অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধি: একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
ভোটাৰ তালিকাত নাম কৰ্তনক স্বাভাৱিক প্ৰক্ৰিয়া আখ্যা দি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্স বিতৰ্ক নিঃৰসনৰ চেষ্টা মুখ্যমন্ত্ৰীৰ ।

Published : January 7, 2026 at 11:24 PM IST
গুৱাহাটী: ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে হঠাৎ অসমত মৌলবাদীৰ তৎপৰতা । ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে অসমত অব্যাহত থাকিব মৌলবাদীৰ সক্ৰিয়তা ! এই আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
সকলো মানুহকে একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধি আৰু ভোটাৰ তালিকাত নাম কৰ্তন বিতৰ্ক সন্দৰ্ভত এয়া স্বাভাৱিক প্ৰক্ৰিয়া আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য ।
বুধবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাত হিতাধিকাৰী আঁচনিৰ ধনৰ চেক বিতৰণ অনুষ্ঠানৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমত এক বৃহৎ ষড়যন্ত্ৰ চলি থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘অসমখনত এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে ৷ যোৱা চাৰে চাৰি বছৰ অসমখন ভালকৈ চলি আছে। হঠাৎ অসমত মৌলবাদী শক্তিসমূহ সক্ৰিয় হৈ পৰিছে । বাংলাদেশৰ পৰা অহা বহুতখিনি মানুহ আমি ধৰিছো আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে । গতিকে ইলেকচনলৈ আমি সাৱধানে থাকিব লাগিব । সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব ।’’
আনহাতে, ২০২৬ ৰ নিৰ্বাচনৰ বাবে ভোটাৰ লিষ্টত নাম কৰ্তনৰে বিজেপিৰ ভোট চুৰি আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ ভিডিঅ’ কনফাৰেন্সযোগে বিজেপি বিৰোধী ভোটাৰৰ ৬০ টা সমষ্টিত নাম কৰ্তন নিৰ্দেশৰ অভিযোগে যোৱা তিনিদিন ধৰি ৰাজ্য তোলপাৰ কৰিছে । এই প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নিজাববীয়া স্পষ্টীকৰণ । বিৰোধীয়ে অনা ভোট চুৰিৰ অভিযোগৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকাত নাম কৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু নিৰ্বাচন আয়োগত অভিযোগ প্ৰদান কৰাটো সাংবিধানিক অধিকাৰ বুলি যুক্তি প্ৰদৰ্শন কৰে ।
ভোটাৰ তালিকাত নাম কৰ্তন কৰিবই লাগিব বুলি কৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়, “নামতো কৰ্তন কৰিবই লাগিব ৷ এজন মানুহৰ যদি মৃত্যু ঘটিছে, এজন মানুহৰ যদি নাম দুই জেগাত উঠিছে — ৰাজনৈতিক দলে তাত অভিযোগ দিব লাগিব নে নাই ? এইটো ইলেকচন কমিটিৰ গাইডলাইনতে আছে যে বি এল এ সকলে অভিযোগ দিব বুলি ৷ কিন্তু অভিযোগ দিলেই নাম কটা নাযায় ৷ অভিযোগ দিলে প্ৰথমে মানুহজনৰ ঘৰলৈ নটিচ যাব ৷ তেওঁ উত্তৰ দিব । যদি এজন মানুহৰ দুই জেগাত নাম থাকে সেইটো কোনে মানি ল’ব ?’’
তেওঁ লগতে কয়, ‘‘গতিকে কংগ্ৰেছৰ এজেণ্টে অভিযোগ দিব লাগে, ৰাইজৰ দল আৰু বিজেপি দলেও অভিযোগ দিব লাগে ৷ এইটো সংবিধান প্ৰদত্ত অধিকাৰ । সেইকাৰণেই বি এল এ নিযুক্তি দিব লাগে ৷ কংগ্ৰেছও দিছে ৷’’
অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈয়ে অনা ভিডিঅ’ কনফাৰেন্সত ভোট কৰ্তন বিতৰ্ক প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈক সমালোচনা কৰি কয় যে অখিল গগৈয়ে নিয়মবিলাক নাজানে । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য— “নতুনত্ব একো নাই ৷ নামটো কেতিয়া কাটিব ? যেতিয়া দুই জেগাত নাম থাকিব ৷ মই যদি এজন জীৱন্ত মানুহ মোৰ নামটো কিয় কাটিব ? এতিয়া অখিল গগৈ তেওঁ ইণ্টাৰটেইনমেণ্ট কৰে ৷ তেওঁ নিয়মবিলাক নাজানে । তেওঁ ভাবে ক’ৰবাত গৈ এনেকৈ (হাতখন ওপৰলৈ জোকাৰি) দিলেই সকলো হৈ যাব ৷ তেনেকে নহয় । নিৰ্বাচন আয়োগে প্ৰত্যেক ৰাজনৈতিক দলৰ বুথ লেভেল এজেণ্ট— বি এল এ টু নিযুক্তি দিয়াৰ অধিকাৰ দিছে । ৱেবছাইটত নাম আহে ৷ সমষ্টিত থাকে বি এল এ ৱান । তেওঁলোকে মৰা মানুহৰ নাম, দুই জেগাত থকা মানুহৰ নাম অভিযোগ দিব পাৰে । এইটো এটা অধিকাৰ ৷ ইয়াত আকৌ ভি চিৰ (ভিডিঅ’ কনফাৰেন্স) ফটো দিয়ে ।”
মুখ্যমন্ত্ৰীৰ মতে ভোটাৰ তালিকাত নাম কৰ্তন প্ৰক্ৰিয়াত লুকুৱাবলগীয়া একো নাই । সেয়ে ৰাজনৈতিক দলসমূহলৈ তেওঁৰ আহ্বান -
- মৰা মানুহৰ নাম ভোটাৰ লিষ্টত নাৰাখিব
- দুই-তিনি জেগাত যাতে মানুহৰ নাম নাথাকে
- সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত নাৰাখিব
- ইয়াত লুকুৱাবলগা একো নাই ৷
লগতে পঢ়ক: অখিল গগৈৰ অভিযোগৰ নয়া পইচাৰো দাম নাই: দিলীপ শইকীয়া

