ETV Bharat / politics

মঙলবাৰে নহয়, সোমবাৰে নিশাই আহি পাব প্ৰধানমন্ত্ৰী: মুখ্যমন্ত্ৰীসহ পাঁচৰ পৰা ছয়জনেহে মঙলবাৰে ল'ব শপত

হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্রী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৷

ASSAM CM OATH TAKING
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (IANS)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 1:40 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ/গুৱাহাটী : তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন আৰু ৰাজ্যপালৰ অনুমোদনৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ১২ মে'ত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মন্ত্রীসভাই শপত ল'ব ৷ অৱশ্যে ইটিভি ভাৰতৰ হাতত পৰা তথ্য মতে সোমবাৰে সম্পূৰ্ণ মন্ত্ৰীসভাখনে শপতগ্ৰহণ নকৰে ৷ মন্ত্ৰীসভাৰ আধিকাংশ পদ খালী ৰাখি মঙলবাৰে মুখ্যমন্ত্ৰীসহ পাঁচৰ পৰা ছয়জনেহে শপত লোৱাৰ সম্ভাৱনা আছে ৷ মন্ত্ৰীসভাৰ বাকী পদসমূহ সদ্যহতে খালী ৰখা হ'ব ৷

১২ মে'ৰ দিনৰ ১১ বজ‍াত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত শপতগ্ৰহণৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ শপতগ্ৰহণৰ পূৰ্বে বৰ্তমান চৰ্চাত থকা এটা বিষয় হৈছে কোনে কোনে লাভ কৰিব মন্ত্রীসভাত স্থান ৷ ১০২ গৰাকী বিধায়কৰ ভিতৰত বিধায়িনী দলৰ নেতা হিচাপে মুখ্যমন্ত্রীৰ দায়িত্ব ল'ব হিমন্ত বিশ্ব শৰ্মাই ৷ বাকী ১০১ গৰাকী বিধায়কৰ পৰা কোনে কোনে লাভ কৰিব মন্ত্রিত্ব ৷ শাসকীয় দল বিজেপিৰ লগতে মিত্রদল অগপ আৰু বিপিএফত বৰ্তমান এই প্ৰসংগ বিশেষভাৱে চৰ্চিত হৈ আছে ৷ সোমবাৰে খানাপাৰা খেলপথাৰত উপস্থিত হৈ মুখ্য়মন্ত্ৰীয়ে আয়োজনৰ বুজ লয়।

ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইটিভি ভাৰতক সোমবাৰে কয়, "আজি নিশা প্ৰধানমন্ত্ৰী আহি গুৱাহাটীত উপস্থিত হ’ব ৷ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি তেওঁ মঙলবাৰে পুৱা ১০ঃ৩০ মিনিটত আহি পোৱাৰ কথা আছিল যদিও সদ্যহতে তেওঁৰ কাৰ্যসূচীৰ কিছু সাল-সলনি ঘটিছে ৷ সেই অনুসৰি সোমবাৰে নিশা তেওঁ আহি গুৱাহাটীত উপস্থিত হ’ব আৰু নিশাটো কইনাধৰাত কটাই কাইলৈ পুৱা শপতগ্রহণ অনুষ্ঠানত ভাগ লৈ তেওঁ দিল্লীলৈ উভতি যাব ৷"

১২ মে'ৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ৷ আনহাতে উপস্থিত থাকিব এনডিএ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল ৷ তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি, ৰাজ্যৰ সত্রাধিকাৰসকল, বিজেপি আৰু অগপৰ বুথ কমিটীৰ সভাপতিসকল, ৰাজ্যৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকল উপস্থিত থাকিব ৷

শপতগ্ৰহণৰ ঐতিহাসিক অনুষ্ঠানত লক্ষাধিক লোকৰ সমাগম হ'ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷ নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ বাবে যুদ্ধকালীন প্রস্তুতিৰে খানাপাৰাত পেণ্ডেল নিৰ্মাণৰ কাম চলি আছে ৷ একেলগে তিনিটাকৈ পেণ্ডেল নিৰ্মাণ কৰা হৈছে ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিনে-নিশাই শ্রমিকসকলে কাম কৰি আছে ৷ সমগ্ৰ খেলপথাৰখনৰ লগতে চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

ইফালে ১২ মে'ৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ বাট-পথত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে য‍ান-বাহনৰ চলাচলত ক্ষেত্রত কেতবোৰ সাল-সলনি ঘটাইছে ৷ মুখ্যমন্ত্রীক বাদ দি মন্ত্রীসভাৰ সৰ্বাধিক সদস্য পদ হৈছে ১৮টা ৷ এইবাৰ মুখ্যমন্ত্রীসহ এনডিএৰ বিধায়ক নির্বাচিত হৈছে ১০২ জন ৷ ইয়াৰ ভিতৰত বিজেপি বিধায়কৰ সংখ্যাই ৮২ জন ৷ ইয়াৰ বিপৰীতে ১০ জনকৈ বিধায়ক নির্বাচিত হৈছে এনডিএৰ অংশীদাৰ দল ক্রমে অসম গণ পৰিষদ আৰু বিপিএফৰ পৰা ৷ এই সকলোৰে মাজৰ পৰা ১৮ জনক মন্ত্রীসভাত স্থান দিয়াটো স্বাভাৱিকতে এক প্রত্যাহ্বান বুলি বিজেপিৰ মজিয়াতে আলোচিত হৈছে ৷

অগপ দলৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, "তেওঁলোকৰ দলৰ পৰা কিমানজনক মন্ত্রিত্ব দিয়া হ’ব, সেয়া মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে এৰি দিছে ৷ এইবোৰ কথা ভিতৰুৱাকৈ আলোচনা কৰাৰ কথা ৷"

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ

চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন : দিলীপ শইকীয়া