ETV Bharat / politics

চাহ শ্ৰমিকৰ মনৰ কথা: দৈনিক মজুৰি ৫০০ টকা হ’লেও লাভ নহয়, কমাব লাগে সামগ্ৰীৰ দাম

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৫০০ টকা পৰ্যন্ত বৃদ্ধিৰ কথা নিজৰ সংকল্পপত্ৰত উল্লেখ কৰিছে ।

tea garden workers
চাহ শ্ৰমিকৰ মনৰ কথা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 2:44 PM IST

5 Min Read
Choose ETV Bharat

বিশ্বনাথ: অসমৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ এক বিশেষ গুৰুত্ব আছে ৷ বিশেষকৈ উত্তৰ অসম আৰু উজনি অসমৰ কেবাটাও সমষ্টিত চাহ শ্ৰমিক ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰে ৷ দীনেশ প্ৰসাদ গোৱালা, দিলেশ্বৰ তাঁতী, পৱন সিং ঘাটোৱাৰৰ পৰা আৰম্ভ কৰি ৰামেশ্বৰ ধানোৱাৰ, দুৰ্গা ভূমিজ, পৃথ্বী মাঝি, ৰামেশ্বৰ তেলীলৈকে চাহ জনগোষ্ঠীৰ কেবাগৰাকীও নেতাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত মন্ত্ৰিত্বও লাভ কৰিছে ৷

সুদীৰ্ঘ সময় ধৰি অসমৰ ৰাজনীতি, অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও কিন্তু চাহ জনগোষ্ঠীৰ সাধাৰণ লোকসকলৰ সমস্যা আজিকোপতি সমাধান হোৱা নাই ৷ এতিয়াও প্ৰাপ্য মজুৰি, জনজাতিকৰণ আদি বিভিন্ন বিষয়ক লৈ সৰব হৈ আহিছে জনজাতিটোৰ প্ৰায় সংখ্যক লোক ৷ নতুন চৰকাৰে পিছে এইবাৰ সমস্যাৰ ওৰ পেলাবনে? চাহ শ্ৰমিকৰ মুখেৰেই শুনো আহক তেওঁলোকৰ আশা-প্ৰত্যাশাৰ কাহিনী ৷

নতুন চৰকাৰৰ পৰা কি বিচাৰে চাহ শ্ৰমিকে (ETV Bharat)

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৫০০ টকা পৰ্যন্ত বৃদ্ধিৰ কথা নিজৰ সংকল্পপত্ৰত উল্লেখ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, আগন্তুক দিনবোৰত এই মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈ বৃদ্ধি কৰা হ'ব । মজুৰি বৃদ্ধিৰ উপৰিও অন্যান্য কল্যাণকামী আঁচনি, চাহ শ্ৰমিকৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান, বাগিচাত আদৰ্শ হাইস্কুল স্থাপন আৰু ভৱিষ্য নিধিৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল বিজেপি দলে । এতিয়া পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ হ’ল ৷ গতিকে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবনে বিজেপিয়ে ?

বিজেপিয়ে অসমত শাসন কৰা প্ৰায় দহ বছৰ হ’ল ৷ এইবাৰ তৃতীয়টো কাৰ্যকাল বাবে ইতিমধ্যে চৰকাৰ গঠন হৈছে । ইফালে এইবাৰ ১২৬ চন বিধায়কৰ ভিতৰত ৮ জন চাহ শ্ৰমিকৰ সন্তান বিধানসভালৈ নিৰ্বাচিত হৈছে । তাৰে ভিতৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণো কৰিছে ৷ চাহ শ্ৰমিকৰ কল্যাণৰ গুৰু দায়িত্ব এইবাৰ তেলীৰ কান্ধত ৷ গতিকে চাহ শ্ৰমিক ৰাইজে এইবাৰ কি আশা কৰিব চৰকাৰখনৰ পৰা ? এই সন্দৰ্ভত চাহ শ্ৰমিকৰ মনৰ কথা জানিবলৈ ইটিভি ভাৰত কাষ চাপিছিল বিহালী সমষ্টিৰ অন্যতম এখন চাহ বাগিচা বাঘমাৰী চাহ বাগিচাত ।

tea garden workers
পাত তোলাত ব্যস্ত শ্ৰমিক (ETV Bharat)

চাহ বাগিচাখনৰ এগৰাকী মহিলা শ্ৰমিকে কয়, ‘‘আমাক ৫০০ টকা দিম দিম বুলি প্ৰতিখন চৰকাৰেই কয়, কিন্তু আমাক ৫০০ টকা মজুৰি প্ৰদান নকৰে আৰু আমাক নালাগেও । আমাক ৫০০ টকা মজুৰি দিয়াৰ সলনি চৰকাৰে চাউল, দাইল, মিঠাতেল আদিৰ মূল্য হ্ৰাস কৰক । কাৰণ বৰ্তমান এক লিটাৰ মিঠাতেল দাম ২০০ টকা, এক কিলো চাউল দাম ৫০ টকা পৰা ১০০ টকা, দাইলৰ মূল্য ১৮০ টকা ৷ গতিকে এইবোৰ সামগ্ৰী মূল্য হ্ৰাস কৰাত চৰকাৰখনে গুৰুত্ব দিব লাগে ৷ নহ’লে আমাক ৫০০ শ টকা দিলেও কামত নাহে ।’’

আন এগৰাকী মহিলা শ্ৰমিকে কয়, ‘‘বাগানৰ পৰা আমি ৰেচন, খৰি, পানী আদি লাভ কৰি আহিছোঁ ৷ চৰকাৰৰ পৰা অৰুণোদয়, চাউল, দাইল, নিমখ আদিও পাইছোঁ ৷ আমাক মাহে ৫০০ টকাকৈ দিয়াৰ কথা কৈছে যদিও মজুৰি বৃদ্ধি কৰি যদি খোৱা বস্তুৰ দাম বঢ়াই দিয়ে তেন্তে, আমাৰ একো লাভ নহয় ৷ গতিকে চৰকাৰে আমাক মজুৰি বঢ়াই নিদিলেও বস্তুৰ দাম কমাই দিয়াটোহে বিচাৰোঁ ৷’’

tea garden workers
চাহ বাগিচাৰ শ্ৰমিকৰ কথা (ETV Bharat)

ইফালে চাহ বাগিচাখনৰ পৰিচালনাৰ দায়িত্ব থকা থানেশ্বৰ গোহাঁই কয়, ‘‘বাঘমাৰী চাহ বাগিচাখনে প্ৰায় ৩৭০ হেক্টৰ ভূমি আৱৰি আছে ৷ তাৰ ভিতৰত জলবায়ু পৰিৱৰ্তন তথা বৰষুণৰ পানী নোহোৱা ফলত ৬৫ হেক্টৰ চাহ গছ ইতিমধ্যে শুকাই গ'ল । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিস্তৃত হৈ আছে চাহ বাগিচাখন । ব্ৰিটিছৰ দিনতে স্থাপন হোৱা বাগিচাখনত বৰ্তমান কৰ্মৰত প্ৰায় ১৪০০ গৰাকীৰো অধিক শ্ৰমিক আছে । ১৪০০ গৰাকী কৰ্মচাৰীৰ ভিতৰত স্থায়ী কৰ্মচাৰী ৭০০ গৰাকী আৰু অস্থায়ী ৭০০ গৰাকী । তদুপৰি ষ্টাফ ২৫ গৰাকী থকা বিপৰীতে বাগিচাখনত এগৰাকী জ্যেষ্ঠ চিকিৎসকসহ ২ গৰাকী ANM নাৰ্চ আৰু এগৰাকী GNM লগতে মেনেজমেন্টসহ ৫ গৰাকী কৰ্মচাৰী আছে । বাগিচা খনত বছৰত ৭ লাখ কেজি অধিক শুকান চাহ উৎপাদন হোৱা লগতে বছৰে ৩২ পৰা ৩৩ লাখ কেজি কেঁচা চাহপাত উৎপাদন হয় । বাগিচাৰখনৰ শ্ৰমিকসকলক বৰ্তমান ২৮০ টকা দৈনিক মজুৰি প্ৰদান কৰা লগতে আন আন সকলো সা-সুবিধা যোগান ধৰা হয় ।’’

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ বাবে পূৰ্বৰ কোনো এখন চৰকাৰেই সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল । যাৰ বাবে আজিৰ তাৰিখটো অসমৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি দিন হাজিৰা কৰা লোক এজনতকৈও বহু কম । মজুৰি বৃদ্ধিৰ বাবে চাহ জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো চৰকাৰেই উপযুক্ত ধৰণে গুৰুত্ব আৰোপ কৰা নাই । বিজেপি চৰকাৰেও চাহ শ্ৰমিকসকলক যে সামান্য মজুৰি বৃদ্ধি কৰিয়েই সন্তুষ্ট কৰি ৰাখিব খুজিছিল ।

tea garden workers
বাঘমাৰী চাহ বাগিচা (ETV Bharat)

লক্ষণীয় বিষয় যে ২০১৬ চনত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই মজুৰি ২৮০ টকালৈহে বৃদ্ধি কৰিলে বিজেপি চৰকাৰখনে । এতিয়া নতুন চৰকাৰৰ পৰা চাহ শ্ৰমিকসকলে প্ৰধানতঃ সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব বুলি আশা কৰা দেখা গৈছে ৷

লগতে পঢ়ক: বজাৰত লাগিছে জুই : মূল্যবৃদ্ধিত দিশহাৰা সৰ্বসাধাৰণ জনতা