ETV Bharat / politics

প্ৰথমে ছাৰ্ভে, তাৰ পিছতহে মিত্ৰতা: কংগ্ৰেছৰ খাটাং কথা

২০২৬ৰ বাবে সমষ্টিয়ে সমষ্টিয়ে সমীক্ষা চলাইছে কংগ্ৰেছে ৷ সমীক্ষাৰ প্ৰতিবেদন মতেহে কংগ্ৰেছে কৰিব মিত্ৰতা আৰু আসনৰ ভাগ-বাটোৱাৰা ৷

opposition alliance in Assam
প্ৰথমে ছাৰ্ভে, তাৰ পিছতহে মিত্ৰতা; কংগ্ৰেছৰ খাটাং কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 8:17 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ ১২৬টা বিধানসভা সমষ্টিত প্ৰথমে চলিছে কংগ্ৰেছৰ ছাৰ্ভে, তাৰ পিছতহে হ’ব বিজেপিবিৰোধী মিত্ৰজোঁটৰ বাবে মিত্ৰদল নিৰ্বাচন । তেতিয়াহে হ’ব আসনৰ ভাগ-বাটোৱাৰা ।

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাত্ৰ তিনিমাহ বাকী ৷ ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটক ওফৰাবলৈ কংগ্ৰেছ প্ৰমুখ্যে বিৰোধী দলসমূহে একেলগ হৈ নিৰ্বাচনী যুঁজৰ বাবে পৰিকল্পনা কৰিলেও এতিয়াও চূড়ান্ত হোৱা নাই বিৰোধীৰ মিত্ৰতাৰ স্থিতি ৷ একাধিকবাৰ কংগ্ৰেছৰ নেতৃত্বত বৈঠকত মিলিত হৈছে বিৰোধীৰ সাতটাকৈ ৰাজনৈতিক শক্তি । কিন্তু অসমত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰতাৰ ছবিখন এতিয়াও অস্পষ্ট ।

opposition alliance in Assam
গৌৰৱ গগৈ (ETV Bharat Assam)

ইয়াৰ মাজতে কংগ্ৰেছে এজেন্সীৰ দ্বাৰা সমষ্টিয়ে সমষ্টিয়ে চলাইছে সমীক্ষা । সমীক্ষাৰ প্ৰতিবেদন অনুসৰিহে কংগ্ৰেছে মিত্ৰতাৰ সংগী নিৰ্বাচন কৰিব । সেই অনুসৰিহে কৰিব আসনৰ ভাগ-বাটোৱাৰা ।

কি হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ বিৰোধীৰ আসন ভাগ-বাটোৱাৰা পৰ্বৰ ?

ৰাইজৰ দলে বিচাৰে স্পষ্ট হওক যিমান পাৰি সোনকালে আসনৰ অংক; ইয়াৰ বিপৰীতে কংগ্ৰেছে এতিয়াও মুকলিকৈ কোৱা নাই কি হ’ব আসন বুজাবুজিৰ ক্ষেত্ৰত ৷ খৰধৰ নকৰিলেও মিত্ৰ অসম জাতীয় পৰিষদ-চি পি আই (এম)য়েও বিচাৰিছে সোনকালেই সন্মানজনক মিত্ৰতা ৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্য যে কেমেৰাৰ সন্মুখত মিত্ৰতাৰ কথা-বতৰা নহয় ।

যিমান পাৰি সোনকালে ভাগ-বাটোৱাৰা লাগে অখিলক

ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ নেতৃত্বলৈ প্ৰায় বহুকেইবাৰ ৰাজহুৱা আহ্বান জনাইছে বিৰোধীৰ আসনৰ ভাগ-বটোৱাৰা যিমান পাৰি সোনকালে কৰিবৰ বাবে । কিয় অখিল গগৈয়ে আজিয়েই আসন ভাগ-বাটোৱাৰা হোৱাটো বিচাৰিছে ?

opposition alliance in Assam
অখিল গগৈ (ETV Bharat Assam)

ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক অখিল গগৈয়ে কয়, “কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এম— আমি দলকেইটাই একেলগে নিৰ্বাচন খেলাৰ কথা কৈ আহিছোঁ । আমি এটা কথাই কৈ আহিছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে যদিহে ছীট বিতৰণখিনি হৈ যায়, তেতিয়া আমাৰ সকলোৰে কাৰণে ভাল হয় । বেলেগত একো জটিলতা নাই । বিৰোধী দলকেইটাই একেলগে যে ২০২৬ৰ নিৰ্বাচন খেলিম তাত সন্দেহৰ কোনো অৱকাশেই নাই । মাত্ৰ বিৰোধী দল হিচাপে আমি বিচাৰোঁ যে ছীটখিনি যদি কোনে ক’ত প্ৰতিদ্বন্দ্বিতা কৰিব কনফাৰ্ম হৈ যায়, তেন্তে আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে বেছি সময় পাম ৷ আমি বিভিন্ন সমষ্টিত সিঁচৰতি হৈ কাম কৰি আছোঁ । সেয়ে as soon as possible আমাৰ বিৰোধীৰ মিত্ৰ দলসমূহৰ মাজত যদি ছীট বিতৰণ হৈ যায়, তেতিয়া ২০২৬ত আমি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ বেছি সুবিধা হ’ব । কেৱল আসনৰ ভাগ-বাটোৱাৰা কৰিবলৈ বাকী আছে । সেইটো জটিল নকৰি সোনকালে হওক আমি বিচাৰোঁ ।”

আসনৰ সন্মানজনক ভাগ-বাটোৱাৰা বিচাৰিলে লুৰীণজ্যোতি গগৈয়ে

আনহাতে, আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও যিমান পাৰি সিমান সোনকালে আসনৰ সন্মানজনক ভাগ-বাটোৱাৰা হোৱাটো বিচাৰিছে । ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰদলৰ মাজত সোনকালে আসন ভাগ-বাটোৱাৰাক লৈ অখিল গগৈৰ দৰে সৰৱ হৈ নপৰিলেও সোনকালে আসনৰ ভাগ-বাটোৱাৰা হোৱাৰ পোষকতা কৰিছে লুৰীণজ্যোতি গগৈয়ে ।

সন্মানজনক ভাগ-বাটোৱাৰা বিচাৰিলে লুৰীণজ্যোতি গগৈয়ে (ETV Bharat Assam)

আসন ভাগ-বাটোৱাৰাৰ লগতে বিৰোধীৰ ভোটৰ বিভাজন নোহোৱা বিষয়ত গুৰুত্ব আৰোপ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “বিৰোধীৰ ভোট বিভাজন নকৰিবৰ কাৰণে ২০২৬ত একলগে কাম কৰিব লাগিব । আমাৰ মূল কথা হ’ল— প্ৰতিটো ৰাজনৈতিক দলে প্ৰত্যেককে সন্মান দি সকলোৱে মান-সন্মানসহকাৰে কথা-বতৰা পাতি, ত্যাগ-সন্মানৰ ভাবনাৰে সকলোৱে যাতে বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজিব পাৰে ৷”

সাংঘাতিক দেৰি হোৱা নাই: মনোৰনঞ্জন তালুকদাৰ, চি পি আই এম

আনহাতে, চি পি আই এম দলৰ মতে সঠিক দিশতেই গৈ আছে বিজেপিবিৰোধী মিত্ৰতাৰ ভাগ-বাটোৱাৰাৰ কথা । সোনকালে আসনৰ ভাগ-বাটোৱাৰা হোৱাটো পোষকতা কৰে যদিও চি পি আই এমে অনুভৱ কৰে যে সাংঘাতিক দেৰি হোৱা নাই । দলটোৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, “মৰ্যাদাসহকাৰে আমি মিত্ৰতা আৰু আসন নিৰ্ধাৰণ হোৱাটো বিচাৰিছোঁ । আমাৰ সম্ভাব্য আসন প্ৰসংগত আমি কংগ্ৰেছক জনাইছোঁ ৷ সকলো দলৰ লগত কংগ্ৰেছৰ দ্বিপাক্ষিক পৰ্যায়তো কথা-বতৰা আৰম্ভ হৈছে ৷ আমি ভাবোঁ যে আসন ভাগ-বাটোৱাৰাক লৈ সাংঘাতিক দেৰি হোৱা নাই । অসমত মিত্ৰতাৰ ক্ষেত্ৰত বিজেপি আৰু এন ডি এতকৈ আমি আগবাঢ়ি আছোঁ ।”

ছাৰ্ভেৰ পিছতহে মিত্ৰতা আৰু আসনৰ ভাগ-বাটোৱাৰা: কংগ্ৰেছ

বিজেপিবিৰোধী শক্তিৰ মিত্ৰতা আৰু আসনৰ ভাগ-বাটোৱাৰাক লৈ অসম কংগ্ৰেছৰ নিৰ্বাচনী ব্যৱস্থাপনা কমিটীৰ অধ্যক্ষ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আজিৰ তাৰিখত অগ্ৰগতি প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

প্ৰথমে ছাৰ্ভে, তাৰ পিছতহে মিত্ৰতা; কংগ্ৰেছৰ খাটাং কথা (ETV Bharat Assam)

ৰিপুণ বৰাৰ মন্তব্য, “আমাৰ মিত্ৰতাৰ কাৰ্যকলাপ ৰাজহুৱা হোৱা নাই যদিও আমাৰ বিভিন্ন ধৰণৰ আলোচনা আৰু আন আন প্ৰক্ৰিয়া চলি আছে । কংগ্ৰেছ হাইকমাণ্ড লেভেলতো বিভিন্ন ধৰণে আলোচনা চলি আছে । গভীৰ ৰিছাৰ্চ চলি আছে । কিছু বৃত্তিগত এজেন্সীয়ে ছাৰ্ভে চলাই আছে । এজেন্সীবোৰে কেৱল কংগ্ৰেছ দল বুলিয়েই নহয়, এলায়েন্স কৰিলে সম্ভাব্য যিবোৰ এলায়েন্স পাৰ্টনাৰ দলৰ সম্ভাব্য প্ৰাৰ্থীৰ ওপৰতো ছাৰ্ভে চলোৱা হৈছে ৷ এই ছাৰ্ভেবিলাকৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লোৱা হ’ব ৷"

তেওঁ লগতে কয়, "সেই অনুসৰি কাৰ কাৰ লগত এলায়েন্স পাৰ্টনাৰ কৰিব লাগে, যদি কৰিব লাগে সেইসমূহ সহযোগী দলক কেইখন আসন দিব লাগে— ইত্যাদি কথাবিলাক ছাৰ্ভেৰ জৰিয়তে ৰিছাৰ্চ চলি আছে । ৰিছাৰ্চ ৱৰ্ক ফাইনেল হ’লেহে তেওঁলোকৰ লগত বহি আসন ফাইনেল কৰা হ’ব ।”

অখিলে ক’লেই নহ’ব: উভতি ধৰিছে ৰিপুণ বৰাই

কংগ্ৰেছৰ স্থিতি যে 'অখিল গগৈয়ে ক'লেই নহ'ব, কংগ্ৰেছে দায়িত্ব দিয়া এজেন্সীৰ ছাৰ্ভেৰ ৰিপ'ৰ্ট মতেহে হ'ব আসনৰ ভাগ-বাটোৱাৰা', কংগ্ৰেছৰ নিজা চিন্তা-চৰ্চা মতেহে হ'ব মিত্ৰতা— এই স্পষ্ট মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ ৷ বৰাই কয়, “আমি ৰাইজৰ দলৰ অখিল গগৈৰ বিজেপিক উৎখাত কৰাৰ কাৰণে যি উদ্বিগ্নতা, তাক আমি প্ৰশংসা কৰিছোঁ । আমি এজন মানুহ বা এটা পাৰ্টীৰ বাবে এলায়েন্স কৰা নাই ৷ আমাৰ বিজেপিবিৰোধী সকলোকে লৈ মিত্ৰতা ৷ আমি খৰধৰকৈ সেয়ে এই মিত্ৰতা বা আসন ভাগ-বাটোৱাৰা কৰিব খোজা নাই ।”

opposition alliance in Assam
ৰাজীৱ ভৱন (ETV Bharat Assam)

উল্লেখ্য যে ২০২১ত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিজেপিবিৰোধী মিত্ৰজোঁটত আছিল দুই ৰাজনৈতিক শক্তি বি পি এফ আৰু এ আই ইউ ডি এফ ৷ ১২৬ খন আসনৰ ভিতৰত বি পি এফক কংগ্ৰেছে দিছিল ১২ খন আসন (৪ খনত জয়), এ আই ইউ ডি এফক দিছিল ১৮ খন আসন (১৬ খনত জয়)। কিন্তু এইবাৰ দুয়োটা দলেই নাই বিজেপিবিৰোধী কংগ্ৰেছ নেতৃত্বাধীন সম্ভাব্য মিত্ৰজোঁটত ৷ গতিকে ২২২৬ত কংগ্ৰেছৰ মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰাৰ সমীকৰণ হ’ব লক্ষণীয় ।

এই প্ৰসংগত কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ মন্তব্য, “২০২৬ৰ পৰিৱেশ ২০২১তকৈ সুকীয়া । এ আই ইউ ডি এফ বা বি পি এফ দুয়োটা দলেই বিজেপিৰ ঘোৰ বিৰোধী আছিল । এইবাৰ দুয়োটা দলেই বিজেপিৰ লগত আছে । বি পি এফ পোনপটীয়াভাৱে বিজেপিৰ লগত আছে। এ আই ইউ ডি এফ পৰোক্ষভাৱে আছে ৷ সেয়ে দুয়োটা দলৰ লগত এলায়েন্স হোৱা নাই ৷ তাৰ বিকল্প আমি পাইছোঁ ।”

২০২১ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিজেপিবিৰোধী মিত্ৰজোঁটৰ আসনৰ ভাগ-বাটোৱাৰা আছিল এনেধৰণৰ

  • কংগ্ৰেছ : ৯২
  • বি পি এফ : ১২
  • এ আই ইউ ডি এফ : ১৯
  • চি পি আই (এম) : ১
  • চি পি আই : ১
  • চি পি আই (এম) এল : ১
লগতে পঢ়ক :টেনচন দূৰ কৰিবলৈ এতিয়া আটাইতকৈ ভাল মেডিচিন অখিল গগৈৰ ফেচবুক, ময়ো ৰাতি চাওঁ: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :কথাবোৰ আজমলে ভবাৰ দৰে নহ'ল ! গৌৰৱে চেঁচাপানী ঢালি দিলে আজমলৰ আশাত