মোৰ বিৰুদ্ধে শাসকীয় পক্ষই চলোৱা অপপ্ৰচাৰ অত্যন্ত দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া
বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে শাসকীয় পক্ষই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ।

Published : May 6, 2026 at 8:17 PM IST
গুৱাহাটী : "পদবী থাকক বা নাথাকক, ৰাইজৰ সেৱাত মই সদায় আছিলোঁ আৰু আগলৈকো একেই নিষ্ঠাৰে থাকিম ।" এই মন্তব্য দীৰ্ঘসময় ধৰি নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি এইবাৰ পৰাজিত হোৱা দেৱব্ৰত শইকীয়াৰ । বিগত ৫ বছৰ বিৰোধী দলপতিৰ আসনত থকা দেৱব্ৰত শইকীয়াই এইবাৰৰ নিৰ্বাচনত পৰাজিত হ'ল ।
বুধবাৰে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি তেওঁ কয়, "শাসকীয় পক্ষৰ পৰা মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই থকা হৈছে । শাসকীয় পক্ষৰ শৰ্মা উপাধিৰ এগৰাকী বিতৰ্কিত জ্যেষ্ঠ মুখপাত্ৰই প্ৰথমে আৰম্ভ কৰিলে যে মই আমাৰ আভ্যন্তৰীণ বৈঠকত লোকসভাৰ সাংসদ হ'ব বিচাৰি হুলস্থূল কৰা বুলি । তেনেকুৱা কোনো কথাই নাই । কালি মুখ্যমন্ত্রীয়ে মোক সাঙুৰি পুনৰ বিতৰ্কিত মন্তব্য দিছে । মই এইবিলাক বিষয়ত বেছি কথা ক'ব নিবিচাৰোঁ । আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক হতাশ কৰিবলৈ যি অপপ্ৰচাৰ আৰু হিটলাৰী কায়দা চলাইছে সেইটো মোৰ ক্ষেত্রত নচলিব ।"
তেওঁ লগতে কয়, "নিৰ্বাচনত পৰাজিত হ'লেও নাজিৰাবাসী ৰাইজৰ লগত মই সদায় থাকিম । যোৱা ১৫ বছৰ ধৰি আপোনালোকৰ প্ৰতিনিধি হিচাপে অসম বিধানসভাত আপোনালোকৰ মাত হৈ থিয় দিয়াৰ যি সুযোগ পালোঁ, সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি । শেহতীয়াকৈ মোৰ বিৰুদ্ধে শাসকীয় পক্ষই যি এক অপপ্ৰচাৰ চলাইছে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক । মই লোকসভা নিৰ্বাচনৰ টিকট বিচৰা বুলি যি উৰাবাতৰি বিয়পোৱা হৈছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন । 'গোৱেলছিয়ান' নীতিৰে মিছা কথা ১০০বাৰ কৈ সঁচা কৰিব বিচৰা এই 'হিটলাৰী' কায়দা মোৰ ক্ষেত্ৰত কেতিয়াও সফল নহ'ব । আমাৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলক হতাশ কৰিবলৈকে তেওঁলোকে এই অসাৰ কৌশল ৰচিছে, কিন্তু আমাৰ মনোবল অটুট আছে ।"
নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে নাজিৰাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাৰ সময়ত তেওঁ অনুভৱ ব্যক্ত কৰি কয়, "যোৱা ডেৰ দশকত গুৱাহাটী আৰু নাজিৰাৰ মাজত অহা-যোৱা কৰোঁতে কান্ধত যি এক গধুৰ দায়িত্ব আৰু মনত যি এক হেঁচা লৈ ফুৰিছিলো, আজি তাৰ পৰা অলপ সকাহ অনুভৱ কৰিছোঁ । নাজিৰাবাসীয়ে নিৰ্বাচিত কৰা নতুন বিধায়কগৰাকীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । মই আশাবাদী যে তেওঁ ৰাইজৰ আশা-আকাংক্ষা নিষ্ঠাৰে পূৰণ কৰিবলৈ সক্ষম হ'ব ।" শেষত তেওঁ কয় যে সত্যৰ সদায় জয় হ'ব ।
উল্লেখ্য যে ২০১১ চনৰ পৰা নাজিৰা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী দেৱব্ৰত শইকীয়াই এইবাৰ নিৰ্বাচনত পৰাজিত হয় । দেৱব্ৰত শইকীয়াক ৪৬,৭০১ ভোটৰ ব্যৱধানত পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোঁহায়ে ।
লগতে পঢ়ক :

