মুখ্যমন্ত্ৰীয়ে আঢ়ৈ ঘণ্টা ছুপাৰ ফ্লপ চিনেমাৰ কথা ব্যাখ্য়া কৰিলে : গৌৰৱ গগৈ
১০ ছেপ্তেম্বৰত যিখিনি কথা ক'ব বিচাৰি মুখ্যমন্ত্ৰীয়ে ছয় মাহ শুই থাকিল কিয় ? প্ৰশ্ন গৌৰৱ গগৈৰ ।

Published : February 8, 2026 at 6:50 PM IST
মঙলদৈ: কংগ্ৰেছৰ পৰিবৰ্তন যাত্ৰাৰ মাজতেই সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য সদৰী কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিচতেই মুখ্য়মন্ত্ৰীক উভতি ধৰি সাংসদ গৌৰৱ গগৈয়ে মুখ্য়মন্ত্ৰীৰ চিনেমা ছুপাৰ ফ্লপ বুলি কৰিলে মন্তব্য় ।
ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাটত কংগ্ৰেছৰ পৰিবৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়তেই সাংবাদিকে এছ আই টি প্ৰতিবেদন সন্দৰ্ভত মুখ্য়ন্ত্ৰীয়ে সদৰী কৰা তথ্য় সম্পৰ্কে প্ৰতিক্ৰিয়া জানিব বিচৰাত সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গগৈয়ে কয়, "আঢ়ৈ ঘন্টা ধৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ আগত মোৰ বিষয়ে বাখ্যা কৰিলে যাতে ফ্লপ চিনেমাখন ৰাইজৰ মাজলৈ লৈ যাব পাৰে । শেষত সাংবাদিকেই বিশ্বাস কৰাব নোৱাৰিলে, এই কথা সাংবাদিকৰ প্ৰশ্ন শুনিলেই জানিব পাৰি । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই । মই আগতেই কৈছো এইটো ফ্লপ হ'ব । এইখন ছুপাৰ ফ্লপ চিনেমা । ১০ ছেপ্তেম্বৰত যিখিনি কথা ক'ব বিচাৰি ছয় মাহ শুই থাকিল, ইমানেই যদি গুৰুত্বপূৰ্ণ আছিল ছয় মাহ কি কৰি আছিল মুখ্যমন্ত্ৰীয়ে ।"
কাৰ নামত ১২ হাজাৰ বিঘা মাটি ?
"এতিয়া নিৰ্বাচন কাষ চাপিছে । আমি তেওঁলোকৰ ১২ হাজাৰ বিঘা মাটিৰ কথা উলিয়াইছো । পৰিবৰ্তন যাত্ৰা চাই ৰাইজ ওলাই আহিছে,মানুহে পৰিবৰ্তন বিচাৰিছে । ৰাইজে নতুন বৰ অসম চাব বিচাৰে । সেই কাৰনে নিৰ্বাচনৰ ২ মাহ আগত এইবোৰ উলিয়াইছে । আমি তিনিদিন ধৰি যাত্ৰা কৰি তিনি হাজাৰ বিঘা মাটি ফাদিল কৰিবলৈ সক্ষম হৈছো । তেওঁলোকৰ চিনেমা ফ্লপ, আমাৰ যাত্ৰা হিট ।" এইদৰে মুখ্য়মন্ত্ৰীক কটাক্ষ কৰে গগৈয়ে ।
হিমন্ত বিশ্ব শৰ্মাই বিবেকক সন্মান কৰিব শিকক :
চিনেমা ফ্লপৰ দিনা ছিপাঝাৰত যাত্ৰা কৰা বুলি মন্তব্য় কৰি গৌৰৱ গগৈয়ে কয়, "আজি ছিপাঝাৰ আহিছো, ১০ ছেপ্তেম্বৰত বিনন্দ শইকীয়াক দিল্লীত যোগদান কৰাইছিলো আৰু আজি চিনেমা ফ্লপৰ দিনা ছিপাঝাৰত যাত্ৰা কৰিছো । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান, বিবেকক সন্মান কৰিব শিকক,ৰাইজ সজাগ,ৰাইজে জানে ।"
দৰঙত কংগ্ৰেছৰ পৰিবৰ্তন যাত্ৰা :
দৰঙত কংগ্ৰেছে দেওবাৰে পৰিবৰ্তন যাত্ৰা কৰে । পৰিবৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । পৰিবৰ্তন যাত্ৰা কাৰ্যসূচীত প্ৰথমে দলগাঁও তাৰ পিছত ছিপাঝাৰলৈ ৰাওনা হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৪ দিনীয়া পৰিবৰ্তনৰ বাবে এক যাত্ৰা মঙলদৈতো অনুষ্ঠিত কৰে । পুৱা দলগাঁৱত আৰু দুপৰীয়া ছিপাঝাৰ সমষ্টিত যাত্ৰা কৰে ।
অমিত শ্বাহৰ পুত্ৰৰ পাকিস্তানৰ লগত সম্পৰ্ক :অলকা
দলগাওত যাত্ৰাত অংশগ্ৰহণ কৰি নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা অম্বাৰে কয়, "হিমন্ত বিশ্ব শৰ্মা আপুনি আপোনাৰ চকি বচাওক, অসম আমি বচাম । গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্ক নাই,অমিত শ্বাহৰ পুত্ৰৰ লগতহে আছে ।"
পৰিবৰ্তন যাত্ৰাত গৌৰৱ গগৈৰ লগত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং,পৃথ্বীৰাজ সাথে, অলকা অম্বাৰ, মনোজ চৌহান, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, আব্দুল খালেক, মীৰা বৰঠাকুৰ আদিয়ে ।

