বিজেপিক খেদিবলৈ ঐক্যবদ্ধ হ'ল বিৰোধী
২০২৬ ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজিব বিৰোধী শক্তিয়ে । গৌৰৱ গগৈৰ আহ্বানত প্ৰথমখন বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Published : November 12, 2025 at 9:14 PM IST
গুৱাহাটী: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ২০২৬ৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'ব বিৰোধী শক্তি । বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ঐক্যবদ্ধ হ'ল বিৰোধী ৰাজনৈতিক দলসমূহ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আহ্বানক্ৰমে বুধবাৰে অনুষ্ঠিত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
উল্লেখ্য যে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । বিশেষকৈ বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধীৰ মাজত আৰম্ভ হৈছে বিশেষ তৎপৰতা । আৰম্ভ হৈছে বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ । এইবাৰ বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰাৰ বাবে উদ্যোগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে ।
তাৰেই অংশ হিচাপে গৌৰৱ গগৈৰ আহ্বানত বুধবাৰে সন্ধিয়া অসম বিধানসভাৰ প্ৰেক্ষাগৃহত বিৰোধী দলসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত বিৰোধীৰ এইখন প্ৰথমখন বৈঠক । বৈঠকত প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্রত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সুশান্ত তালুকদাৰ, কনক গগৈ, বিক্ৰম হাঞ্চেকে ধৰি বাওঁপন্থী দল আৰু বিৰোধী আন কেইবাটাও দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘আজি আমি এটা গুৰুত্বপূৰ্ণ মত-বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ । বহুদিনৰ পৰা আমাৰ সকলোৰে ব্যক্তিগত হেঁপাহ আছিল যে আমি একেলগ হৈ কিছু কথা পাতো । আজি আমি সকলো মিলিত হ'লোঁ । আমাৰ নিমন্ত্রণ ৰক্ষা কৰি অহা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।’’
তেওঁ লগতে কয়, ‘‘আজি আমি বিভিন্ন কথা আলোচনা কৰিলোঁ । কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্রাণ দিবলৈ আমি সকলো একগোট । আগন্তুক বিধানসভা নিৰ্বাচনত আমি বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে যুঁজিম । এয়া হ'ল আমাৰ মূল কথা । বাকী আমাৰ কথাবোৰ আপোনালোকে ধাৰাবাহিকভাৱে গম পাব ।’’

আনহাতে, জিতেন্দ্ৰ সিঙে কয়, ‘‘আজি এখন সফল বৈঠক অনুষ্ঠিত হয় । বহু বিষয়ত চৰ্চা কৰা হয় । বৈঠকত আমি সকলোৱে একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ ।’’
সংবাদ মাধ্যমৰ আগত সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘গৌৰৱ গগৈয়ে কোৱা কথাখিনিয়ে আমাৰ কথা । আসন বুজাবুজিৰ কথা পিছত হ'ব । এতিয়া আমি একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । আজি এটা ঐতিহাসিক দিন, বিৰোধী পক্ষসমূহ একেলগ হ'ল । আমি ঐক্যবদ্ধভাৱে ২০২৬ৰ নিৰ্বাচনত খেলিম । আজি এইটো আমাৰ সিদ্ধান্ত । অসমৰ মাটিৰ পৰা বিজেপিক, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ছিণ্ডিকেটৰাজ ওফৰাই পেলোৱাৰ বাবে আমি সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম ।’’
বৈঠকৰ পূৰ্বে হোৱা ৰসাল আড্ডাত লুৰীণজ্যোতি গগৈৰ বিবাহৰ আলাপ
বিৰোধী ৰাজনৈতিক দলসমূহৰ বৈঠকৰ পূৰ্বে কিছু সময়ৰ বাবে সংবাদ মাধ্যমক ভিজুৱেল লোৱাৰ বাবে দিয়া হয় । সেই সময়ত সকলোৱে নিজৰ মাজতে কথা-বতৰা কৰি আছিল । সেই কথা-বাৰ্তাৰ মাজতে বিধায়ক অখিল গগৈয়ে লুৰীণজ্যোতি গগৈৰ বিবাহৰ প্ৰসংগটো ৰসিকতাৰে উত্থাপন কৰে । তাত সংগ দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

অখিল গগৈয়ে লুৰীণজ্যোতি গগৈক উদ্দেশ্যি কয়, "দেখিবলৈ ধুনীয়া হৈছে । চৰকাৰ কৰি সোনকালে বিয়া পাতিব লাগে ।"
বিধায়ক মনোৰঞ্জন তালুকদাৰে সংগ দি কয়, "বিধায়ক হোৱাৰ আগতে বিয়াখন পাতিব লাগে ।" এই প্ৰসংগটো বৈঠকত বিশেষভাৱে ৰসাল হৈ পৰে । সকলোৱে ইয়াক লৈ ৰসিকতা কৰে । কিন্তু এই ৰসিকতা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে বিষয়টো বিশেষভাৱে চৰ্চিত হৈ পৰিছে ।

