬,১৩৭ গৰাকী মহিলা আৰু ১২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সমষ্টিটোত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । দিছপুৰ সমষ্টিৰ ভোটকেন্দ্ৰ সংখ্যা হৈছে ২৭২ টা । খচৰা ভোটাৰ তালিকাৰ তুলনাত সমষ্টিটোত ভোটাৰৰ সংখ্যা ৬৫৭০ গৰাকী কমিল ।

Assam Assembly Elections 2026
পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (ETV Bharat)

৩৪ নং ডিমৰীয়া সমষ্টিৰ (এছ চি) ভোটাৰ :

নতুনকৈ হোৱা অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৬,৯৪৯ গৰাকী । ইয়াৰে ১,০৫,৩৮৪ জন পুৰুষ, ১,১১,৫৫৯ গৰাকী মহিলা আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ডিমৰীয়া সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৬২ টা । খচৰা ভোটাৰ তালিকাৰ তুলনাত ডিমৰীয়া সমষ্টিত ভোটাৰৰ সংখ্য‍া ৪১৫০ গৰাকী হ্ৰাস পালে ।

৩৫ নং নিউ গুৱাহাটী সমষ্টিৰ ভোটাৰ :

নিউ গুৱাহ‍াটী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্য‍া হৈছে ১,৯১,৪৪৭ গৰাকী । ইয়‍াৰে ৯১,৩৯৮ জন পুৰুষ, ১,০০,০৪৫ গৰ‍কী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । নিউ গুৱাহাটী সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২১৯ টা । খচৰা ভোটাৰ তালিকাৰ তুলনাত নিউ গুৱাহাটী সমষ্টিত ভোটাৰৰ সংখ্য‍া ৪৫৬৯ গৰাকী হ্ৰাস প‍ালে ।

Assam Assembly Elections 2026
দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত দাস (ETV Bharat)

৩৬ নং গুৱাহ‍াটী চেণ্ট্ৰেল সমষ্টিৰ ভোটাৰ :

চেণ্ট্ৰেল গুৱাহ‍াটী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্য‍া হৈছে ১,৯১,৭৫৮ গৰাকী । ইয়‍াৰে ৯৩,৯৬৭ জন পুৰুষ, ৯৭,৭৮৮ গৰ‍কী মহিলা আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২১৮ ট‍া । খচৰা ভোটাৰ তালিকাৰ তুলনাত চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত ভোটাৰৰ সংখ্য‍া ৬৩৩৩ গৰাকী হ্ৰাস প‍ালে ।

৩৭ নং জালুকবাৰী সমষ্টিৰ ভোটাৰ :

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,০৬,৩১৪ গৰাকী । ইয়‍াৰে ৯৭,৬৫৩ জন পুৰুষ, ১,০৮,৬৫৪ গৰ‍কী মহিলা আৰু ৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । জালুকবাৰী সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোৰ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৪৭ ট‍া । খচৰা ভোটাৰ তালিকাৰ তুলনাত জ‍ালুকবাৰী সমষ্টিত ভোটাৰৰ সংখ্য‍া ৪৩১০ গৰাকী হ্ৰাস প‍ালে ।

লগতে পঢ়ক :ৰাইজৰ দলৰে মিত্রতাক লৈ অসহায় অনুভৱ গৌৰৱ গগৈৰ, মনৰ কথাৰে গৌৰৱে দিলে কিহৰ ইংগিত ?