ETV Bharat / politics

যেন জোনবিল মেলাৰ বিনিময় প্ৰথাহে ! এ আই ইউ ডি এফ-বিজেপি এৰি আমবাৰীলৈ আহি হাতীত উঠিল জাকিৰ হুছেইন-প্ৰকাশ দাস

বিজেপিৰে অগপই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰাৰ স্পষ্ট ঘোষণা অতুল বৰাৰ ।

suspended AIUDF MLA Zakir Hussain Laskar and BJP leader Prakash Das joins AGP
অগপত যোগ দিলে বৰাকৰ হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ প্ৰকাশ দাসে (Atul Bora @X)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 5:05 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক আভ্যন্তৰীণ অসন্তুষ্টিয়ে অসম গণ পৰিষদক জুৰুলা কৰি তুলিলেও বিজেপিৰ হিচাপ-নিকাচ মতে জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যাত গুৰুত্ব অসম গণ পৰিষদৰ ৷ সোমবাৰে গুৱাহাটীৰ আমবাৰীত দুটাকৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় অসম গণ পৰিষদৰ । ইয়াৰ পিছতেই বিজেপিৰে অগপই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্টকৈ ঘোষণা কৰিলে দলটোৰ লভাপতি অতুল বৰাই ।

এ আই ইউ ডি এফত সংখ্যালঘু লোক সুৰক্ষিত নহয় :

অগপত যোগ দিলে বৰাকৰ হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ প্ৰকাশ দাসে (ETV Bharat Assam)

অসম বিধানসভাত দুখন আসন নিশ্চিত কৰাৰ উদ্দেশ্যই সোমবাৰে আনুষ্ঠানিকভাৱে অগপত যোগ দিলে বৰাকৰ হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ প্ৰকাশ দাসে ৷ আঞ্চলিক দলটোত যোগদান কৰিয়েই এ আই ইউ ডি এফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰে কয়, “মানুহ এতিয়া উন্নয়নৰ পক্ষত থাকিব বিচাৰে ৷ সাম্প্ৰদায়িক ৰাজনীতিত মানুহ অতিষ্ঠ হৈছে ৷ এ আই ইউ ডি এফত এতিয়া সংখ্যালঘু লোক সুৰক্ষিত নহয় ৷"

তেওঁ পুনৰ কয়,"মই এ আই ইউ ডি এফ ত্যাগ কৰা নাই ৷ এ আই ইউ ডি এফহে মোক নিলম্বন কৰিছে ৷ নিৰ্বাচনত টিকট পাম নে নাই দলে সিদ্ধান্ত ল’ব ৷ আমি উন্নয়নৰ লগত আছো ৷ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে দলৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ মতে কাম কৰি যাম ৷” উল্লেখ্য যে অসম গণ পৰিষদৰ পৰা হাইলাকান্দিত এইবাৰৰ নিৰ্বাচনত জাকিৰ হুছেইন লস্কৰক প্ৰাৰ্থিত্ব প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব ৷ সেই উদ্দেশ্যেই অসম গণ পৰিষদত তেওঁক যোগদান কৰোৱা হৈছে ৷ কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী ।

আনহাতে,সোমবাৰে পুৱা বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰি দুপৰীয়া অসম গণ পৰিষদত যোগ দিয়ে একালৰ আছু নেতা প্ৰকাশ দাসে । অগপত যোগদান কৰিয়েই তেওঁ কয়, "অগপত যোগদান কৰিবলৈ পায় মই গৌৰৱবোধ কৰিছো ৷ অতুল বৰা, কেশৱ মহন্তৰ নেতৃত্বত অসম মাতৃৰ হকে কাম দলৰ হৈ কাম কৰি যাম এন ডি এৰ মিত্ৰদল অগপত আজি মই যোগ দিলো ৷ অগপ বিজেপিৰ মিত্ৰদল । অসমৰ ভৱিষ্যত সুৰক্ষা কৰাৰ লক্ষ্যৰে মই অগপলৈ আহিছো ৷ কোনো পূৰ্বচৰ্ত লৈ মই অগপলৈ অহা নাই ৷”

অগপত যোগদানৰ আঁৰত সমীকৰণ :

কোনো পূৰ্ব চৰ্ত লৈ অগপত যোগ দিয়া নাই বুলি দাবী কৰিলেও প্ৰকাশ দাসৰ যোগদানৰ আঁৰত ২০২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ সমীকৰণেই আছে সেয়া সত্য ৷ প্ৰকাশ দাস আছিল হাজো-শুৱালকুছি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী । অনুসূচীত লোকৰ বাবে সংৰক্ষিত সমষ্টিটোত দীৰ্ঘদিনৰ পৰা প্ৰস্তুতিও চলাই আহিছিল প্ৰকাশ দাসে; কিন্তু এন ডি এ মিত্ৰতাৰ সমীকৰণত বিজেপিয়ে আসনখন অগপক এৰি দিয়াটো নিশ্চিত হৈছে ৷ সেয়ে অগপৰ পৰা হাজো-শুৱালকুছিত প্ৰাৰ্থিত্ব লাভ কৰিব প্ৰকাশ দাসে । বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ প্ৰাকক্ষণত অগপত প্ৰকাশ দাসে কেৱল হাজো-শুৱালকুছি সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ বাবেই যে যোগদান কৰিছে সেয়া একপ্ৰকাৰ নিশ্চিত বুলিয়েই ক'ব পাৰি ।

মূল লক্ষ্য এন ডি এৰ হেট্ৰিক :

আনহাতে, জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ প্ৰকাশ দাসৰ যোগদানক লৈ উৎসাহিত অগপৰ সভাপতি অতুল বৰা ৷ যোগদান কাৰ্যসূচীৰ পিছত অতুল বৰাই কয়, “আজিৰ পৰা নিৰ্বাচন বিধি বলবৎ হ’ল ৷ আমিও নিৰ্বাচনৰ বাবে সাজু হৈছো ৷ জাকিৰ হুছেইন লস্কৰক পায় আজি আমি আনন্দিত হৈছো ৷ লগতে, যুৱনেতা প্ৰকাশ দাসকো আমাৰ মাজতো পাই আনন্দিত হৈছো ৷ আমাৰ মূল লক্ষ্য হৈছে এন ডি এই হেট্ৰিক কৰিব লাগিব ৷ ২০১৬ ৰ পৰা আমি বিজেপিৰ লগত মিত্ৰতাত আছো । এইবাৰো আমি এন ডি এ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ম । ”

আসন বুজাবুজি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা :

আনহাতে, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বী তাৰ বিৰোধিতা কৰি অতুল বৰাই স্পষ্ট কৰি দিয়ে যে বিজেপিৰ সৈতে অগপই বন্ধুত্বমূলক প্ৰতিদন্দিতা নকৰে । অগপই কেৱল জয়ৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিয়া বুলি মন্তব্য অতুল বৰাৰ । বৰাই কয়, “আসন বুজাবুজি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা সম্পন্ন হৈছে ৷ আসন বুজাবুজি সন্দৰ্ভত আমাৰ কোনো মত পাৰ্থক্য নাই ৷ জয়ৰ সম্ভাৱনাৰ ওপৰত আমি গুৰুত্ব দিছো ৷ কালি মুখ্যমন্ত্ৰীৰ তৎপৰতাতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলো ৷ আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পোষকতা কৰা নাই ৷ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই বিৰোধীক সহায় কৰিব ৷"

লগতে পঢ়ক:গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ : পদত্যাগৰ ভাবুকিৰে দলৰ হাইকমাণ্ডলৈ পত্র প্ৰেৰণ

এইবাৰ অসমৰ ৰাইজে বিজেপিক খেদি কংগ্ৰেছক শাসনৰ গাদীত বহুৱাব, কংগ্ৰেছে নেতাৰ দাবী