তেলেংগানা বিজেপিৰ ৰাজ্যিক সভাপতি এন ৰামচন্দ্ৰ ৰাওক গ্ৰেপ্তাৰ
হায়দৰাবাদস্থিত নিজা বাসগৃহৰ পৰা মঙলবাৰে ৰাওক গ্ৰেপ্তাৰ কৰা হয় ৷

Published : September 1, 2026 at 4:39 PM IST
হায়দৰাবাদ : ভাৰতীয় জনতা পাৰ্টীৰ তেলেংগানাৰ ৰাজ্যিক সভাপতি এন ৰামচন্দ্ৰ ৰাওক মঙলবাৰে হায়দৰাবাদৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷ প্ৰথম অৱস্থাত তেওঁক আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখে আৰু পৰৱৰ্তী পৰ্যায়ত ৰাওক গ্ৰেপ্তাৰ কৰা হয় ৷ ৰাৱে অভিযোগ কৰে যে তেওঁক নলগ’ণ্ডালৈ যাবলৈ বাধা দিয়া হৈছে ।
তথ্য মতে, প্ৰথম অৱস্থাত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণৰ বলি হোৱা জিলা বিজেপিৰ সভাপতি বৰ্শিত ৰেড্ডীক সান্ত্বনা দিবলৈ নলগ’ণ্ডা ভ্ৰমণৰ সময়তে আৰক্ষীয়ে তেওঁক টাৰ্নাকাৰস্থিত বাসগৃহত গৃহবন্দী কৰি ৰাখিছিল । যেতিয়া তেওঁ নলগ’ণ্ডালৈ যোৱাৰ বাবে আৰক্ষীক জোৰ দিছিল, তেতিয়াই আৰক্ষীয়ে তেওঁক আটক কৰে ৷
#WATCH | Hyderabad, Telangana: Heavy police security is present outside the residence of BJP State President Ramchander Rao.
— ANI (@ANI) September 1, 2026
Ramchander Rao alleges that he has been kept under house arrest and claims that he was prevented from visiting Nalgonda. Ramchander Rao was set to meet… https://t.co/MDPPoR2WzM pic.twitter.com/riAFrZH16N
সেই সময়ছোৱাত ৰাওৰ ঘৰৰ বাহিৰত বহু বিজেপি কৰ্মীয়ে আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দিয়ে ৷ ফলত আৰক্ষী আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰো সৃষ্টি হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৰামচন্দৰ ৰাওক গ্ৰেপ্তাৰ কৰি গান্ধীনগৰ থানালৈ স্থানান্তৰিত কৰে ।
Attack BJP? Walk free. Stand with BJP? Get arrested.
— Bandi Sanjay Kumar (@bandisanjay_bjp) September 1, 2026
A BJP leader’s house is attacked. No action.
The BJP State office is attacked. No remand.
But when @BJP4Telangana President Shri @N_RamchanderRao garu stands by our party workers, he is ARRESTED?
What kind of law and order… pic.twitter.com/wHRgiHgDmP
- কেন্দ্রীয় মন্ত্রী বান্দী সঞ্জয়ৰ ক্ষোভ
ৰামচন্দ্ৰ ৰাওক গ্ৰেপ্তাৰ কৰাত কেন্দ্ৰীয় মন্ত্ৰী বান্দী সঞ্জয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে । তেওঁ প্ৰশ্ন কৰে, "ভুক্তভোগীক সান্ত্বনা দিবলৈ যোৱাসকলক কিয় গ্ৰেপ্তাৰ কৰা হৈছে ? 'ইন্দিৰম্মা ৰাজ্যম'ৰ অৰ্থ এইটোৱেই নেকি ? আক্ৰমণকাৰীক সুৰক্ষা দিয়া ?"
তেওঁ আৰু প্ৰশ্ন কৰে, "নলগ’ণ্ডা জিলা বিজেপিৰ সভাপতিৰ ঘৰ ভাঙি পেলোৱাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ? বিজেপিৰ কাৰ্যালয়ত আক্ৰমণ কৰা যুৱ কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰা নহ'বনে ?"
তেওঁ এক্সযোগে এটা পোষ্টত প্ৰশ্ন কৰে, ‘‘আপুনি (তেলেংগানা চৰকাৰ) প্ৰতিবাদকাৰীৰ ঘৰত আক্ৰমণৰ বাবে উৎসাহিত কৰিছে নেকি ? কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে লণ্ড-ভণ্ড কৰিবলৈ বা ভাঙিবলৈ আৰক্ষীক ব্যৱহাৰ কৰা হৈছে । ৰামচন্দ্ৰ ৰাওক শীঘ্ৰে মুকলি কৰি দিব লাগে, অন্যথা ইয়াৰ ভয়াৱহ পৰিণতি হ’ব ৷ কংগ্ৰেছ দলৰো কেচিআৰ চৰকাৰৰ দৰেই দশা হ’ব ।’’

