ETV Bharat / politics

চহী জালিয়াতি গোচৰত অভিষেক বেনাৰ্জীক সকাহ কলিকতা উচ্চ ন্যায়ালয়ৰ

আদালতে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীক ১১ জুনৰ সন্ধিয়া ৬ বজাৰ ভিতৰত চিআইডিৰ ওচৰত হাজিৰ হ’বলৈও নিৰ্দেশ দিয়ে ।

Abhishek Banerjee
অভিষেক বেনাৰ্জী ফাইল ফটো (IANS)
author img

By ANI

Published : June 11, 2026 at 4:41 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা: চহী জালিয়াতি গোচৰত কলিকতা উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে । বৃহস্পতিবাৰে তৃণমূলৰ সাংসদগৰাকীক স্বাক্ষৰ জালিয়াতিৰ গোচৰত কঠোৰ কাৰ্যব্যৱস্থাৰ পৰা অন্তৰ্ৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে ।

ন্যায়াধীশ কৌশিক চন্দাই তিনি সপ্তাহৰ বাবে তেওঁক অন্তৰ্ৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে । একেসময়তে অভিষেক বেনাৰ্জীক বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত কলকাতাৰ মুখ্য কাৰ্যালয় ভৱানী ভৱনত চিআইডিৰ সন্মুখত হাজিৰ হৈ গোচৰৰ সোধা-পোছাত সহযোগ কৰিবৰ বাবে নিৰ্দেশ দিয়ে ।

অভিষেক বেনাৰ্জীৰ অধিবক্তাই উল্লেখ কৰে যে সাংসদগৰাকী দিল্লীৰ পৰা বিয়লি প্ৰায় ৪ বজাত কলকাতাত উপস্থিত হোৱাৰ কথা আছে । দুসপ্তাহৰ পিছত এই বিষয়টো পুনৰ শুনানিৰ বাবে আদালতত উঠিব ।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ শীৰ্ষতম নেত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ কালীঘাট বাসগৃহত আহ্বান কৰা এখন বৈঠকক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সূত্ৰপাত হয় । এই বৈঠকত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় । কিন্তু বৈঠকত উপস্থিত নথকাৰ পাছতো আনুষংগিক নথি-পত্ৰত কেইবাজনো বিধায়কৰ জাল স্বাক্ষৰ অন্তৰ্ভুক্ত কৰি ৰাজ্যত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

৩০ মে’ত চিআইডিৰ এটা দলে অভিষেক বেনাৰ্জীৰ কালীঘাটস্থিত বাসগৃহত উপস্থিত হৈ চহী জালিয়াতি গোচৰৰ তদন্তৰ সৈতে জড়িত অভিষেকক ১ জুনৰ নিশা ১২ বজাত ভৱানী ভৱনত হাজিৰ হ’বলৈ নিৰ্দেশ দি জাননী প্ৰদান কৰে । বিধানসভাৰ স্বাক্ষৰ জালিয়াতিৰ গোচৰৰ তদন্তৰ সন্দৰ্ভত তেওঁক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছিল ।

কিন্তু ১ জুনৰ পুৱা অভিষেকে চিআইডিলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে সোণাৰপুৰৰ ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তে তেওঁক আক্ৰমণ কৰা হৈছিল আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিৰণি লৈ আছে । গতিকে তেওঁ সোধা-পোছাৰ বাবে হাজিৰ হ’ব নোৱাৰে । লগতে তদন্তৰ সন্মুখীন হ’বলৈ তদন্তকাৰী সংস্থাৰ পৰা ১৫ দিনৰ সময় বৃদ্ধিৰ বাবে অনুৰোধ জনায় ।

কিন্তু চিআইডিয়ে তেওঁৰ অনুৰোধ মানি ল’বলৈ অস্বীকাৰ কৰে আৰু দ্বিতীয়খন জাননী প্ৰদান কৰি ৮ জুনত ভৱানী ভৱনত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত অভিষেকে জাননীখনক প্ৰত্যাহ্বান জনাবলৈ কলিকতা উচ্চ ন্যায়ালয়ত আবেদন জনায় যদিও জৰুৰী শুনানিৰ বাবে কৰা তেওঁৰ আবেদন আদালতে নাকচ কৰে ।

ইয়াৰ পিছত সোমবাৰে ভৱানী ভৱনত হাজিৰ হোৱাৰ পৰা এৰাই চলে ডাইমণ্ড হাৰ্বাৰৰ সাংসদগৰাকী । ইয়াৰ পিছতে চিআইডিয়ে আন এক জাননী জাৰি কৰি মঙলবাৰে (৯ জুন) নিশা ১২ বজাৰ ভিতৰত চিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কয় যদিও সেইবাৰো তেওঁ উপস্থিত নহ’ল ।

লগতে পঢ়ক :মমতাৰ তৃণমূল বিধ্বস্ত ! চাৰিদিনত তিনিজন ৰাজ্যসভাৰ সাংসদৰ পদত্যাগ
লগতে পঢ়ক :তৃণমূল কংগ্ৰেছ তথা ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ সুস্মিতা দেৱৰ, পৰৱৰ্তী ঠিকনা হ’ব পাৰে বিজেপি !