ETV Bharat / politics

চামগুৰিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি কি ক'লে তাঞ্জিল হুছেইনে ?

চামগুৰি সমষ্টিৰ পৰা ২০২৬ চনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিব তাঞ্জিল হুছেইনে । প্ৰাৰ্থিত্ব লাভৰ পিছতে দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন ।

tanzil hussain congress candidate from samaguri
চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 3:37 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ ব্যাপক তৎপৰতা অব্যাহত আছে । তাৰ মাজতে কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । মঙলবাৰে সন্ধিয়া দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । এই তালিকাত নগাঁৱৰ ৩ টা সমষ্টি ক্ৰমে চামগুৰি, ৰহা আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নামো আছে । চামগুৰি সমষ্টিত ২০২৪ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে ।

ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে । ইফালে টিকট লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাঞ্জিল হুছেইনে ।

চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন (ETV Bharat)

কংগ্ৰেছৰ প্ৰাৰ্থীজনে দলৰ হাইকমাণ্ডৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু শীৰ্ষ নেতৃত্বত ধন্যবাদ জ্ঞাপন কৰিছে । এই সন্দৰ্ভত তেওঁ কয়, "দলে মোক প্ৰাৰ্থিত্ব দিছে । এতিয়া চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছক জিকাই আনিম সেইটো দায়িত্ব মই লৈছোঁ ।" উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত পৰাজয়ৰ কাৰণ বাখ্যা কৰি কংগ্ৰেছ প্ৰাৰ্থীজনে কয়, "উপ-নিৰ্বাচনত ডকাইতি কৰি জিকিছিল । ৩৩ টা চেণ্টাৰত ভোটেই দিব নিদিলে...। এইটো উপ-নিৰ্বাচন নহয় । ইয়াত ২৫ টা গাঁও পঞ্চায়তৰ ভিতৰত ৯২ শতাংশ কাউন্সিলাৰ জিকিছোঁ । ৪ টা জিলা পৰিষদত জিকিছোঁ ।"

tanzil hussain congress candidate from samaguri
চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন (ETV Bharat)

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিপুল ভোটত জয়ী হোৱাৰ কথাও উল্লেখ কৰি তাঞ্জিল হুছেইনে কয়, "আগন্তক নিৰ্বাচনত চামগুৰিৰ ৰাইজে বিজেপিক চিৰকালৰ বাবে বিদায় দিব । এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ আহিলে চামগুৰিৰ ৰাস্তা নিৰ্মাণৰ লগতে চাকৰিও দিয়া হ'ব ।" পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভত তেওঁ কয়, " কোনো বংশবাদ নাই । আমি চামগুৰিৰ বাসিন্দা । চামগুৰিৰ পুত্ৰ, নাতি, ভাইটী, দাদা, ভাগিন, ভতিজা । আমি চামগুৰিতে আছোঁ । আমি কলিয়াবৰ বা জখলাবন্ধাৰ পৰা আহি বিধায়ক হোৱা নাই ।"

লগতে পঢ়ক :

কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ