বিধানসভা নিৰ্বাচনৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল
ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ । শাসক-বিৰোধীয়ে বান্ধিছে টঙালি । নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ অসমলৈ নিৰ্বাচন আয়োগৰ দল ।

Published : February 8, 2026 at 7:13 AM IST
গুৱাহাটী: ৰঙালী বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । সেই অনুসৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে নিৰ্বাচন আয়োগৰ এটা দল । শনিবাৰে গুৱাহাটীত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ দলটোত আছে মনিষ গাৰ্গ, পৱন কুমাৰ শৰ্মা, সঞ্জয় কুমাৰ, ভানু কুমাৰ য়াতুব । প্রতিখন জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে বৈঠকত বহিব আয়োগৰ দলটো ।
বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন পক্ষৰে আলোচনা কৰি বুজ লোৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছে নির্বাচন আয়োগৰ দলটো । নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰে আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ সৈতেও সুকীয়াকৈ বৈঠকত মিলিত হ'ব ।
আনহাতে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰৰ সৈতেও নির্বাচন আয়োগ দলটো বৈঠকত বহাৰ সম্ভাৱনা আছে । অসম চৰকাৰে বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক আহ্বান জনাইছে । এনে পৰিস্থিতিত অসমৰ পৰা ঘূৰি গৈয়ে দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে তাৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দল এটা অসমলৈ অহাৰ সম্ভাৱনা আছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।
উল্লেখ্য যে অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব । নির্বাচন আয়োগে অসম আৰু পশ্চিমবংগত প্ৰথমে তাৰ পাছত তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে । নিৰ্বাচনত নিয়োজিত কৰিবলগীয়া নিৰাপত্তাৰক্ষী তথা আন আন বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে প্ৰথমে অসম আৰু পশ্চিমবংগত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে ।
অসমত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । লক্ষণীয় বিষয় যে ২০২১ চনত নিৰ্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল । সেইবাৰ অসমত তিনিটা পৰ্যায়ত ক্রমে ২৭ মার্চ, ১ এপ্ৰিল আৰু ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত উজনিৰ লগতে মধ্য অসমৰ দুখনমান জিলাৰ মুঠ ৪৭টা সমষ্টিত নির্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত বৰাককে ধৰি নগাঁও, মৰিগাঁও, নলবাৰী, দৰঙৰ মুঠ ৩৯টা সমষ্টিত আৰু একেবাৰে শেষৰ পৰ্যায়ত গুৱাহাটীকে ধৰি নামনিৰ ৪০টা সমষ্টিত নির্বাচন অনুষ্ঠিত হৈছিল ।
অৱশ্যে নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হ'লেও ভোট গণনা হৈছিল দুই মে'ত । ইয়াৰ পূৰ্বে ২০১৬ চনতো ৰঙালী বিহুৰ পূৰ্বেই বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল । অৱশ্যে ২০১৬ চনত বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । সেইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চাৰি এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১১ এপ্ৰিলত অনুষ্ঠিত হৈছিল । অৱশ্যে ২০১৬ চনত ভোট গণনা ১৯ মে'তহে হৈছিল ।
অসমত যিহেতু এতিয়া আইন-শৃংখলাজনিত চিন্তা কৰিবলগীয়া কোনো পৰিৱেশ নাই, সেয়েহে এইবাৰো নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে একেই আছে যদিও সমষ্টিৰ গাঁঠনিগত ব্যাপক সালসলনি হৈছে । বহু সমষ্টি নোহোৱা হোৱাৰ উপৰি বহু সমষ্টি নতুনকৈ হৈছে ।

