বাছেৰে আহিল অচিনাকি ভোটাৰ : দেৰগাঁও সমষ্টিত উত্তপ্ত পৰিস্থিতি
ঘটনাস্থলীত যোৰহাট আৰক্ষী অধীক্ষকৰ লগতে অতিৰিক্ত নিৰাপত্তাৰক্ষী উপস্থিত । পৰিস্থিতি অতি ভয়াৱহ। উত্তৰ প্ৰদেশ আৰু ঝৰখণ্ডৰ পৰা অহা বুলি সন্দেহ ।

Published : April 9, 2026 at 8:35 PM IST
যোৰহাট : উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগঢ়া শিক্ষাখণ্ডৰ অন্তৰ্গত ধনখুলৈ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি । উক্ত ভোটগ্ৰহণ কেন্দ্ৰত একাংশ অচিনাকি লোকে ভোটদান কৰিবলৈ অহাৰ সময়ত স্থানীয় লোকে তেওঁলোকক আবদ্ধ কৰে ।
এখন বাছেৰে বহু লোক অন্য স্থানৰ পৰা আহি ধনখুলৈ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে বাছৰ ভিতৰতে স্থানীয় লোকে তেওঁলোকক আবদ্ধ কৰি যোৰহাট আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে ঘটনাস্থলীত যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হোৱাৰ লগতে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।
ইফালে স্থানীয় ৰাইজৰ সৈতে আৰক্ষীয়ে আলোচনাত বহে যদিও উত্তেজিত লোকসকলে এইসকল অচিনাকি লোক কেনেকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল, এই ঘটনাৰে কোন জড়িত, সেয়া বিচাৰ কৰিবলৈ আৰক্ষীক দাবী জনায় ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় এজন লোকে কয়, "মই ৬ নং ৱাৰ্ডৰ বুথ প্ৰেছিডেণ্ট । মই অকণমান ওলাই গৈছিলোঁ । তাৰ পিছ মুহূৰ্ততে খবৰ পালোঁ এজন বোলে অচিনাকি মানুহে ভোট দিছে । তেনেকুৱা সময়তে মই আহি ইয়াত উপস্থিত হৈছোঁ । এইখন গাড়ী, তাত বহুত মানুহ আছে । এজনে কৈছে মোৰ ঘৰ ইউপিত, এজনে কৈছে মোৰ ঘৰ ঝাৰখণ্ডত । গতিকে আমি গাড়ীখন জব্দ কৰি থৈছোঁ । মোৰ এটাই কথা, ভোটৰ মেচিনটো আমাক চমজাই দিয়ক, নহ'লে জ্বলাই দিয়ক ।"
আনহাতে, স্থানীয় লোকে অভিযোগ কৰি কয় যে এইসকল অচিনাকি লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাত বিএলঅ' জড়িত । লগতে গাড়ী চালকজনৰো সম্পৰ্ক থকাৰ কথা ক'ব বিচাৰে । ইতিমধ্যে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত এতিয়া উত্তেজনাই বিৰাজ কৰি আছে । কোন সময়ত কি হয় সেয়া কোনেও ক'ব নোৱাৰে । কাৰণ উক্ত অঞ্চলটো জনজাতি প্ৰধান হোৱাৰ লগতে অসমীয়াভাষী, বাংলাভাষী আৰু নেপালী সম্প্ৰদায়ৰ লোকৰ বসতি থকা স্থানৰ লগতে অন্য এক সম্প্ৰদায়ৰো বসতি ।
বৰ্তমান পৰিস্থিতি অতি স্পৰ্শকাতৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে যি স্থানত অচিনাকি লোকে ভোট দিবলৈ আহিছিল, উক্ত অঞ্চলটো দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ।

