জুবিন গাৰ্গে 'ভণ্ড শাসক' গীতটি কিয় লিখিছিল ? গৌৰৱ গগৈক সমালোচনা কৰি ক'লে দিলীপ শইকীয়াই
জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্তক লৈ বাকযুদ্ধ ৰাজ্য়িক বিজেপিৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ।

Published : October 20, 2025 at 1:04 PM IST
বিশ্বনাথ : জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত SIT ৰ দ্বাৰা সঠিকভাৱে হোৱা নাই বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কেনেকৈ জানিলে ? নে গৌৰৱ গগৈ SIT ৰ সদস্য ? এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ প্ৰশ্ন কৰিলে ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । শেহতীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত সন্দৰ্ভত চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাত উভতি ধৰিছে বিজেপিয়ে ।
দেওবাৰে বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপি দলটোক অধিক শক্তিশালী কৰিবলৈ দলীয় কৰ্মী সকলৰ সৈতে মতবিনিময় কৰে শইকীয়াই । ইয়াৰ পিচতেই ৰাজ্য়িক বিজেপিৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি কয়, "গৌৰৱ গগৈ SIT ৰ সদস্য নেকি ? নে SIT ৰ কোনোবা সদস্যই তদন্ত সঠিক হোৱা নাই বুলি তেওঁক জনাইছে ? সেই বিষয়া গৰাকীৰ নামসহ আমাক চিনাকি কৰাই দিয়ক গৌৰৱ গগৈয়ে, নহ'লে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক । নহ'লে শিল্পী জুবিন গাৰ্গক লৈ গৌৰৱ গগৈক ৰাজনীতি কৰিবলৈ সুযোগ দিয়া নহ'ব ।"
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়, "জুবিনৰ ৰহস্যময়, সন্দেহজনক মৃত্যুৰ উচিত তদন্ত হ'ব লাগে । পানী নসৰকা এখন অভিযোগনামা ন্যায়ালয়ত জমা দিব লাগে অসম আৰক্ষী তথা SIT য়ে । আমি বিজেপি দলে দাবী জনাম যাতে ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়া বিলম্ব নকৰাকৈ ক্ষিপ্ৰতাৰে আগবঢ়াই নিব পাৰে ।"
এই সময় ঘোলা পানীত মাছ ধৰাৰ সময় নহয় বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়,"সকলোৱে মিলি জুবিন গাৰ্গৰ ন্যায় দিবলৈ দাবী জনোৱা সময় । পূৰ্বেতো তেওঁলোক জুবিন গাৰ্গ অনুৰাগী নাছিল এতিয়া কংগ্ৰেছ দলে ৰাইজৰ লগত থকাটো দেখুৱালৈ চেষ্টা কৰিছে; কিন্তু আমি তেওঁলোকতকৈ বেছি ভালদৰে ৰাইজৰ লগত আৰু জুবিন দাৰ লগত আছো সেয়া প্ৰমাণ আছে । যদি আমি ক'বলৈ যাওঁ কংগ্ৰেছ চৰকাৰ থকা সময়ত শিল্পী জুবিন গাৰ্গে 'ভণ্ড শাসক' গীতটি ১৯৯৬ -৯৭ চনত লিখি সেই সময়ত গাইছিল । তাৰপৰা অনুমান কৰিব পাৰি যে তেওঁলোকৰ শাসনৰ দুৰৱস্থা দেখি, নেতাবোৰৰ দুৰ্নীতি দেখি বোধহয় জুবিন গাৰ্গে গীতটো লিখিছিল আৰু পৰিৱেশন কৰিছিল ।"
শইকীয়াই পুনৰ কয়,"আমাৰ শাসনত অহা পিছৰ পৰা অৰ্থাৎ ২০১৬ ৰ পিছত জুবিনে এই গীতটো গোৱা নাই; কিন্তু ১৯৯৬ চনত অগপৰ চৰকাৰ আছিল, তাৰ আগৰ কংগ্ৰেছ চৰকাৰৰ শাসনৰ অভিজ্ঞতাৰ পৰা হয়টো লিখিছিল ।"

