অখিল গগৈৰ গাড়ীৰ পিছে পিছে থাকিব এছকৰ্ট কাৰ: হঠাৎ কিয় বৃদ্ধি কৰা হ'ল নিৰাপত্তাৰক্ষী ?
আকস্মিকভাৱে নিৰাপত্তাৰক্ষী বৃদ্ধি শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ । বিধায়কগৰাকীৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ বাবে এই পদক্ষেপ ।

Published : June 12, 2026 at 8:54 PM IST
যোৰহাট: মাতৃহাৰা হৈ শোকৰ সাগৰত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ । ইয়াৰ মাজতে অখিল গগৈলৈ আহিল এক চিন্তনীয় খবৰ । হঠাৎ বৃদ্ধি কৰা হ'ল অখিল গগৈৰ নিৰাপত্তাৰক্ষী । কিয়নো শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জীৱনৰ প্ৰতি আহিছে ভাবুকি । ফলত গৃহ বিভাগে অতিৰিক্তভাৱে বৃদ্ধি কৰিছে নিৰাপত্তাৰক্ষী । ইতিমধ্যে অখিল গগৈৰ ঘৰত আহি পাইছে ৬জন হাউচ গাৰ্ড আৰু ছয়গৰাকী আৰক্ষীসহ এছকৰ্ট কাৰ ।
আকস্মিকভাৱে নিৰাপত্তাৰক্ষী বৃদ্ধি প্ৰসংগত অখিল গগৈয়ে কয়,"মোৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ খবৰ আৰু তথ্য চৰকাৰে পাইছে । সেইবাবে পূৰ্বৰ তুলনাত অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী প্ৰদান কৰি মোৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে । আগতে থকা নিৰাপত্তাৰক্ষীৰ উপৰিও নতুনকৈ ৬ জন হাউচ গাৰ্ড আৰু এছকৰ্টসহ ৬ জন আৰক্ষী দিয়া হৈছে ।"
বিধায়কগৰাকীয়ে পুনৰ কয়,"সেয়েহে এই সংক্ৰান্তত ক'ম, মই জনামতে মোক লক্ষ্য কৰি আক্ৰমণৰ ষড়যন্ত্ৰ চলি আছে বুলি চৰকাৰৰ মুৰব্বীসকলে তথ্য লাভ কৰিছে । ফলত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিছে । শিৱসাগৰত অস্ত্ৰসহ দুৰ্বৃত্তক আটক কৰিছে আৰু ১৫ জন এনে লোকৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।"
উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে এজন প্ৰাৰ্থীৰ ইতিহাস অসমবাসীৰ আগত উদঙাই দিছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ জীৱনৰ প্ৰতি এই ভাবুকি অহা বুলি সন্দেহ কৰা হৈছে । ইফালে মাতৃৰ বিয়োগ হোৱা বাবে অখিল গগৈ বৰ্তমান যোৰহাটৰ মৰিয়নী চেলেংহাট লুখুৰাখনৰ বাসগৃহত আছে । অখিল গগৈৰ ঘৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে, ফলত জনসমুদ্ৰত পৰিণত হৈছে চেলেংহাটৰ ঘৰখনো ।

