বিজেপি চৰকাৰ কাম-কাজক লৈ সন্তুষ্টনে অসম চাহ নিগমৰ অধীনস্থ চাহ শ্ৰমিকসকল ?
কি কি মূল সমস্যাই অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে চাহ শ্ৰমিকসকলক ? কাহানিও ক'ব নোখোজা কথা ক'লে ইটিভি ভাৰত আগত...

Published : February 21, 2026 at 5:30 PM IST
যোৰহাট : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰিছে । ২০২৬ত দিছপুৰ দখল কৰিবলৈ উঠিপৰি লাগিছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল । ঠিক তাৰ মাজতে বহু সমস্যাত আজিও ভাৰাক্ৰান্ত হৈ আছে চাহ শ্ৰমিকসকলক, কিছুমান সমস্যা চৰকাৰখনে কৰি দিয়া বাবে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে যদিও কিছু মূল সমস্যা সমাধান নোহোৱাত ক্ষুব্ধ অসম চাহ নিগমৰ চাহ শ্ৰমিকসকল ।
এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে কথা পাতিছিল পূৰ্বতে যোৰহাট সমষ্টিৰ অন্তৰ্গত বৰ্তমান সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা চিনামৰা চাহ বাগিচা(অসম চাহ নিগমৰ অধীনস্থ)ৰ শ্ৰমিকসকলৰ সৈতে । কি ক'লে তেওঁলোকে, সবিশেষ এই বিশেষ প্ৰতিবেদনত ।
সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে আমাৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধা হৈছে:
আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰ কাম-কাজক লৈ কিমান সুখী সেই সন্দৰ্ভত চিনামৰা চাহ বাগিচা এগৰাকী শ্ৰমিক পাৰ্বতী ঘাটোৱাৰে কয়, "সকলো এতিয়ালকৈ ভাল বুলিয়েই ক'ব লাগিব, বেয়া বুলি ক'ব নোৱাৰি, কিন্তু ইংৰাজ শাসনকালৰ পৰাই চাহ বাগিচাসমূহত (অসম চাহ নিগমৰ বাগিচা) বদলিকৰণ কাম চলি আহিছিল কিন্তু বৰ্তমান সেই বদলি কামটো বন্ধ কৰি দিছে । ফলত আমাৰ সন্তানৰ ভৱিষ্যতক লৈ শংকা নামি আহিছে ।"
তেওঁ কয়, "আজিকালি সকলো বস্তুৰে দাম বৃদ্ধি হৈছে, সকলো বস্তুতে কৰ লগাইছে, চৰকাৰে কৈ থাকে ফ্ৰী দিছোঁ বুলি । ক'ত আমি ফ্ৰীকে পাইছো । পূৰ্বতে অৰুণোদয় আঁচনি সুবিধা লাভ কৰিছিলো, কিন্তু সেয়াও কাটি দিলে । মোৰ লগতে আমাৰ চাহ বাগিচা বহুত সংখ্যকেই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে । মই চৰকাৰ আঁচনিৰ ৫০০০হাজাৰ আৰু ১০হাজাৰ টকা পাইছো, পালে কি হ'ব বস্তুৰ যি হাৰত দাম বৃদ্ধি হৈছে । দাম বৃদ্ধিয়ে আমাক যথেষ্ট ক্ষতি কৰিছে । কেনেকৈ ল'ৰা-ছোৱালীক পঢ়াম, তাক লৈয়ো আমি চিন্তিত হৈছো ।"

শ্ৰমিকগৰাকীয়ে দুখেৰে কয়, "যদি মোৰ কিবা এটা হৈ যায়, তেতিয়া আমাৰ পৰিয়ালৰ অৱস্থা কি হ'ব ? সেয়েহে চৰকাৰক অনুৰোধ জনাইছো আমাক বদলি কামটো দিয়ক । গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজে ৰজা, যদি চৰকাৰ ভাল থাকে তেতিয়া সকলোৱে ভোট দিব । কিন্তু তাৰ বিনিময়ত ৰাইজকো সুবিধা প্ৰদান কৰিব লাগিব । আমাৰ বদলিৰ কামটো চৰকাৰে কাঢ়ি নিব নোৱাৰে । আমাক বদলি কামটো লাগে । বদলি কামটো আমাৰ অতি প্ৰয়োজনীয় । চৰকাৰে পাইপ পুতিছেহে কিন্তু আমি পানীৰ সুবিধা পোৱা নাই ।"
পূৰ্বতে পাই থকা বদলিৰ কাম পুনৰ আমাক ঘূৰাই দিয়ক:
বাগিচাৰে আন এগৰাকী শ্ৰমিক মনোমতী কন্ধয়ে কয়, "আমি দীৰ্ঘদিন ধৰি বদলি কামটো লাভ কৰি আছিলো । কিন্তু সেয়াও চৰকাৰে বন্ধ কৰিলে, সেয়েহে চৰকাৰলৈ অনুৰোধ আমাক বদলি কামটো পুনৰ ঘূৰাই দিয়ক, তেতিয়াই চাহ শ্ৰমিকসকল সুখী হ'ব । আমাক দহ হাজাৰ আৰু ৫হাজাৰ টকা দিলে সেয়া ভাল কৰিছে, সেয়েহে পুনৰ কওঁ আমাক বদলি কামটো লগতে দৰমহা অলপ বৃদ্ধি কৰি দিয়ক । আমি যিকেইটা দৰমহা পাওঁ সেয়াৰে আমাৰ একো নহয় । কাৰণ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু খোৱা-বোৱাৰ বাবে আমাৰ দৰমহাটো বৃদ্ধি হোৱাটো প্ৰয়োজন । আমি পূৰ্বতে অৰুণোদয় আঁচনিৰ সুবিধা পাইছিলো, কিন্তু সেয়াও এতিয়া কাটি দিলে ।"

অসম চাহ নিগমৰ বাগিচা শ্ৰমিকে পূৰ্বতে পোৱা সুবিধাসমূহ পুনৰ ঘূৰাই দিয়ক:
আনহাতে বিজেপি চৰকাৰ কাম-কাজক লৈ কিমান সুখী আৰু বৰ্তমান কি সমস্যা আছে বুলি সোধা প্ৰশ্নত বাগিচাৰে আন এগৰাকী শ্ৰমিক বলোৰাম কন্ধয়ে কয়, "অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে অন্যান্য আঁচনি দি আছে যদিও অসম চাহ নিগমৰ চাহ বাগিচাৰ এক মুখ্য সমস্যা হ'ল বদলি কাম । পূৰ্বতে বদলি কামটো আছিল, কিন্তু অসম চাহ নিগমৰ বাগানত বদলি কামটো আজি পৰ্যন্ত দিয়া হোৱা নাই । ব্যক্তিগতখণ্ডৰ চাহ বাগিচাত বদলি কামটো দি আছে । কিন্তু অসম চাহ নিগমৰ বাগানত দিয়া নাই । চৰকাৰে মজুৰি বৃদ্ধি কৰিছে আৰু মাটি পট্টাৰ বাবে ফৰ্ম দিছে তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছো । ইয়াৰ সমান্তৰালভাৱে চৰকাৰে আমাক যদি বদলি কামটো পুনৰ ঘূৰাই দিয়ে তেতিয়া আমাৰ শ্ৰমিকসকল সুখী হ'ব, নহ’লে অসুখী হৈ থাকিব ।"

তেওঁ পুনৰ কয়, "চৰকাৰে কৈ থাকে আমি বেয়া পোৱা কাম নকৰো, কিন্তু অৰুণোদয় কৰ্তন কৰি দিয়া, বদলি কাম নিদিয়া আদি বোৰ বেয়া কাম নহয় জানো ? আমাৰ বহু শ্ৰমিকৰ পদোন্নতি বন্ধ কৰি দিয়া হৈছে আৰু দুশ বছৰ ধৰি পাই থকা বদলি কামটো বন্ধ কৰি দিলে । ফলত অসম চাহ নিগমৰ শ্ৰমিকসকল অসন্তুষ্ট । মাটি পট্টাৰ ফৰ্ম বিলালে ন'হব, মাটিৰ পট্টা দিব লাগিব তেতিয়াহে শ্ৰমিকসকল সন্তুষ্ট হ'ব ।"

