শিউলী নে প্ৰমীলা ! কাৰ ভাগ্যত আছে কোকৰাঝাৰৰ টিকট ?
কোকৰাঝাৰৰ পৰা জ্যেষ্ঠ বি পি এফ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক লাগে টিকট । হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীয়েও টিকট বিচাৰি আৱেদন দাখিল কৰিছে ।

Published : March 16, 2026 at 8:39 PM IST
কোকৰাঝাৰ : নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ৰাজনৈতিক দলবোৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ব্যাপক প্ৰস্তুতি চলাইছে । প্ৰাৰ্থী তালিকা প্ৰকাশ নোহোৱা সমষ্টিবোৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে দলক বিশ্বাস দিবলৈ নিজৰ ক্ষমতা প্ৰদৰ্শনৰ লগতে প্ৰাৰ্থিত্বৰ বাবে আৱেদনো জনাইছে । ব্যতিক্ৰম নহয় কোকৰাঝাৰ সমষ্টিও । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গঠন হোৱা ৩ নং কোকৰাঝাৰ সমষ্টিটোত বি পি এফ দলৰ বৰ্ষীয়ান নেত্ৰী তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এইবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মানসিকভাৱে প্ৰস্তুতি চলাইছে । সমান্তৰালভাৱে হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীও সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভোটাৰৰ মাজত ক্ষিপ্ৰতাৰে সোমাই যোৱা দিশটো আকৰ্ষণীয় হৈ উঠিছে ৷
তাৰ মাজতে ৩ নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বাবে এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ দাবীদাৰ তথা হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীয়ে সহস্ৰাধিক সমৰ্থকক লগত লৈ প্ৰাৰ্থিত্বৰ বাবে টিকট বিচাৰি সোমবাৰে আৱেদন পত্ৰ দাখিল কৰে ।
বি পি এফৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যালয়ত জিলা সভাপতি তথা কাৰ্যবাহী সদস্য দেৰহাছৎ বসুমতাৰীৰ হাতত শিউলী মহিলাৰীয়ে আৱেদন পত্ৰ দাখিল কৰে ৷ আৱেদন পত্ৰ দাখিল কৰিবলৈ অহাৰ সময়ত পুৰুষ-মহিলাকে ধৰি সহস্ৰাধিক সমৰ্থকে শিউলী মহিলাৰীক সংগ দি 'শিউলী মহিলাৰীক টিকট দিয়ক', 'শিউলী মহিলাৰীক আমাক লাগে', 'শিউলী মহিলাৰী লং লিভ' আদি শ্ল'গান দি যিকোনো প্ৰকাৰে শিউলী মহিলাৰীক টিকট দিয়াৰ বাবে বি পি এফ দলৰ ওচৰত দাবী উত্থাপন কৰে ৷
একাংশ সমৰ্থকে কয়, "আমি কোকৰাঝাৰ সমষ্টিটোত নতুন প্ৰাৰ্থী বিচাৰোঁ ৷ শিউলী মহিলাৰী এগৰাকী শক্তিশালী মহিলা ৷ শিউলী মহিলাৰী আহিলে সমষ্টিটোৰ বহু উন্নয়ন হ'ব ৷ সেয়ে আমি শিউলী মহিলাৰীকে বিচাৰোঁ ।"

এগৰাকী কৰ্মী অঞ্জলি বডোসাই কয়, "আমি সাধাৰণ ভোটাৰ হিচাপে ৩ নং কোকৰাঝাৰ সমষ্টিৰ বাবে শিউলী মহিলাৰীকে বিচাৰোঁ ৷ বহু বছৰৰ পৰা আমি এগৰাকীকে (প্ৰমীলাৰাণী ব্ৰহ্ম) ভোট দি আহিছোঁ ৷ কিন্তু এতিয়া তেওঁৰ বয়সে অনুমতি নিদিয়ে, তেওঁ জিৰণি ল'ব লাগে ৷ সকলো গুণ থকা আমি নতুন মুখৰ এগৰাকী প্ৰাৰ্থীকে বিচাৰিছোঁ ৷ আগন্তুক নিৰ্বাচনৰ কাৰণে বি পি এফ দলৰ পৰা শিউলী মহিলাৰীকে প্ৰাৰ্থিত্ব দিয়াৰ বাবে দাবী উত্থাপন কৰিছোঁ ।"
আৱেদন পত্ৰ দাখিল কৰাৰ পাছত শিউলী মহিলাৰীয়ে কয়, "মই বি পি এফ দলৰ পৰা টিকট বিচাৰি আজি আৱেদন পত্ৰ দাখিল কৰিলোঁ । বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা মই সমৰ্থন পাইছোঁ । বি পি এফ দলৰ প্ৰাইমেৰী পৰ্যায়ৰ পৰা ডাঙৰলৈকে যিমান কৰ্মকৰ্তা আছে মোক সমৰ্থন কৰিছে ৷ গাওঁবুঢ়াৰ পৰা আত্মসহায়ক গোট, বিভিন্ন মহিলা সংগঠন, বিভিন্ন ৰাজনৈতিক সংগঠনকে ধৰি বিভিন্ন ধৰ্মৰ ৰাইজে মোক সমৰ্থন কৰিছে ৷ সেইকাৰণে মই ১০০ শতাংশ নিশ্চিত যে টিকট পালে নিৰ্বাচনত বিজয়ী হ'ম ৷ ডাঙৰৰ আশীৰ্বাদ আৰু সৰুৰ মৰম লৈ মই আগুৱাই আহিছোঁ, ৰাইজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁ ৷ যিমান পাৰোঁ ১০০ শতাংশ ৰাইজৰ কাৰণে কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ৷ আজি মোৰ কাৰণে যিমান মানুহ ওলাই আহিছে সকলোকে মই ধন্যবাদ জনাইছোঁ ৷"

আনফালে বি পি এফ দলৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মইও দেওবাৰে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মৰ ওচৰত আৱেদন পত্ৰ দাখিল কৰে ।
আৱেদন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত তেওঁ কয়, "মই কোকৰাঝাৰ সমষ্টিৰ বাবে আৱেদন পত্ৰ দাখিল কৰিছোঁ ৷ মই নাজানোঁ টিকট দাবীদাৰ কোন কোন আছে ? টিকট বিচৰাৰ সকলোৰে অধিকাৰ আছে ৷ মই ভাবোঁ ইয়াত কোনো সমস্যা হ'ব নালাগে ৷"
২০২১ চনত ইউ পি পি এল দলৰ লৰেন্স ইছলাৰীৰ হাতত পৰাস্ত হৈছিল যদিও এই সন্দৰ্ভত তেওঁক লৰেন্স ইছলাৰীয়ে পৰাস্ত কৰা নাই বুলি দাবী কৰি প্ৰমীলাৰাণী ব্ৰহ্মই কয়, "মই বেলেগ কাৰণত হাৰিছোঁ ৷ পলিটিকেল কাৰণত হাৰিছিলোঁ ৷ ইয়াৰ কাৰণে কোনো আক্ষেপ নাই ৷ ইয়াত পলিটিক্স আছে। এইটো গ্ৰহণ কৰি লৈছোঁ ৷ মোৰ আৰু লৰেন্স ইছলাৰীৰ লগত যুঁজ হ'ব ৷ ৰাইজে যাক ভাল পায় তেওঁকেই বিজয়ী কৰিব ৷"
হাগ্ৰামা মহিলাৰীৰ পত্নীয়েও টিকট বিচাৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "টিকট বিচৰাটো অপৰাধ নহয় । হাইকামাণ্ডে বিবেচনা কৰিব কাক টিকট দিয়ে ৷ গণতন্ত্ৰৰ দেশত সকলোৱে টিকট বিচাৰিব পাৰে ৷ মই টিকট পাম বুলি আশাবাদী ৷ মোক প্ৰাৰ্থী হিচাপে যুৱকসকলে বিচাৰিছে, ৰাইজে বিচাৰিছে ৷ সেয়ে তেওঁলোকক সন্মান জনাই মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট বিচাৰিছোঁ ৷ দলে যদি মোক টিকট দিয়ে এইবাৰেই মোৰ অন্তিম যুঁজ হ'ব ৷ মই আৰু খেলাৰ প্ৰশ্নই উঠিব নোৱাৰে ৷ মই ব্যক্তিগত হিচাপে কোৱাৰ কোনো প্ৰয়োজন নাই ৷ দলে যাক বিচাৰে সেইটোৱেই হ'ব ৷"
উল্লেখ্য যে ইতিমধ্যে শিউলী মহিলাৰীক প্ৰাৰ্থিত্ব দিয়াৰ দাবীত একাংশ ভোটাৰে সমষ্টিটোৰ বিভিন্ন অঞ্চলত পোষ্টাৰিং কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি সমষ্টিটোৰ সৰলপাৰা, উল্টাপানী, দেৱৰগাওঁ, দিয়াজিজিৰি আদি অঞ্চলৰ ৰাইজে শিউলী মহিলাৰীকে প্ৰাৰ্থিত্ব দিয়াৰ দাবী উত্থাপন কৰি আহিছে ৷
১৯৯১ চনৰ পৰা একেৰাহে ৫ বাৰ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা তথা দুবাৰকৈ মন্ত্ৰী হোৱা প্ৰমীলাৰাণী ব্ৰহ্মই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ লগত প্ৰায় ২০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ৷ নবীন-প্ৰবীণ দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত কাৰ ভাগ্যৰ বেলি উদয় হয় সময়েহে ক'ব ৷ আনফালে ইউ পি পি এল দলে যুৱনেতা লৰেন্স ইছলাৰীকে দলৰ পৰা টিকট দিয়াটো নিশ্চিত হৈ পৰিছে ৷
লগতে পঢ়ক :

