ETV Bharat / politics

ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ

বৰপেটাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণটাৰিত অনুষ্ঠিত বিশাল গণ সমাবেশত সভাপতি অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ।

SHERMAN ALI JOINS RAIJOR DAL
ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 11:25 PM IST

3 Min Read
Choose ETV Bharat

জনীয়া : সদ্যবিলুপ্ত পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে ৰাইজৰ দলত যোগদান কৰাৰ পাছত মঙলবাৰে কংগ্ৰেছৰে আন এজন বিধায়কে আনুষ্ঠানিকভাবে ৰাইজৰ দলত যোগদান কৰে । বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ বামুণটাৰিত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছৰ পৰা দীৰ্ঘদিনে নিলম্বিত হৈ থকা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত দলটোত যোগদান কৰি বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

বিধায়ক শ্বেৰমান আলীয়ে ভাষণ প্ৰসংগত কয় যে, অখিল গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব পাৰিলে অসমৰ প্ৰকৃত উন্নয়ন হ'ব । তেওঁ কয়, "মই অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবেই কংগ্ৰেছে মোক নিলম্বন কৰিছিল । বৰ্তমান অসম এটাই ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল আছে সেইটো হ'ল ৰাইজৰ দল আৰু অখিল গগৈৰ নেতৃত্বত অসমৰ সাম্প্ৰদায়িক পৰিবেশৰ অৱসান ঘটাই এক সুন্দৰ অসম, জুবিন দাৰ অসম, শংকৰ আজানৰ অসম গঢ় দিবলৈ আমি চেষ্টা কৰিম ।"

ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ (ETV Bharat Assam)

ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "নিৰ্বাচন আহিলেই মৌলানা বদৰুদ্দিন আজমলে বিজেপিৰ হৈ কাম কৰে আৰু নিৰ্বাচন আহিলেই আজমলে কয় এইবাৰ দিছপুৰত লুঙি-টুপিৰ চৰকাৰ হ'ব আৰু তেতিয়াই উজনিত হিন্দু মানুহ একগোট হৈ বিজেপিক ভোট দিয়ে । সেইবাবে আগন্তুক বিধানসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাক একেলগে বান্ধি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিয়া হ'ব ।"

বিধায়ক গগৈয়ে লগতে কয় যে নৱগঠিত ২২ নং মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা শ্বেৰমান আলীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে কংগ্ৰেছৰ ফালৰ পৰা মন্দিয়া সমষ্টিত কাক টিকট প্ৰদান কৰা হ'ব সেয়া কংগ্ৰেছ দলে ঘোষণা কৰা নাই যদিও ভাষণত অখিল গগৈয়ে কয় যে, এই সমষ্টিটো আমি ৰাইজৰ দলে বিচাৰিছিলো কিন্তু কংগ্ৰেছে এৰি দিব খোজা নাই, সেয়ে মন্দিয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ হ'ব ডঃ হাফিজ ৰফিকুল ইছলাম । গতিকে কংগ্ৰেছৰ লগত আমাৰ বন্ধুত্বসুলভ প্ৰতিযোগিতা হ'ব ।

SHERMAN ALI JOINS RAIJOR DAL
ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "উজনি অসমত মই হিন্দু লীডাৰ আছোঁ আৰু নামনি অসমত শ্বেৰমান আলী আছে মুছলমান লীডাৰ । উজনি অসমৰ হিন্দু মানুহৰ মাজত মই এজন বাঘ আৰু নামনি অসমৰ মুছলমান লোকসকলৰ মাজত শ্বেৰমান আলী এজন বাঘ । এতিয়া আমি এজন বিধায়কৰ পৰা ৰাইজৰ দলৰ তিনিজন বিধায়ক হৈ গ'লো । ২৬ত আমি অতি কমেও ১৫ জন বিধায়ক জিকাই লৈ যোৱাৰ চেষ্টা কৰিম । আগন্তুক বিধানসভাত কোনেও যাতে ৰাইজৰ দলক বাদ দি চৰকাৰ গঠন কৰিব নোৱাৰে তাৰবাবে আমি ব্যৱস্থা কৰিম ।" তেওঁ লগতে ৰাইজৰ দল বিধানসভাত গ'লেহে অসমৰ প্ৰকৃত উন্নয়ন হ'ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ; মঙলবাৰে যোগদান কৰিব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে

মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই

ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছৰ দুই বিধায়কে : আছে এজন নিলম্বিত বিধায়ক