ETV Bharat / politics

ভ্ৰষ্টাচাৰী হিমন্ত বিশ্ব শৰ্মা মহাপ্ৰৱঞ্চক, ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে : কংগ্ৰেছ নেতা বন্ধু তিৰ্কী

হিমন্ত বিশ্ব শৰ্মাই উদ্যোগপতি বন্ধুক উদ্যোগ স্থাপনৰ বাবে অসমৰ বাগানসমূহ দিবলৈ আৰম্ভ কৰিছে । অসম কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কীৰ ৰাজীৱ ভৱনত সংবাদমেল ।

Senior AICC Leader Bandhu Tirkey react on BJP govt
কংগ্ৰেছ নেতা বন্ধু তিৰ্কীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 10:00 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী: "হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আৰু বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব । যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়ত প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত চাহ বাগানৰ লোকসকলৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিয়া হৈছিল ৷ এই সমিতিখনে চাহ শ্ৰমিকে লাভ কৰিবলগীয়া পাৰিশ্ৰমিক সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথা আছিল ৷ যেতিয়া অসমত বিজেপি চৰকাৰ গঠন হ’ল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল, তেতিয়া এই সমিতিখন নিষ্ক্ৰিয় কৰি দিয়া হ’ল । এই ব'ৰ্ডখনে যি কাম কৰিবলগীয়া আছিল সেই কাম কৰিবলৈ দিয়া নহ’ল । এই সমিতিখন কিয় নিষ্ক্ৰিয় কৰা হ’ল, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব"- এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীৰ ।

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় অসমত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে । তেওঁ কয়, "চাহ শ্ৰমিকে যি পাৰিশ্ৰমিক লাভ কৰিব লাগিছিল সেই মতে নাপালে ৷ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসী চাহ শ্ৰমিকক ঠগ-প্ৰৱঞ্চনা কৰিলে ৷ ২০ বা ৩০ টকা পাৰিশ্ৰমিক বৃদ্ধি কৰা হৈছে । কিন্তু কোনো চুক্তি কৰা নহ’ল । পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে যি নীতি-নিয়ম আছে সেয়া কাৰ্যকৰী কৰা নহ’ল । এইখন বিজেপি চৰকাৰৰ দিনত আদিবাসী, চাহ শ্ৰমিকসকলক ধ্বংস কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷"

কংগ্ৰেছ নেতা বন্ধু তিৰ্কীৰ সংবাদমেল (ETV Bharat Assam)

চাহ শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক কিয় নিৰ্ধাৰণ কৰা নহ’ল তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব বুলি সদৰী কৰি তেওঁ কয়,"বিগত নিৰ্বাচনত অসমৰ আদিবাসী চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নকৰি চাহ শ্ৰমিকক প্ৰৱঞ্চনা কৰা হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমত চাহ বাগিচা সকলোতকৈ বেছি বিক্ৰী কৰা হৈছে ৷ চৰাইদেউ বাগানখনৰ কথা সকলোৱে জানে৷ বহু বাগান বন্ধ হৈছে, বহু বাগান বিক্ৰী হৈছে ৷ অসমত ভাৰত চৰকাৰৰ অধীনত থকা ১২ খন বাগানত আজি পাৰিশ্ৰমিক আৰু ৰেচন সময় মতে দিয়া নাই । এয়া বাগানৰ লোকসকলৰ সৈতে প্ৰৱঞ্চনা কৰা বুলি ক’ব পাৰি ৷"

অসমৰ চাহ বাগানসমূহ কিয় বিক্ৰী কৰি থকা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয়, "হিমন্ত বিশ্ব শৰ্মাই উদ্যোগপতি বন্ধুক উদ্যোগ স্থাপনৰ বাবে অসমৰ বাগানসমূহ দিবলৈ আৰম্ভ কৰিছে । আদানি, আম্বানি আৰু পতঞ্জলিক সুখী কৰিবলৈ বাগানসমূহ দি থকা হৈছে । বৰাক উপত্যকাৰ এখন চাহ বাগান গ্ৰীণফিল্ড এয়াৰপৰ্টৰ বাবে দিয়া হৈছে ৷ শ্ৰমিকসকলে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল । চাহ বাগানসমূহ বিক্ৰী কৰি থাকিলে শ্ৰমিকসকলৰ অৱস্থা কি হ’ব পাৰে সেয়া অনুধাৱন কৰিব লাগিছিল হিমন্ত বিশ্ব শৰ্মাই ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, "আজি অসমত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈছে । আজি অসমৰ প্ৰতিগৰাকী লোকে হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেটৰ কথা জানে । যাৰ বাবে ৰাইজে পৰিৱৰ্তন বিচাৰিছে । ভিতৰি ভিতৰি অসমত ব্যাপক হাৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে । আজি মানুহে ভয় কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একো নকয় । কিন্তু অনাগত দিনকেইটাত ৰাইজে সজোৰে এই কথাবোৰ উত্থাপন কৰিব ।"

তিৰ্কীয়ে কয়,"বিশ্বনাথত দুজন আদিবাসী যুৱকৰ হত্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ বিজেপিৰ বিধায়ক এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগৰ বাবে বিজেপি চৰকাৰে তদন্ত ঘোষণা নকৰাত তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰি কয়,"বিশ্বনাথত আদিবাসী যুৱক ৰাজু মুণ্ডা আৰু পুষ্পা গোৱালাক হত্যা কৰা হৈছিল । চতিয়াৰ এজন যুৱকে ভিডিঅ’ প্ৰস্তুত কৰি এই অভিযোগ উত্থাপন কৰিছিল ।"

তেওঁ কয়,"বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছিল যুৱকজনে । কেইবাটাও সংগঠনে আন্দোলন কৰিছিল । কিন্তু আজিলৈ তদন্ত ঘোষণা কৰা নহ’ল । ভুক্তভোগী দুয়োটা পৰিয়ালক ন্যায় প্ৰদান কৰা নহ’ল । তাৰ পিছতো কেনেদৰে বিজেপিয়ে আদিবাসী, চাহ শ্ৰমিকৰ ভোট বিচাৰিব পাৰে ।"

তেওঁ কয়, "এইবাৰ অসমৰ আদিবাসী, চাহ শ্ৰমিকে সংকল্প লৈছে যে হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাব লাগে । বিজেপিক পৰাজিত কৰি কংগ্ৰেছৰ নেতৃত্বত তথা গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সংকল্প লৈছে ।"

নিৰ্বাচনৰ পূৰ্বে চাহ বাগানৰ লোকৰ মাজত মাটিৰ পট্টা দিবলৈ প্ৰ-পত্ৰ বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে মহামানৱ। নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়াৰ নামত ‘জুমলাবাজি’ কৰিছে । প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ নিৰ্বাচনত ডাঙৰ ডাঙৰ কথাৰে ভাষণ দিছিল । ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ১২ বছৰ পাৰ হৈ গ’ল কিন্তু জনজাতিকৰণ নকৰিলে । প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰ-পত্ৰ বিতৰণ কৰিছে । এয়া প্ৰবৱঞ্চনা । নিৰ্বাচনৰ পূৰ্বে প্ৰ-প্ৰত্ৰ দি সেয়া পূৰণ কৰিবলৈ দিয়া হয় ।"

তেওঁ লগতে কয়,"যিসমূহ চাহ কোম্পানীৰ এলেকাত ভূমি পট্টা দিয়া হৈছে সেই কোম্পানীয়ে মাটিৰ বিপৰীতে ঋণ লৈছে । ঋণৰ বিষয়টো স্পষ্ট নকৰাকৈ পট্টা কেনেকৈ দিব পাৰে । বিজেপি হৈছে মহাঠগ । ৩৫০ টকা পাৰিশ্ৰমিক দিব নোৱাৰিলে । কংগ্ৰেছে যিখন ব'ৰ্ড গঠন কৰিছিল সেইখন নিষ্ক্ৰিয় কৰি দিছে ৷ অসমত চৰকাৰ গঠনত আদিবাসী, চাহ শ্ৰমিকৰ বহুত ডাঙৰ ভূমিকা থাকে । এইবাৰ চাহ শ্ৰমিকসকলে কোনো কাৰণত বিজেপিৰ মিথ্যাচাৰত ভোল নাযায় ।"

সংবাদমেলত শীঘ্ৰেই কংগ্ৰেছৰ ইস্তাহাৰ ৰাইজৰ মাজলৈ লৈ আহিব বুলি উল্লেখ কৰি তেওঁ কয়, "ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ দৰে নেতাসকল অসমলৈ প্ৰচাৰ চলাবলৈ আহিব । এইবাৰ অসমৰ নিৰ্বাচনৰ বিশেষ ৰণনীতি প্ৰস্তুত কৰি কংগ্ৰেছ অৱতীৰ্ণ হৈছে । আমাৰ মাজত গৌৰৱ গগৈৰ দৰে সম্পদ আছে ।"

‘‘উচ্চ শিক্ষিত, নিকা ভাৱমূৰ্তিসম্পন্ন, সৎ নেতা গৌৰৱ গগৈয়ে সকলো বিষয় বুজি পায় । কংগ্ৰেছ দলত এনে কিছুমান লোক আছিল যিসকলে ব্যক্তিস্বাৰ্থক গুৰুত্ব দিছিল । যিসকল দলৰ পৰা ওলাই গৈছে । দলৰ ক্ষতিকাৰকসকল আঁতৰি গৈছে যেতিয়া মই নিশ্চিত যে অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’ব ৷ মই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ ৷ মানুহে ভয়তে মুখেৰে কথাবোৰ নকয় ৷ কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে ৷ আজি অসমত ব্যাপক দুৰ্নীতি হৈছে" বুলিও তেওঁ কয় ৷

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ভ্ৰষ্টাচাৰী আখ্যা দি তেওঁ কয়, "এইজন মুখ্যমন্ত্ৰী মহাপ্ৰৱঞ্চক ৷ ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে ৷ অভব্য কথা কৈ অসমক বদনাম কৰিছে ৷ ৰিক্সাত উঠিলে মানুহক ৫ টকাৰ ঠাইত চাৰি টকা ভাড়া দিবলৈ কয় ৷ হাতত বন্দুক লৈ টুপী পিন্ধা মানুহক গুলী কৰে ৷ এইজন ঠগ মুখ্যমন্ত্ৰীয়ে ঝাৰখাণ্ডত গৈ ডিঙি ফুলাই ফুলাই ভাষণ দিছিল ৷ এইবাৰ চাহ বাগানৰ লোকে মুখ্যমন্ত্ৰীৰ ‘ঔকাদ’ কিমান বুজাই দিব ৷"

৯ এপ্ৰিলত অসমত নতুন চৰকাৰ গঠন হ’ব বুলি দাবী কৰি তেওঁ কয়, "ৰাইজে এইবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ভোট দান কৰিব ৷ আমি সাধাৰণ জনগণৰ মাজলৈ গৈ এইখন চৰকাৰৰ কু-নীতিৰ বিৰুদ্ধে সজাগ কৰিছোঁ ৷ বিজেপিৰ চৰকাৰ অসমত ১০ বছৰ ধৰি আছে ৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিব পৰা নাই ৷ বিজেপিৰ ১০ বছৰৰ শাসনকালৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্তই ৫ বছৰ মুখ্যমন্ত্ৰী হৈ থাকি অসমৰ জনতাক কেৱল ঠগাইছে ৷"

তেওঁ কয়,"বিশেষকৈ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিছে ৷ চাহ জনগোষ্ঠী-আদিবাসী, আহোম, মৰাণ, মটক, কোচ-ৰাজবংশীক, চুতীয়াসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে ৷ আমি মানুহৰ মাজলৈ গৈছো ৷ জনতাই ঠিক কৰিছে যে এইবাৰ পৰিৱৰ্তন হ’ব ৷ হিমন্ত বিশ্ব শৰ্মা আজি বিজেপি দলত অকলশৰীয়া ৷ বিজেপি দলৰ মানুহে তেওঁক সহায় কৰা নাই ৷ ডাঙৰ নেতা তেওঁৰ কাষত নাই ৷ আতংকত তেওঁ কেনেদৰে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে সেয়া অসমবাসীয়ে দেখিছে ।"

সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিভাগৰ সমন্বয়ক অৰুণ ত্ৰিপাঠী আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাইদঙীয়া দ'লত সাষ্টাংগে সেৱা লৈ ৰণত নামিল লুৰীণ

মুকাভিনয়, দেৱাল অংকন, নিৰ্বাচনী বিহুগীতেৰে যুৱ ভোটাৰক আকৰ্ষণৰ চেষ্টা