ETV Bharat / politics

ৰাজ্যসভাৰ সাংসদ হোৱাৰ আশাত চেঁচাপানী: মীনাক্ষি নটৰাজনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

মনোনয়ন নাকচ কৰা ক্ষেত্ৰত ভুল শুধৰণিৰ বাবে সংবিধানৰ ৩২ অনুচ্ছেদ প্ৰয়োগ কৰিব পাৰি বুলি আবেদনকাৰীয়ে আগবঢ়োৱা যুক্তি বিচাৰপীঠে মানি ল’বলৈ অস্বীকাৰ কৰে ।

Meenakshi Natarajan's Plea
মীনাক্ষি নটৰাজনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 6:46 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ নাকচ হোৱাৰ পিছত এইবাৰ দেশৰ শীৰ্ষ ন্যায়ালয়তো মুখথেকেচা খালে কংগ্ৰেছ নেত্ৰী মীনাক্ষি নটৰাজনে । নিজৰ মনোনয়ন নাকচৰ প্ৰত্যাহ্বান জনাই মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জনোৱা আবেদন শুকুৰবাৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে ।

ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু অতুল এছ চন্দুৰকাৰৰ বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন হোৱাৰ পিছত বিচাৰপীঠে কয়, "সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত আমি এই আবেদন গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়... সেয়ে ইয়াক খাৰিজ কৰা হৈছে ।"

বিচাৰপীঠখনে লগতে কয়, "কোৱা বাহুল্য যে আবেদনকাৰীৰ মনোনয়ন নাকচ কৰাৰ ভিত্তি সম্পৰ্কে ইয়াত যিবোৰ কথা কোৱা হৈছে, সেইবোৰ কেৱল গোচৰৰ তথ্যক বুজোৱাৰ উদ্দেশ্যে কৰা হৈছে । এই আদেশত থকা কোনো কথাই নিৰ্বাচনী আবেদনখনত প্ৰভাৱ নেপেলায়, যদিহে এনে আবেদন আবেদনকাৰী বা আন কোনো ব্যক্তিয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ সন্মুখত ইয়াক দাখিল কৰে ।"

কংগ্ৰেছ নেত্ৰীগৰাকীৰ হৈ জ্যেষ্ঠ অধিবক্তা এ এম সিংভী আৰু বিবেক টাংখাই বিচাৰপীঠত হাজিৰ হোৱাৰ বিপৰীতে নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা ডি এছ নাইডুৱে ।

মনোনয়ন নাকচৰ ক্ষেত্ৰত 'পৰিষ্কাৰ' আৰু 'স্পষ্ট' ভুল শুধৰণিৰ বাবে সংবিধানৰ ৩২ অনুচ্ছেদ প্ৰয়োগ কৰিব পাৰি বুলি আবেদনকাৰীয়ে যি যুক্তি আগবঢ়াইছিল সেয়া বিচাৰপীঠে মানি ল’বলৈ অস্বীকাৰ কৰে ।

ৰায় প্ৰদানৰ সময়ত ন্যায়াধীশ মিশ্ৰই কয় যে যদি আদালতে এনে যুক্তি গ্ৰহণ কৰে আৰু উক্ত বিষয়সমূহৰ মাজত পাৰ্থক্য আনে, য'ত অনুচ্ছেদ ৩২/২২৬ৰ অধীনত হস্তক্ষেপৰ প্ৰয়োজনীয়তা আছে আৰু উক্ত বিষয়সমূহৰ মাজত য'ত প্ৰাৰ্থীয়ে নিৰ্বাচনী আবেদনৰ জৰিয়তে সমাধান বিচাৰিব লাগে, তেনেহ'লে এয়া অনুচ্ছেদ ৩২৯ত এনে এটা সিদ্ধান্ত অন্তৰ্ভুক্ত কৰাৰ দৰে হ'ব যিটোৰ প্ৰকৃততে কোনো অস্তিত্বই নাই ।

লগতে পঢ়ক :মধ্যপ্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত; কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ ৰাজ্যসভাৰ মনোনয়ন নাকচ
লগতে পঢ়ক :চহী জালিয়াতি গোচৰত অভিষেক বেনাৰ্জীক সকাহ কলিকতা উচ্চ ন্যায়ালয়ৰ