তৰুণ গগৈৰ নাতি যদি ভাৰতীয় নহয়, তাতকৈ কি দুখৰ কথা থাকিব: দিলীপ শইকীয়া
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিস্ফোৰণ ।

Published : February 5, 2026 at 5:28 PM IST
|Updated : February 6, 2026 at 10:16 AM IST
মঙলদৈ: মঙলদৈ চহৰত বুথ বিজয় অভিযান আৰম্ভ কৰি বৃহস্পতিবাৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ ওপৰত এচ আই টি তদন্তৰ বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "গোটেই বিষয়টো চলি আছিল, বিভিন্ন কাৰণত দুমাহ পাৰ হোৱাৰ পিছত অহা ৮ ফ্ৰেব্ৰুৱাৰীত কেবিনেটত এই বিষয়ে আলোচনা হ'ব ।"
তেওঁ কয়, "এটা কথা ঠিক যে গৌৰৱ গগৈৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি প্ৰীতি বেছি, পাকিস্তানৰ চিন্তা বেছি । তৰুণ গগৈৰ নাতি যদি ভাৰতীয় নহয়, তাতকৈ কি দুখৰ কথা থাকিব ? ইতিমধ্যে তদন্তকাৰী দলে দাখিল কৰা প্ৰতিবেদন কেবিনেটত আলোচনা হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে তথ্য ৰাজহুৱা কৰিব ।"
'হু ইজ হিমন্ত বিশ্ব শৰ্মা' শীৰ্ষক কংগ্ৰেছৰ প্ৰচাৰ প্ৰসংগত শইকীয়াই কয়, "গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা কোন নাজানে । গৌৰৱ গগৈ ইমান দিনে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কটালে, যোৱা চাৰিটা দশক অসমৰ ৰাজনীতিত যদি কোনোবা প্ৰাসংগিক হৈ আছে সেইজন ব্যক্তি হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা । গৌৰৱ গগৈৰ সেই সময়ত কাৰ লগত কি সম্পৰ্ক, কোনে ক'ত ইনভেষ্ট কৰিছে, কাৰ নামত বাগিচা আছে, কাৰ নামত মাটি আছে অখিল গগৈয়ে ভালকৈ জানিব । অখিল গগৈৰ সেই প্ৰেছ মীটখন আকৌ এবাৰ দেখুৱাই দিয়ক । তেতিয়া গৌৰৱ গগৈৰ গোটেই কথা ওলাই পৰিব ।"
ইফালে ২০২৬ ৰ বিধানসভাৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত সভাপতি দিলীপ শইকীয়াই কয়, "ইতিমধ্যে বিভিন্ন সমীক্ষা কৰা হৈছে, শেষত বিধানসভা সমষ্টি ভিত্তিত দলৰ সকলো স্তৰৰ দলীয় কৰ্মকৰ্তাৰ মতামত লোৱা হ'ব ।"

