ETV Bharat / politics

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিডিয়া ৱাৰ আৰম্ভ কৰিলে বিজেপিয়ে

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজপেয়ী ভৱনত আৰম্ভ হৈছে বিভিন্ন স্তৰৰ এখনৰ পাছত আনখনকৈ বৈঠক, য'ত দলীয় কাৰ্যকৰ্তাসকলক দিয়া হৈছে নিৰ্বাচনী মন্ত্রণা ।

Assam Assembly Election 2026
বাজপেয়ী ভৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 11:23 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰি ফিল্ডত নামিছে শাসকীয় দল বিজেপি । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বিজেপিয়ে ১৬ জন মুখপাত্র, ২৮ জন মিডিয়া পেনেলিষ্ট, ২৬ জন ৰাজ্যিক সংবাদ বিভাগৰ কার্যকৰ্তা, ৮ টা ৰাজ্যিক মৰ্চাৰ সংবাদ বিভাগৰ আহ্বায়ক আৰু ৩৯ খন সাংগঠনিক জিলাৰ আহ্বায়কসকলক লৈ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত কৰে ।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিল্লু ৰঞ্জন শৰ্মাই ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, মুখ্য মুখপাত্র কিশোৰ উপাধ্যায় আৰু সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীৰ উপস্থিতিত নিৰ্বাচনত সংবাদ বিভাগৰ ভূমিকা আৰু কৰণীয়তাৰ সন্দৰ্ভত গোপন মন্ত্ৰণা প্ৰদান কৰি নিৰ্বাচনৰ বাবে সংবাদ বিভাগক প্রস্তুত কৰি আজিৰে পৰা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ মিডিয়া ৱাৰ আৰম্ভ কৰে । এই কথা জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক পৰা মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে ।

Assam Assembly Election 2026
বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক বৈঠক (ETV Bharat Assam)

তেওঁ কয়, "আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নমূলক কাম-কাজ তথা অসমৰ জাতি ৰক্ষাৰ বাবে লোৱা ঐতিহাসিক সিদ্ধান্ত সমূহক অসমৰ সকলো স্তৰৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে সংবাদ বিভাগ আৰু সামাজিক মাধ্যম বিভাগৰ যোগেদি এক ব্যাপক ৰূপৰেখা তৈয়াৰ কৰা হৈছে ।"

Assam Assembly Election 2026
বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক বৈঠক (ETV Bharat Assam)

আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰি সংবাদ বিভাগৰ ৰাজ্যিক আহ্বায়ক ৰূপম গোস্বামীয়ে দলৰ সংবাদ বিভাগে আগন্তুক নির্বাচনত দিনে নিশাই একাকাৰ কৰি সদাজাগ্ৰত প্ৰহৰি হিচাপে কাম কৰিবলৈ মুখপাত্র, মিডিয়া পেনেলিষ্ট তথা সংবাদ বিভাগৰ সমূহ কাৰ্যকৰ্তাক আহ্বান জনায় । আনহাতে সভাত সাংগঠনিক বক্তব্য প্ৰদান কৰি মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে সংবাদ বিভাগৰ কাৰ্যকর্তা তথা মুখপাত্র, মিডিয়া পেনেলিষ্ট সকলৰ বাবে এক ব্যাপক কাৰ্যসূচীৰ ৰূপৰেখা প্রস্তুত কৰি বিস্তৃত্ব ব্যাখ্যা আগবঢ়ায় ।

Assam Assembly Election 2026
বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক বৈঠক (ETV Bharat Assam)

সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে মুখপাত্র, মিডিয়া পেনেলিষ্ট তথা সংবাদ বিভাগৰ উপস্থিতিত কাৰ্যকৰ্তা সকলৰ লগত এক মুকলি মত বিনিময় কৰি সকলোৰে পৰা দিহা পৰামৰ্শ আৰু আগন্তুক দিনৰ বাবে পৰিকল্পনা সমূহৰ সন্দৰ্ভত আলোচনা কৰে । ৰাজ্যিক সংবাদ বিভাগৰ অন্যতম সহকাৰী আহ্বায়ক বিষ্ণু কোঁচে আঁত ধৰা সভাখনত সহকাৰী আহ্বায়ক ধ্ৰুৱজ্যোতি ঠাকুৰীয়াই শলাগৰ শৰাই আগবঢ়ায় ।

Assam Assembly Election 2026
বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক বৈঠক (ETV Bharat Assam)

লক্ষণীয় বিষয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজপেয়ী ভৱনৰ ব্যস্ততা যথেষ্ট বৃদ্ধি পাইছে । ইতিমধ্যে বাজপেয়ী ভৱনত আৰম্ভ হৈছে বিভিন্ন স্তৰৰ এখনৰ পাছত আনখনকৈ বৈঠক । য'ত দলীয় কাৰ্যকৰ্তাসকলক দিয়া হৈছে নিৰ্বাচনী মন্ত্রণা ।

লগতে পঢ়ক : খাৰ্গেৰ পৰিয়ালটোৱেই অসমবিৰোধী; প্ৰিয়াংক খাৰ্গেৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীয়ে ইছ্যু ডাইভাৰ্ট কৰিব নোৱাৰিব, জুবিন গাৰ্গৰ ন্য়ায় লাগে: লুৰীণজ্যোতি

অসম গণ পৰিষদ শিপা বিচাৰি যাব হেৰুওৱা দুৰ্গলৈ, বিজেপিয়েও নেৰে শিপা: অগপক মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ