ETV Bharat / politics

বাধা প্ৰদানৰ নামত কংগ্ৰেছ কৰ্মীক আক্ৰমণ আৰক্ষীৰ, এজাহাৰ দাখিল

কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ । ভঙাগড় থানাত এজাহাৰ দাখিল ।

The incident of attacking Congress workers condemned by the Pradesh Congress
কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 7:29 AM IST

|

Updated : February 22, 2026 at 7:44 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মীয়ে প্ৰতিবাদ জনোৱাৰ নামত কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বেনাৰ-প'ষ্টাৰ ফালি অগণতান্ত্ৰিক পৰম্পৰা আৰম্ভ কৰা কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে এক বিবৃতিত ভাৰতীয় যুৱ মৰ্চাৰ একাংশ কৰ্মীয়ে প্ৰতিবাদৰ নামত কৰা উদ্ভণ্ডালিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু এয়া গণতন্ত্ৰৰ পৰিপন্থী বুলি উল্লেখ কৰে ।

এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও ৰহস্যজনক বুলি উল্লেখ কৰি গগৈয়ে কয়, "অসম আৰক্ষীয়ে শাসকীয় দল বিজেপিৰ সুৰক্ষা বাহিনীৰ ৰূপতহে অৱতীৰ্ণ হোৱা দেখা গৈছে । ৰাজীৱ ভৱনত থকা কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে বাধা প্ৰদানৰ নামত মাৰপিট কৰা ঘটনা গৰিহণাৰ যোগ্য ।"

একেটা বিবৃতিতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "এজন আৰক্ষী বিষয়াই কংগ্ৰেছ দলৰ সামাজিক মাধ্যম বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল কলিতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাতো ভিডিঅ’ত স্পষ্ট হৈছে । আৰক্ষীৰ এই আক্ৰোশমূলক ঘটনাই মানৱ অধিকাৰ উলংঘা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিব লাগে ।"

The incident of attacking Congress workers condemned by the Pradesh Congress
APCC ৰ বিবৃতি (ETV Bharat Assam)

ৰাজীৱ ভৱনত আক্ৰমণ চলাবলৈ অহা গুণ্ডাবাহিনীক বাধা দিব নোৱৰা আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাই আৰক্ষীৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে বুলিও বৰাই উল্লেখ কৰে । ইফালে, অসম প্ৰদেশ যুৱ কংগ্ৰেছ আৰু আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা কংগ্ৰেছ নেতা ৰাতুল কলিতাই শনিবাৰে সন্ধিয়াৰ ভাগত ভঙাগড় আৰক্ষী থানাত পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে ।

উল্লেখ্য যে, দিল্লীৰ AI সন্মিলনত যুৱ কংগ্ৰেছীয়ে কৰা প্ৰতিবাদৰ বিৰোধিতা কৰি শনিবাৰে দিনৰ ভাগত ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছিল । সেই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ ওলাই আহিছিল কংগ্ৰেছ কৰ্মীসকল । কিন্তু সেই সময়তে কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত জপিয়াই পৰে আৰক্ষী বাহিনী ।

লগতে পঢ়ক: প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ আহি লাঠিৰ কোব খালে কংগ্ৰেছ কৰ্মীয়ে

ৰাজনৈতিক মিত্রতা ভবাৰ দৰে সৰল অংক নহয়, জটিল : অসম জাতীয় পৰিষদ

Last Updated : February 22, 2026 at 7:44 AM IST