ETV Bharat / politics

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ বিজয়ৰ

চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান ৷

VIJAY OATH TAKING
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ বিজয়ৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 10:34 AM IST

|

Updated : May 10, 2026 at 12:07 PM IST

2 Min Read
Choose ETV Bharat

চেন্নাই (তামিলনাডু) : তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে চি যোছেফ বিজয়ে ৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠান ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লগতে বিজয়ৰ পিতৃ-মাতৃ, অভিনেত্ৰী তৃষা কৃষ্ণ আদিয়ে বিজয়ৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

বিগত সাত দশকত সাংবিধানিক পদ দখল কৰা অদ্ৰাবিড় দলৰ পৰা প্ৰথমবাৰৰ বাবে দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে তামিলাগা ভেট্ৰি কাঝাগম(টিভিকে)ৰ প্ৰতিষ্ঠাপক চি জোচেফ বিজয়ে শপতগ্ৰহণ কৰে ৷ বিজয়ৰ লগত দলৰ কৰ্মকৰ্তা তথা বিধায়ক এন আনন্দ, আধৱ অৰ্জুন, কে এ চেংগোটাইয়ান, কে জি অৰুণৰাজ, পি ভেংকটাৰমনন, আৰ নিৰ্মলকুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰথানাকে তেওঁৰ কেবিনেটত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷

ইফালে পুত্ৰৰ শপতগ্ৰহণৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতা এছ এ চন্দ্ৰশেখৰ আৰু মাতৃ শোভা চন্দ্ৰশেখৰক আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল । অভিনেতাৰ পৰা ৰাজনীতিকলৈ পৰিণত হোৱা বিজয়ে শপতগ্ৰহণৰ পিছত দিয়া প্ৰথম ভাষণত জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ স্পষ্টকৈ কয়, "আহক আমি সকলোৱে একত্ৰিত হৈ তামিলনাডুক এখন নতুন চৰকাৰ দিওঁ । এয়া এক নতুন আৰম্ভণি, ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ নতুন যুগৰ আৰম্ভণি । মই মাথোঁ স্বাভাৱিক জীৱন যাপন কৰা এজন সাধাৰণ মানুহ । মই কেতিয়াও আপোনালোকক মিছা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা নকৰো । মই কেৱল যি সম্ভৱ সেয়াহে প্ৰতিশ্ৰুতি দিম ।" নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথাও ব্যক্ত কৰে টিভিকেৰ মুৰব্বীগৰাকীয়ে ৷

লগতে পঢ়ক : স্বস্তিৰ নিশ্বাস, দেওবাৰে পুৱা ১০ বজাত শপতগ্ৰহণ কৰিব টিভিকেৰ মুৰব্বী বিজয়ে

Last Updated : May 10, 2026 at 12:07 PM IST