প্ৰিয়ংকা গান্ধীৰ বৈঠকৰ গোপন খবৰ মুখ্যমন্ত্ৰীৰ হাতত ! কোনে দিলে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো সবিশেষ জানে কংগ্ৰেছৰ ভিতৰুৱা খবৰ । নিশা তিনি বজালৈকে বৈঠকত কি কি হৈছিল ?

Published : February 22, 2026 at 11:24 AM IST
গুৱাহাটী: কংগ্ৰেছৰ ৰাজীৱ ভৱনত সঁচাকৈয়ে আছে নেকি মুখ্যমন্ত্ৰীৰ এজেণ্ট ! কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ২০২৬ৰ বিধাসভা নিৰ্বাচনকেন্দ্ৰিক শেহতীয়া অসম ভ্ৰমণত নিশা তিনি বজালৈ কি কৰিছিল ? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো সবিশেষ জানে ।
দুদিনীয়া অসম ভ্ৰমণত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাৰ্থী বাচনি কমিটীৰ (স্ক্ৰীণিং কমিটী) অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে নিশা তিনি বজালৈ দলীয় কাম-কাজ কৰাক লৈ অসমত চৰ্চা অব্যাহত থকাৰ মাজতেই বিজেপি নেতা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দলীয় গোপন নথি দেখুৱাই কৰিলে বিশেষ মন্তব্য । ক’লে যে বেলেগ কাম নহয়, কেৱল কাজিয়া ভাঙোতেই নিশা তিনি বাজিল প্ৰিয়ংকা গান্ধীৰ ।
উল্লেখ্য যে, যোৱা ১৯ ফেব্ৰুৱাৰীত অসমলৈ আহি ২০২৬ৰ অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াত ভাগ ল’বৰ বাবে দুদিনীয়া অসম ভ্ৰমণলৈ আহিছিল প্ৰিয়ংকা গান্ধী । তৃণমূল কৰ্মীৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰিও এজন এজনকৈ বহু সংখ্যক নেতাৰ সৈতে নিশা তিনি বজালৈ বৈঠকত মিলিত হৈছিল শীৰ্ষ স্থানীয় কংগ্ৰেছ নেত্ৰীগৰাকী ৷ নিশা তিনি বজালৈ বৈঠকত মিলিত হোৱা বিষয়টো ৰাজ্যখনত সামাজিক মাধ্যমত চৰ্চাৰ মাজলৈ আহিছিল ।
কংগ্ৰেছ দলৰ এখন গোপন ভিতৰুৱা কাগজ সংবাদ মাধ্যমক দেখুৱাই শনিবাৰৰ নিশা হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈলৈ দিয়া এখন নিৰ্দেশ পত্ৰক লৈ লগা কাজিয়া অসমত ভাঙিবলগীয়া হৈছিল প্ৰিয়ংকা গান্ধীয়ে ৷
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "মোৰ হাতত এখন কাগজ আছে, কিমান দূৰ সঁচা-মিছা চাব লাগিব ৷ জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈক এখন চিঠি দিছিলে যে তিনিজন কাৰ্যকৰী সভাপতিৰ মাজত অসমখন সংগঠন কৰাৰ কাৰণে ভগাই দিব লাগে ৷ কিন্তু, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই জিতেন্দ্ৰ সিঙৰ কথাটো নামানিলে ৷"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "জাকিৰ হুছেইন শিকদাৰে ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, বৰপেটা, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, দৰং চাব ৷ ৰজলীনা তিৰ্কীয়ে চাব গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, বিশ্বনাথ, লখিমপুৰ । প্ৰদীপ সৰকাৰে চাব ডিমা হাচাও, কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ ৷"
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জিতেন্দ্ৰ সিঙৰ নিৰ্দেশ কাৰ্যকৰী নকৰাক লৈ কংগ্ৰেছ দলৰ একাংশ নেতাৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এইখন কাজিয়া ভাঙোতেই বোলে প্ৰিয়ংকা গান্ধীৰ নিশা তিনি বাজি গ’ল অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত ।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "কিন্তু এই অৰ্ডাৰটো গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰকাশ কৰি নিদিলে ৷ তাকে লৈ প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত এই বিষয়টো লৈয়ো কাজিয়া-পেচাল হৈছে । ৰাতি তিনিটালৈকে কাজিয়া মিলাওতেই সময় গৈছে ৷"
হিমন্ত বিশ্ব শৰ্মাই কয়, "আপোনালোকে যে কৈছে নিশা তিনিটালৈ কাম কৰিছে ৷ তিনিটালৈ কাম কৰা নাছিল ৷ দুই-তিনিখন কাজিয়া মিলাওতেই তেওঁলোকৰ তিনিটা বাজি গৈছে । নহ’লে এইকেইজন মানুহক লগ লগাওতে আধা ঘণ্টাতেই হৈ যায় । সেইটো কাৰণেহে ইমান ৰাতি হ’ল । মোৰ বেয়াও লাগিছে যে প্ৰিয়ংকা গান্ধীয়ে ইয়ালৈ আহি কাজিয়া মিলাবলগীয়া হৈছে ৷ ভাল নালাগে দিয়কচোন ।"
স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰেই সঁচাকৈয়ে কংগ্ৰেছত তেওঁৰ এজেণ্ট সোমাই আছে নেকি এতিয়াও ? মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমত প্ৰদৰ্শন কৰা জিতেন্দ্ৰ সিঙৰ পত্ৰখন যদি সঁচা হয় তেন্তে তেন্তে এই পত্ৰখন কেনেকৈ আহিল মুখ্যমন্ত্ৰীৰ হাতলৈ । ৰাজীৱ ভৱনৰ পৰা কোনো কংগ্ৰেছীয়ে দিলে নে কংগ্ৰেছ ত্যাগী বিজেপিত যোগদান কৰা কোনো নেতাই যোগান ধৰিছে এই পত্ৰ ?

