ETV Bharat / politics

কলিয়াবৰ অগপত খহনীয়া;বিজেপিমুখী নেতাক উদ্দেশ্যি কি ক'লে কেশৱ মহন্তই ?

নিৰ্বাচনৰ প্ৰাকক্ষণত অগপৰ নেতা বিজেপিলৈ গমন কৰাক লৈ কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া ।

Minister Keshab Mahanta
অগপ নেতাৰ বিজেপিত যোগদানক লৈ কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 3:46 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : সমাগত বিধানসভা নিৰ্বাচন । তাৰিখ ঘোষণা হোৱা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । ঠায়ে ঠায়ে যোগদান কাৰ্যসূচীও অনুষ্ঠিত কৰিছে । ইফালে মিত্ৰতা প্ৰসংগতো আলোচনা অব্যাহত আছে । বিৰোধীৰ মিত্ৰতা এতিয়াও অনিশ্চয়তাত আছে যদিও এন ডি এৰ মিত্ৰতা প্ৰায় নিশ্চিত হৈছে ! য'ত অগপ দল থকাতো নিশ্চিত । কিন্তু কিছু কিছু স্থানত অগপ দল ত্যাগ কৰি বিজেপিত একাংশ নেতাই যোগদান কৰিছে । যাক লৈ অগপ দলত প্ৰতিক্ৰিয়াও অব্যাহত আছে ।

প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিও আৰম্ভ হৈছে । যদি মিত্ৰজোঁটত থাকে তেনেহ'লে বিজেপিয়ে অগপক কোন কেইখন আসন এৰি দিব ? পূৰ্বে অগপই প্ৰতিদ্বন্দ্বিতা কৰা আসনত বিজেপিয়ে প্ৰাৰ্থী দিব নেকি ? এইধৰণৰ জল্পনা-কল্পনাও অব্যাহত আছে । তাৰ মাজতে কলিয়াবৰৰ কেইবাগৰাকী অগপ নেতাই যোগদান কৰিছে বিজেপিত ।

অগপ নেতাৰ বিজেপিত যোগদানক লৈ কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া (ETV Bharat)

যাক লৈ সমষ্টিটোত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে স্থানীয় বিধায়ক তথা অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, "তেখেতসকলৰ সমস্যাবিলাক নিজৰ স্থানীয়ভাৱে হোৱা সমস্যা । সেইখিনি কথা স্থানীয়ভাৱেই আছে । আমাৰ দলীয় পৰ্যায়ত কোনো অসুবিধা নাছিল । মানুহৰ কেতিয়াবা অসন্তুষ্টি থাকে । তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ, য'ত আছে তাতকৈ ভালকৈ আগবাঢ়ি যাওঁক ।"

Minister Keshab Mahanta
অগপ নেতাৰ বিজেপিত যোগদান (ETV Bharat)

ইফালে ২০২৬ৰ নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী কৰি মন্ত্ৰী কেশৱ মহন্তই কয়, "এইবাৰ নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটে প্ৰতিদ্বন্দ্বিতা কৰিব । এই নিৰ্বাচনত আমি আগতকৈ বহু বেছি আসন লাভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰ গঠন কৰিম ।"

Minister Keshab Mahanta
উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কেশৱ মহন্তৰ (ETV Bharat)

কলিয়াবৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ ভিতৰুৱা অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক :পথ-দলং একোৱেই নাই, নৈপৰীয়া এখন গাঁৱৰ ৰাইজৰ হাহাকাৰ