ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ দুই শতাংশ অতিৰিক্ত মৰগীয়া বানচ : কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ১৭ জনীয়া মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক সম্পন্ন ৷

Published : June 5, 2026 at 10:17 PM IST
গুৱাহাটী: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত শুকুৰবাৰে ১৬ গৰাকী মন্ত্রীক লৈ অসম চৰকাৰৰ কেবিনেট বৈঠক বহিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে ।
মন্ত্রীসকলৰ দপ্তৰ বিতৰণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘শপত গ্ৰহণ কৰা মন্ত্রীসকলৰ মাজত সাতদিনৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ'ব । দপ্তৰ বিতৰণৰ ক্ষেত্রত অলপ সময় ল’ম । আগৰ মন্ত্রীসকলৰ কাম-কাজ আৰু নতুন মন্ত্রীসকলে কোনটো ক্ষেত্রত বেছি ভালদৰে কাম-কাজ কৰিব পাৰিব, সেইটো পৰ্যালোচনা কৰি খৰখেদা নকৰাকৈ দপ্তৰসমূহ বিতৰণ কৰিম । কিন্তু কাইলৈ অভিভাৱক মন্ত্রীৰ দায়িত্বখিনি আবণ্টন কৰি দিম । যাতে মন্ত্রীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয় সমূহৰ বুজ ল'ব পাৰে ।’’
Addressing the media on key decisions taken at today’s #AssamCabinet meeting. https://t.co/bAsxPyh22I
— Himanta Biswa Sarma (@himantabiswa) June 5, 2026
কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দুই শতাংশ অতিৰিক্ত মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইমানদিনে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৫৮ শতাংশ ডিআৰনেচ এলাউন্স পাই আছিল । এতিয়া ৬০ শতাংশ ডিআৰনেচ এলাউন্স লাভ কৰিব আৰু এইটো তৎকালে কাৰ্যকৰী হ'ব ।’’
মুখ্যমন্ত্রীয়ে কয়, ‘‘চৰকাৰৰ বিগত কাৰ্যকালত ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী কৰা হৈছিল । কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব, তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ 'ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি' নামেৰে এটা নতুন কৰ্তৃপক্ষ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ পৰিসৰটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব । ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ হ'ব । এই কৰ্তৃপক্ষৰ অধ্যক্ষ হ'ব ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী আৰু তেখেতৰ পদমৰ্যদা কেবিনেট পৰ্যায়ৰ হ'ব । এজন মুখ্য কাৰ্যবাহী বিষয়া নিযুক্ত কৰা হ'ব । ডিব্ৰুগড়ৰ 'ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি' নিৰ্মাণৰ বাবে অসম চৰকাৰে ৫০০ কোটি টকা ব্যয় কৰিব । এই কৰ্তৃপক্ষৰ অধ্যক্ষ হ'ব বিধায়ক প্ৰশান্ত ফুকন ।’’
In today's meeting of #AssamCabinet, the following important decisions have been taken
— Himanta Biswa Sarma (@himantabiswa) June 5, 2026
✅State Capital Region- Dibrugarh and its Development Authority will be set up
✅MLALAD hiked to ₹1.5cr per MLA per annum this year & to ₹2cr from next year
✅DA & DR hiked to 60% pic.twitter.com/C6TMBRRCjz
কেবিনেটৰ আন সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি বিগত পাঁচ বছৰত এক কোটি টকাতে সীমাবদ্ধ হৈ আছিল । এইবছৰৰ বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি ডেৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু ১ এপ্ৰিলৰ পৰা দুই কোটি টকালৈ বৃদ্ধি হ'ব । এই বছৰ ডেৰ কোটি টকা ৰখাৰ কাৰণ হৈছে যে আধা সময় পাৰ হৈ গ'ল । অহা বছৰ দুই কোটি টকা হ'ব । এই দুই কোটি টকাৰ দহ শতাংশ ৰখা হৈছে স্কুলৰ ফেন, নামঘৰৰ তাল এযোৰ, দিব্যাংগক হুইল চেয়াৰ লাগে, শিক্ষাৰ্থী এজনক লেপটপ লাগে আদি বিভিন্ন কামৰ বাবে । দুই কোটি টকাৰ ১ কোটি ৮০ লাখ টকা আন্তঃগাঁথনি নিৰ্মাণত ব্যয় হ'ব ।’’
মুখ্যমন্ত্রীয়ে কয়, ‘‘অহা ৬ জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো । যাতে ১ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে । আঁচনি বন্ধ কৰা নাই । ২১ দিনীয়া বাজেট অধিৱেশনৰ পাছত এক আগষ্টৰ পৰা সকলো আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব ।’’

মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘কেবিনেটত শিক্ষা বিভাগৰ সংক্ৰান্তত এটা সিদ্ধান্ত হয় । বিদ্যালয়সমূহৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতিৰ সুবিধা পায় । কিন্তু ৰোলখন নোহোৱা বাবে সুবিধা পোৱা নাছিল । তাৰ বাবে কেবিনেটত ৰোলখন বনাই দিয়া হৈছে । এতিয়া পদোন্নতিৰ সুবিধা পাব ।’’
উল্লেখ্য যে, শুকুৰবাৰে অনুষ্ঠিত এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ১৭ জনীয়া কেবিনেটৰ আটাইকেইগৰাকী মন্ত্রীয়েই উপস্থিত আছিল ৷
লগতে পঢ়ক: সম্প্ৰসাৰণ হ'ল মন্ত্রীসভা: চৰ্চাত থকা দুই ন-বিজেপি বিধায়কৰ প্ৰতিক্ৰিয়া

