ETV Bharat / politics

অসম ভ্ৰমণলৈ অহা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ অসম কংগ্ৰেছৰ প্ৰতিনিধিৰ

SRৰ নামত হাৰাশাস্তিৰ কথা জনাই নিকা-স্বচ্ছ, নিৰপেক্ষ নিৰ্বাচনৰ বাবে অনুৰোধ প্ৰদেশ কংগ্ৰেছৰ ।

APCC delegation met CEC
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 10:08 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমলৈ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে তিনিদিনীয়া ভ্ৰমণসূচী লৈ অহা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক মঙলবাৰে গুৱাহাটীত সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ । প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে গুৱাহাটীলৈ অহা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত সাধাৰণ মানুহক চৰকাৰীভাৱে কেনেকৈ হাৰাশাস্তি কৰা হৈছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে । অসম কংগ্ৰেছৰ দলটোক নেতৃত্ব দিয়ে সাংসদ ৰকিবুল হুছেইন আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ দুয়োজন নেতাই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্বাচন আয়োগে কিদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সেই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে বুলি সদৰী কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই সংবাদমেলত কয়, "আমাৰ চাৰিগৰাকী প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দলটোক সাক্ষাৎ কৰো ৷ অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি, পৰামৰ্শ প্ৰদান কৰি আমি নিৰপেক্ষ আৰু নিকা-স্বচ্ছ নিৰ্বাচন পাতিবলৈ অনুৰোধ জনাইছো "

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)

অসমত বিজেপি চৰকাৰখনে যিধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আৰক্ষী-প্ৰশাসনক চৰকাৰে অপব্যৱহাৰ কৰিছে সেয়া যদি বাহাল থাকে তেন্তে নিৰ্বাচন যে স্বচ্ছ আৰু নিকা নহ’ব সেই কথাটোও নিৰ্বাচন আয়োগক সদৰী কৰা বুলি জানিবলৈ দিয়ে বৰাই । তেওঁ কয়, "আমি কৈছো যে উপ-নিৰ্বাচন যেতিয়া চামগুৰিত হৈছিল তাত সন্ত্ৰাসৰ পৰিস্থিতি হৈছিল ৷ সাংসদ ৰকিবুল হুছেইনক নিৰ্বাচনৰ আগত, প্ৰচাৰৰ সময়ত আৰু নিৰ্বাচনৰ পিছতো উপৰ্যপূৰি আক্ৰমণ কৰা হৈছিল ৷ ঘৰত গৈ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰিছিল ৷ শিৱামণি বৰা, নুৰুল হুদাকে ধৰহি ৭গৰাকী বিধায়কৰ গাড়ীত তেওঁলোকে আক্ৰমণ কৰি ভাঙি দিছিল ৷ বিভিন্ন ঠাইত জোৰ-জবৰদস্তি ৰিগিং হৈছিল ৷ এই কথাবোৰ আমি আয়োগক কৈছো ৷ তেতিয়াও নিৰ্বাচন আয়োগৰ আচৰণবিধি তাত কাৰ্যকৰী হৈ আছিল ৷ কিন্তু প্ৰশাসন নিৰ্বিকাৰ আছিল ৷"

ৰিপুণ বৰাই লগতে কয়, “পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ কথাও আমি নিৰ্বাচন আয়োগক অৱগত কৰো ৷ শোণিতপুৰ জিলাত নদুৱাৰত কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰাৰ্থীক পদ্ম হাজৰিকাৰ গুণ্ডাই মনোনয়ন দাখিল কৰিবলৈ নিদিলে ৷ বিডিঅ’ৰ সন্মুখতে সেই সসময়ৰ কংগ্ৰেছৰ জিলা সভাপতিক আক্ৰমণ কৰিছিল ৷ কিন্তু আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা নল’লে ৷ কিন্তু সেইজন আৰক্ষী অধীক্ষক শোণিতপুৰত আজিও আছে ৷"

"আমি গৌৰৱ গগৈৰ যাত্ৰাৰ কথাও কৈছো ৷ গৌৰৱ গগৈয়ে অসমজুৰি যি যাত্ৰা কৰিছে সেই যাত্ৰাতো বাধা দিয়া হৈছে ৷ আমিনগাঁও, বটদ্ৰৱা থান, শোণিতপুৰ, বিহগুৰি, লখিমপুৰ মেডিকেল কলেজত বিজেপিৰ কৰ্মীয়ে বাধা দিছিল ৷ মন্দিৰত সোমোৱাত বাধা দিছিল ৷ আৰক্ষীৰ সন্মুখতে সকলো হৈছিল ৷ কিন্তু আৰক্ষী নীৰৱ দৰ্শক হৈ আছিল ৷ যদি আৰক্ষীয়ে নিৰপেক্ষভাৱে কাম নকৰে তেন্তে নিৰ্বাচন কেতিয়াও নিকা নহয়"— বুলি ৰিপুণ বৰাই সদৰী কৰে ৷

বৰাই কয় যে নিৰ্বাচন আয়োগে প্ৰতিশ্ৰুতি দিছে যে ৰাজ্য চৰকাৰৰ ক্ষমতা চলি আছে, যিদিনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো ক্ষমতা নাথাকিব আৰু প্ৰশাসন নিৰ্বাচন আয়োগৰ হাতলৈ আহিব সিদিনাই কেতিয়াও এনে কাণ্ড হ’বলৈ নিদিও বুলি কৈছে ৷ আনহাতে, ৰাজনৈতিক দলে সভা পাতিলে টকা দিবলগীয়া হোৱা কথাটো অৱগত কৰা বুলিও জনায় ।

আনহাতে, সংবাদমেলত ৰকিবুল হুছেইনে কয়, "বিজেপিয়ে বিহুৰ আগতে নিৰ্বাচন শেষ হোৱাটো বিচাৰিছে, অসমৰ ৰাইজে নহ'লে বিহু মঞ্চত জুবিন গাৰ্গলৈ মনত পেলাব ।" ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পাইছিল বুলিও হুছেইনে প্ৰশ্ন কৰে ।

হুছেইনে আৰু কয়, "আমি মুখ্য নিৰ্বাচনী আয়ুক্তক কৈছো যে দিল্লীত এখন সংবাদমেলত আপুনি অসমত এছ আৰ নহয় বুলি কৈছিল ৷ এছ আৰত যিবোৰ নথি চোৱা হয় সেই নথি এন আৰ চিত চোৱা হয়, সেয়েহে অসমত এছ আৰ নহয় ৷ আমি সকলোৱে এই সিদ্ধান্তক স্বাগতম জনাইছিলো ৷ তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ গৈছিল আৰু এছ আৰ আৰম্ভ হৈছিল ।" স্পেচিয়েল ৰিভিজন কাৰ হেঁচাত হৈছিল বুলিও হুছেইনে প্ৰশ্ন কৰে ৷

লগতে পঢ়ক : এটা পৰ্যায়তে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অসমৰ বিধানসভা নিৰ্বাচন

অসমলৈ নিৰ্বাচনী প্ৰস্তুতিৰে নিৰ্বাচন আয়োগ; অসমত তিনিদিন কি কৰিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলে ?

মাৰ্চত ঘোষণা হোৱাৰ সম্ভাৱনা অসমকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন