ETV Bharat / politics

জীয়াই থকালৈকে অজাপৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিও দলত্যাগ ৰাজেন গোহাঁইৰ, কাৰণ ক’লে জ্যেষ্ঠ নেতাগৰাকীয়ে

নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে অজাপ এৰিলে ৰাজেন গোহাঁইয়ে । পুনৰ যোগ দিব নেকি বিজেপিত ? নে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে অৱতীৰ্ণ হ’ব নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত ?

rajen gohain quits ajp
ৰাজেন গোহাঁইৰ পদত্যাগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 19, 2026 at 5:02 PM IST

5 Min Read
Choose ETV Bharat

নগাঁও: জীয়াই থকালৈকে অসম জাতীয় পৰিষদ দলৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে অৱশেষত ত্যাগ কৰিলে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ । বিগত বৰ্ষৰ চাৰি নৱেম্বৰত অসম জাতীয় পৰিষদ দলত যোগদান কৰি দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰাজেন গোহাঁইয়ে ।

বঢ়পুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত পৰাস্ত

আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিয়েই বিগত বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ সমৰ্থনত অজাপৰ প্ৰাৰ্থী হিচাপে নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল গোহাঁই ৷ কিন্তু বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হাতত তেওঁ পৰাজয় বৰণ কৰে । বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে মুঠ ১,১৭,১২৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী ঐক্যৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজেন গোহাঁইয়ে মাত্ৰ ৬০,৯৮৬ টা ভোট লাভ কৰে ৷ ফলত ৫৬,১৪১ টা ভোটৰ ব্যৱধানত পৰাজিত হয় জ্যেষ্ঠ নেতাগৰাকী ।

rajen gohain quits ajp
বিজেপি নেতা-সদস্যৰ সৈতে ৰাজেন গোহাঁই (ETV Bharat)

নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতেই দলত্যাগ

বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত সোমবাৰে হঠাৎ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ দলটোৰ দায়িত্বৰ এৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নেতাগৰাকীয়ে । ৰাজেন গোহাঁইৰ পদত্যাগক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে সৰৱ চর্চা । বিজেপি দলৰ পৰা কেইবাবাৰো লোকসভাৰ প্ৰাৰ্থিত্ব লাভ, কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ পাছতো বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদ দলত যোগদান কৰিছিল তেওঁ ।

rajen gohain quits ajp
নীতিন গাডকাৰীক সম্বৰ্ধনা ৰাজেন গোহাঁইৰ (ETV Bharat)

আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰি নগাঁৱত উপস্থিত হৈ বিজেপি দল আৰু চৰকাৰক সমালোচনাৰে থকা সৰকা কৰাৰ লগতে অসম জাতীয় পৰিষদৰ পৰা জীৱনৰ অন্তিমটো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ব্যক্ত কৰিছিল ৰাজেন গোহাঁইয়ে । আনকি জীয়াই থকালৈকে অসম জাতীয় পৰিষদ দলৰ হৈ কাম কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত তেওঁ একপ্ৰকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

জীৱনৰ অন্তিমটো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰি জীয়াই থকালৈকে অসম জাতীয় পৰিষদ দলৰ হৈ কাম কৰিব বুলি ৰাজেন গোহাঁইয়ে দিয়া প্ৰতিশ্ৰুতিৰ বাতৰি চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত প্ৰকাশ হৈছিল ইটিভি ভাৰতত । কিন্তু শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত হঠাৎ সকলো প্ৰতিশ্ৰুতি পাহৰি অসম জাতীয় পৰিষদ ত্যাগ কৰে ৰাজেন গোহাঁইয়ে ।

rajen gohain quits ajp
ৰাজেন গোঁহাইৰ পদত্যাগ পত্ৰ (ETV Bharat)

নিজৰ প্ৰতিশ্ৰুতিক ভৰিৰে মোহাৰি আঞ্চলিক দল ত্যাগ কৰা ৰাজেন গোহাঁই এতিয়া সন্মুখীন হৈছে সমালোচনাৰো । অসম জাতীয় পৰিষদ ত্যাগ কৰা ৰাজেন গোহাঁইয়ে পৰৱৰ্তী কোন ৰাজনৈতিক দলত যোগদান কৰিব তাক লৈয়ো ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত । ৰাজেন গোহাঁই পুনৰ বিজেপি দললৈ উভতিব বুলি একাংশৰ মাজত চর্চা আৰম্ভ হোৱাৰ বিপৰীতে কংগ্ৰেছ দলত যোগদান কৰি ৰাজেন গোহাঁইয়ে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও চর্চা কৰিছে আন একাংশই ।

দলত্যাগ কৰি ৰাজেন গোহাঁইৰ প্ৰতিক্ৰিয়া

এনে সময়তে ৰাজেন গোহাঁইয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয়, “মানুহে বহুত কথাই কৈ থাকিব কিন্তু মই ৰাজনীতিৰ পৰা অলপ দূৰত থাকিব বিচাৰোঁ । সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছোঁ । পৰৱৰ্তী সময়ত ৰাজনৈতিক দলত যোগদান কৰিম নে নাই এই সন্দৰ্ভত প্ৰশ্ন নকৰাই ভাল ।”

rajen gohain quits ajp
জনসভাত ৰাজেন গোহাঁই (ETV Bharat)

বিজেপিৰ হৈ চাৰিবাৰকৈ সাংসদ হৈছিল নগাঁৱৰ পৰা

পূৰ্বে বিজেপি দলৰ প্ৰাৰ্থিত্বৰে নগাঁও লোকসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক ৰেল মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল ৰাজেন গোহাঁইয়ে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰহাত এইমছৰ দাবীৰে সৰৱ হৈ পৰিছিল ৰাজেন গোহাঁই । পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৰাজ্যিক ৰেল মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল ৰাজেন গোহাঁইয়ে ।

বিতৰ্কৰ পাছতেই টিকটৰ পৰা বঞ্চিত ৰাজেন গোহাঁই

কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক বিশেষ বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোহাঁই । তাৰ পৰৱৰ্তী সময়ৰ পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল ৰাজেন গোহাঁইয়ে । পৰৱৰ্তী সময়ত পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰাৰ লগতে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল নেতাগৰাকীয়ে ।

rajen gohain quits ajp
বিজেপিৰ মঞ্চত ৰাজেন গোহাঁই (ETV Bharat)

সম্পূৰ্ণ ব্যক্তিগত কাৰণত অসম জাতীয় পৰিষদ ত্যাগ কৰা বুলি স্পষ্ট মন্তব্য কৰা ৰাজেন গোহাঁইয়ে পৰৱৰ্তী সময়ত সঁচাকৈ ৰাজনীতিৰ পৰা দূৰত থাকে, নে পূৰ্বৰ দৰেই নিজৰ বক্তব্যক মিছা প্ৰতিপন্ন কৰি ৰাজনৈতিক দলত যোগদান কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক:

আছে নেকি নতুন অংক ? কিয় দলৰ সকলো পদৰ পৰা অব্যাহতি ল’লে ৰাজেন গোহাঁয়ে ?

হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জ্ঞান সীমিত : ৰাজেন গোঁহাইৰ এনে মন্তব্য় কিয় ?

জীৱনৰ শেষৰটো নিৰ্বাচন খেলিব বিচাৰিছে ৰাজেন গোহাঁয়ে