ETV Bharat / politics

তেলেংগানাৰ উপ-নিৰ্বাচনত বিজেপিয়ে হেৰুৱালে আমানতৰ ধন, জিকিল কংগ্ৰেছ

জুবিলী হিলছৰ উপ-নিৰ্বাচত ৫৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে যদিও মূল যুঁজ কংগ্ৰেছ, বি আৰ এছ আৰু বিজেপিৰ মাজতে সীমাৱদ্ধ থাকে ।

Congress party registered a massive victory in the Jubilee Hills bypolls
জুবিলী হিলছৰ উপ-নিৰ্বাচনত জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 4:37 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: তেলেংগানাৰ জুবিলী হিলছ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে । এই উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ব্যাপক ভোটৰ ব্য়ৱধানত জয়লাভ কৰে । কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱে ২৫ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে ।

উল্লেখ্য় যে এই উপ-নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতিটো ৰাউণ্ডতে কংগ্ৰেছে অগ্ৰগতি অব্য়াহত ৰাখে । ইয়াৰ বিপৰীতে বি আৰ এছে এটা ৰাউণ্ডতো অগ্ৰগতি লাভ কৰিব নোৱাৰিলে । এই বিজয়ৰ লগে লগে তেলেংগানাত ক্ষমতালৈ অহাৰ পাছত অনুষ্ঠিত হোৱা দুয়োটা উপ-নিৰ্বাচনতে কংগ্ৰেছে আধিপত্য় বৰ্তাই ৰাখিবলৈ সক্ষম হয় ।

স্মৰ্তব্য় যে ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুনত কেণ্টনমেণ্টৰ উপ-নিৰ্বাচনত দলটোৱে জয়লাভ কৰিছিল । এইবাৰ জুবিলী হিলছ্তো আন এক সফলতা সংযোজন কৰিছে । ইফালে, জুবিলী হিলছৰ উপ-নিৰ্বাচনত নবীন যাদৱে ২৫ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে আমানতৰ ধন হেৰুৱাই বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।

মুখ্যমন্ত্ৰীক কৃতিত্ব জ্যেষ্ঠ নেতাৰ :

এই বিজয়ৰ বাবে দলৰ জ্যেষ্ঠ নেতাসকলে মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীক কৃতিত্ব দিছে । সমগ্ৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীয়ে কৌশলগতভাৱে কাম কৰা বুলি কয় দলটোৰ জ্য়েষ্ঠ নেতাসকলে । সংখ্যালঘু ভোটাৰৰ মাজত দেখা দিয়া অসন্তুষ্টি আঁতৰ কৰিবলৈ কংগ্ৰেছে ভোটগ্ৰহণৰ পূৰ্বে মহম্মদ আজহাৰুদ্দিনক মন্ত্ৰী হিচাপে নিযুক্তি দি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে । এই সিদ্ধান্তই সমষ্টিটোত সংখ্যালঘু ভোট একত্ৰিত কৰাত দলটোক সহায় কৰা বুলি উল্লেখ কৰা হৈছে ।

মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে তেওঁৰ মন্ত্ৰীসকলক তৃণমূল পৰ্যায়ত সমন্বয় শক্তিশালী কৰাৰ বাবে বিভাগভিত্তিক দায়িত্বও অৰ্পণ কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱে জুবিলী হিলছৰ অভিযানৰ তদাৰক কৰিছিল । তেওঁ নিতৌ প্ৰতিবেদন পৰ্যালোচনা কৰি প্ৰতিটো পৰ্যায়তে সমৰ্থকক পথ প্ৰদৰ্শন কৰিছিল ।

গান্ধী ভৱনত উদযাপন :

ইপিনে, উপ-নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা হোৱাৰ লগে লগে হায়দৰাবাদৰ গান্ধী ভৱনত দলীয় নেতা-কৰ্মীৰ মাজত আনন্দৰ লহৰ দেখিবলৈ পোৱা যায় । ফটকা ফুটুৱাৰ লগতে মিঠাই বিতৰণ কৰি ইজনে-সিজনক সম্ভাষণ জনায় ।

বি আৰ এছৰ পৰ্যালোচনা আৰম্ভ :

এই পৰাজয়ৰ পিছতে বি আৰ এছৰ কাৰ্যকৰী সভাপতি কে টি ৰামাৰাৱে (কে টি আৰ) নন্দীনগৰত থকা নিজৰ বাসগৃহত দলৰ নেতাসকলক সাক্ষাৎ কৰি দলটোৰ পৰাজয়ৰ আঁৰৰ কাৰণ আৰু কংগ্ৰেছে সকলো ৰাউণ্ডতে ব্যাপক অগ্ৰগতি লাভ কৰা কাৰকসমূহ বুজিবলৈ আভ্যন্তৰীণ বিশ্লেষণ আৰম্ভ কৰিছে । জুবিলী হিলছৰ উপ-নিৰ্বাচন আছিল কঠিন ত্ৰিকোণীয় যুঁজ । মুঠ ৫৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে যদিও মূল যুঁজ কংগ্ৰেছ, বি আৰ এছ আৰু বিজেপিৰ মাজতে সীমাৱদ্ধ থাকে ।

আছাদুদ্দিন ওৱেইছিৰ মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এ আই এম আই এম)এ কংগ্ৰেছৰ নবীনক সমৰ্থন কৰিছিল । বিজেপিয়ে নিজৰ নগৰীয়া ভেটি সম্প্ৰসাৰণৰ প্ৰয়াসত লংকলা ৰেড্ডীক থিয় কৰাইছিল । আনহাতে, বি আৰ এছে বিধায়ক মগান্তি গোপীনাথৰ পত্নী সুনিথাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক:মিজোৰামৰ উপ-নিৰ্বাচন : বিৰোধী এম এন এফৰ আৰ লালথাংলিয়ানাৰ জয়লাভ

জম্মু-কাশ্মীৰ উপ নিৰ্বাচন: বিজেপি প্ৰাৰ্থী দেৱানী ৰাণাৰ জয়লাভ