হঠাতে প্ৰশান্ত কিশোৰক সাক্ষাৎ তেজ প্ৰতাপ যাদৱৰ
কি আলোচনা হ'ল জনশক্তি জনতা দলৰ নেতা আৰু জন সূৰযৰ মুৰব্বীৰ ?

Published : April 22, 2026 at 5:28 PM IST
পাটনা: বিহাৰৰ ৰাজনীতিয়ে ভৱিষ্য়তে নতুন মোৰ ল'ব নেকি ? আৰজেডিৰ মুৰব্বী লালু যাদৱৰ জ্য়েষ্ঠ পুত্ৰ তথা জনশক্তি জনতা দলৰ নেতা তেজ প্ৰতাপ যাদৱে জন সূৰযৰ নেতা প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰাৰ পিছতেই ৰাজনৈতিক মহলত চৰ্চা হৈছে । তেজ প্ৰতাপ যাদৱে মঙলবাৰে নিশা প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰি দুয়োগৰাকীয়ে দীঘলীয়া আলোচনাত মিলিত হয় ।
ইয়াৰ পিছতেই তেজ প্ৰতাপ নিজৰ এক্স হেণ্ডেলত এই বৈঠকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে । এই ভিডিঅ’টোত দুয়োগৰাকী নেতাই ইজনে-সিজনক উষ্ম সম্ভাষণ জনোৱা দেখা গৈছে ।
তেজ প্ৰতাপে এক্স হেণ্ডেলত লিখিছে, "আজি ৰাজনৈতিক গুৰুত্বৰ এক উল্লেখযোগ্য দিন । মই প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰিলো । এই আলোচনাত আমি জনকল্যাণ আৰু ৰাজনীতিৰ ভৱিষ্যতৰ পৰিকাঠামো সন্দৰ্ভত গভীৰভাৱে আলোচনা কৰো ।"
তেজ প্ৰতাপে কয় যে দুয়োগৰাকীয়ে 'জনসাধাৰণৰ আশা আৰু ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন'ৰ বিষয়ে বিতংভাৱে আলোচনাত মিলিত হয় । তেওঁ আৰু কয়, "এই বৈঠকখন কেৱল আনুষ্ঠানিকতা নহয়; বৰঞ্চ ইয়াত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল । এই বিষয়ে আগন্তুক সময়ত ৰাজনীতিৰ সম্ভাৱনীয়তাৰ দিশ সৃষ্টি কৰিব পাৰিব ।"
তেওঁ লগতে কয়, “মই তেজ প্ৰতাপ যাদৱে এই আলোচনাক মোৰ ৰাজনৈতিক যাত্ৰাৰ এক উল্লেখযোগ্য অভিজ্ঞতা হিচাপে গ্ৰহণ কৰিছো । এই আলোচনাই মোক ইতিবাচক মানসিকতা আৰু জনসেৱাৰ মনোভাৱেৰে আগবাঢ়ি যোৱাৰ সংকল্পক শক্তিশালী কৰিব ।”
উল্লেখ্য় যে এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত যোৱা বছৰ তেজ প্ৰতাপক ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ পৰা বহিষ্কাৰ কৰা হৈছিল । আমোদজনক কথাটো এয়ে যে ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত তেজ প্ৰতাপ আৰু পি কে হিচাপে জনপ্ৰিয় প্ৰশান্ত কিশোৰ শোচনীয় প্ৰদৰ্শন কৰা সকলৰ ভিতৰত অন্য়তম আছিল ।
তেজ প্ৰতাপৰ দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । আনকি তেওঁ নিজৰ সমষ্টিটোতেই এলজেপিৰ সঞ্জয় কুমাৰৰ হাতত প্ৰায় ৪৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ।
বিগত কেইবাবছৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনৰ কৌশলবিদ হিচাপে আখ্য়া লাভ কৰা পি কেৰ জনপ্ৰিয়তাৰ পিছতো জন সূৰয দলটোৱে ২৪৩খন আসনৰ ভিতৰত ২৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো লাভ কৰিবলৈ সক্ষম নহ'ল ।
ইপিনে, ৰাজনৈতিক বিশ্লেষক অৰুণ পাণ্ডেই কয়,"এই বৈঠকে এক উল্লেখযোগ্য ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিছে । তেওঁলোকৰ ভৱিষ্যতৰ কৌশল কি হ’ব সেয়া কেৱল দুয়োগৰাকী নেতাইহে প্ৰকাশ কৰিব পাৰিব । অৱশ্য়ে এটা কথা নিশ্চিত যে আপাততঃ এই বৈঠকে ৰাজনৈতিক মহলৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে ।"
লগতে পঢ়ক:২৪ এপ্ৰিলত বিহাৰৰ 'সম্ৰাট'ৰ অগ্নিপৰীক্ষা

