পুৱা ৭ বজাৰ পৰা আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
স্বচ্ছ, নিকা আৰু সুৰক্ষিত নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ । ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।

Published : April 9, 2026 at 7:01 AM IST
গুৱাহাটী: বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ১২৬ টা সমষ্টিত অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে এই নিৰ্বাচনত । বৃহস্পতিবাৰে ইভিএমত বন্দী হ'ব এইসকল প্ৰাৰ্থীৰ ভাগ্য ।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি অসমৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫০,৫৪,৪৬৩ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে ১,২৫,৩১,৫৫২ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,২৫,২২,৫৯৩ গৰাকী ৷ আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩১৮ গৰাকী । এইবাৰ নতুনকৈ ভোটদান কৰিবলগীয়া ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ৬,৪২,৩১৪ গৰাকী ।
ৰাজ্যৰ সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৩১,৪৯০ টা । ইয়াৰ ভিতৰত ৩১,৪৮৬ টা মূল ভোটকেন্দ্ৰ আৰু ৪ টা সহায়ক ভোটকেন্দ্ৰ ৷ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোটগ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে ৷
আনহাতে প্ৰতিটো ভোটকেন্দ্ৰতে খোৱাপানী, জিৰণি কোঠা, শৌচালয়, দিব্যাংগসকলৰ বাবে হুইল চেয়াৰকে আদি কৰি ন্যূনতম সা-সুবিধা সুনিশ্চিত কৰা হৈছে । তদুপৰি ভোটাৰৰ শাৰীৰ আশে-পাশে বহিব পৰাকৈ বেঞ্চৰ ব্যৱস্থা কৰাৰ উপৰিও ম'বাইলসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
এই নিৰ্বাচনত মুঠ ১,৫১,১৩২ গৰাকী ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে ৷ আনহাতে ভোটগ্ৰহণৰ বাবে ৪১,৩২০ টা বেলট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰ'ল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে ৷ ইয়াৰ ভিতৰতে জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলগীয়া বেলট ইউনিট, কণ্ট্ৰ'ল ইউনিট, ভিভিপিএটি মেচিন অন্তৰ্ভুক্ত হৈ আছে । আনহাতে প্ৰয়োজন হ’লে নিয়োগ কৰিবলৈ ভোটগ্ৰহণ বিষয়াও সষ্টম কৰি ৰখা হৈছে ৷
এইবাৰ অসমৰ নিৰ্বাচনত মূল যুঁজখন হ'ব বিজেপি নেতৃত্বাধীন এনডিএ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ মাজত । নিৰ্বাচনী যুঁজৰ শীৰ্ষত আছে এনডিএৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকা, পল্লৱলোচন দাস, অতুল বৰা, কেশৱ মহন্তকে আদি কৰি কেইবাগৰাকীও নেতা । আনহতে বিৰোধী ঐক্যমঞ্চৰ গৌৰৱ গগৈ, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, দেবব্ৰত শইকীয়াকে আদি কৰি আন কেইবাগৰাকীও নেতাৰ নামো আছে চৰ্চাত ।
বিয়লি ৫ বজাত আনুষ্ঠানিকভাৱে অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৪ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে ৷

