ETV Bharat / politics

কংগ্ৰেছৰ নাম সলনি কৰি মিঞা মুছলমানৰ নামত ৰাখিব লাগে: ভুৱন পেগু

৮০,১২৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰা ভুৱন পেগুক মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত সম্বৰ্ধনা ।

Newly elected MLA Bhuvan Pegu felicitated
জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত ভুৱন পেগুক সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 7:53 AM IST

|

Updated : May 6, 2026 at 9:36 AM IST

2 Min Read
Choose ETV Bharat

জোনাই: কংগ্ৰেছৰ নাম সলনি কৰি মিঞা মুছলমানৰ নামত ৰাখিব লাগে বুলি কটাক্ষ কৰিলে জোনাই বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ভুৱন পেগুৱে । কেৱল সেয়াই নহয়, বিজয়ৰ পিচতেই তিনি গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ভুৱন পেগু ।

জোনাই বিধানসভা সমষ্টিত বৃহৎ ভোটৰ ব্য়ৱধানত বিজয় সাব্য়স্ত কৰাৰ পিচতেই দলীয় সমৰ্থকসকলে ভুৱন পেগুক জনালে সম্বৰ্ধনা । মঙলবাৰে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত জোনাইৰ শতাধিক দল-সংগঠনে পেগুক সম্বৰ্ধনা জ্ঞাপন কৰে ।

জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত ভুৱন পেগুক সম্বৰ্ধনা (ETV Bharat Assam)

এই সম্বৰ্ধনা অনুষ্ঠানৰ পিচতেই নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অনুভৱ ব্য়ক্ত কৰি কয়, "জোনাইবাসী ৰাইজে মোক মৰম আশীৰ্বাদেৰে পুনৰ ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে অহা পাঁচ বছৰ ৰাইজে যাতে নিৰাশ নহয় তাৰ কাৰণে সদায় আন্তৰিকতাৰে জোনাই সমষ্টিৰ বাবে প্ৰচেষ্টা চলাম ।"

বৰ অসম কেৱল তিনি গগৈৰ নহয় :

লগতে তিনি গগৈ প্ৰসংগত পেগুৱে কয়, "গগৈ আমাৰ বিজেপি দলতো আছে । বৰ অসম কেৱল তিনি গগৈৰ নহয় । বৰ অসম বৰা, দলে, পেগু, বসুমতৰী গগৈ, বৰগোহাঞি, শৰ্মা, ফুকন, ডেকা সকলো জনগোষ্ঠীক লৈহে বৰ অসম । এক কথাত ক'বলৈ গ'লে তিনি গগৈয়ে বাংলাদেশী মিঞা মুছলমানক কেন্দ্ৰ কৰি বৰ অসম গঢ়িব খুজিছিলে, এই সপোন দিঠক নহ'ল ।"

তদুপৰি জোনাই সমষ্টিক লৈ ভৱিষ্যতে বহুত পৰিকল্পনা সন্দৰ্ভতো পেগুৱে মন্তব্য় কৰি কয়, "জোনাই সমষ্টিৰ জ্য়েষ্ঠ অভিজ্ঞ ব্যক্তি তথা সাংবাদিকৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ সৈতে এক আলোচনাত মিলিত হ'ম । উক্ত আলোচনাত জোনাই সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি ।"

Newly elected MLA Bhuvan Pegu felicitated
জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত ভুৱন পেগুক সম্বৰ্ধনা (ETV Bharat Assam)

ফেচবুকতহে চৰকাৰ বিৰোধীৰ :

ভুৱন পেগুৱে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয়, "দলৰ নাম সলনি কৰি মিঞা মুছলমানৰ নাম ৰাখিব লাগে ৷ ফেচবুকত চৰকাৰ বনোৱা বিৰোধী মিত্ৰজোঁটক এইবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে নাকচ কৰিছে ।"

৮০,১২৪ টা ভোটৰ ব্যৱধানত জয়লাভ :

৮০ নং জোনাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৱে ১,২৮,৯৪০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে ৪৮,৮১৬ টা ভোট লাভ কৰে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৮০,১২৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। জোনাই সমষ্টিত নোটাত ২৩৯৭ টা ভোট পৰিল ।

লগতে পঢ়ক:বিজেপি-অগপৰ মিত্ৰতা হোটেল আৰু ৰিজ'ৰ্টৰ মিত্রতা নহয় বুলি কংগ্ৰেছলৈ বাক্যবান দিলীপ-অতুলৰ

পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ: শনিবাৰে নৱ-নিৰ্বাচিত বিধায়ক-পৰাজিত প্ৰাৰ্থীৰ সৈতে মন্থন

Last Updated : May 6, 2026 at 9:36 AM IST