ETV Bharat / politics

মোদী চৰকাৰে কেতিয়াও খেতিয়কৰ স্বাৰ্থ বিসৰ্জন দিয়া নাই : সৰ্বানন্দ সোণোৱাল

ভাৰত চৰকাৰে ৩৮ খন ৰাষ্ট্ৰৰ লগত কৰা বাণিজ্যিক চুক্তিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক লাভান্বিত কৰিব । ডিব্ৰুগড়ত সংবাদমেলযোগে উন্নয়নৰ খতিয়ান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Sarbananda Sonowal's PC on BJP govt's development record
উন্নয়নৰ খতিয়ান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 5:42 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান লৈ ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,"বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বৰ্ষই বিশ্বৰ বুকুত শক্তিশালী পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । আগন্তুক '৪৭ চনৰ ভিতৰত ভাৰত‌বৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আগবঢ়াই লৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকালৰ সু-শাসনৰ কাৰ্যকালত কৃষক, বনুৱাৰ পৰা সাধাৰণ শ্ৰমিক ৰাইজক অধিক শক্তিশালী কৰি আত্মনিৰ্ভৰশীল কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ।"

তেওঁ লগতে কয়,"দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো শ্ৰেণীৰ লোকক শক্তিশালী কৰাৰ বাবে নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে । ভাৰতবৰ্ষই বৰ্তমান বিশ্বত বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।‌ দেশত উৎপাদন কৰা সকলো সামগ্ৰী বিশ্বৰ বজাৰত বিক্ৰী কৰিবলৈ এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ফলত যুৱক-যুৱতীসকলে উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কেতিয়াও খেতিয়কৰ স্বাৰ্থ বিসৰ্জন দিয়া নাই ।"

উন্নয়নৰ খতিয়ান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam)

সোণোৱালে লগতে কয়,"কেৱল খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে চৰকাৰে । ভাৰত চৰকাৰে বিভিন্ন ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে ফলত ভাৰতবৰ্ষত বিভিন্ন ৰাষ্ট্ৰৰ কৃষক আৰু উদ্যোগীসকলে বিশ্বত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকে উৎপাদন কৰা চাহে এতিয়া বিশ্বত বজাৰ দখল কৰিছে । পূৰ্বে চাহৰ বজাৰ সংকুচিত হৈ আছিল । কিন্তু অসমৰ চাহে এতিয়া বিশ্বত বজাৰ দখল কৰিছে ।"

প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "এয়া একমাত্ৰ সম্ভৱ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগ গ্ৰহণ কৰা বাবে । ইয়াৰ জৰিয়তে এখন বজাৰ দখল কৰিবলৈ সক্ষম হোৱাত কৃষক ৰাইজ উপকৃত হ'বলৈ সক্ষম হৈছে । ভাৰত চৰকাৰে ৩৮ খন ৰাষ্ট্ৰৰ লগত বাণিজ্যিক চুক্তিত চুক্তিবদ্ধ হ'বলৈও সক্ষম হৈছে । এই চুক্তিৰ দ্বাৰা ভাৰতবৰ্ষৰ বাবে ৭০ % বাণিজ্যিক বজাৰ মুকলি হ'ল । এতিয়াৰে পৰা ভাৰতৰ ব্যৱসায়ীসকলে এই চুক্তিৰ সহায়ত বিশ্বত বজাৰ দখল কৰিবলৈ সক্ষম হ'ব ।"

তেওঁ কয়, "নতুন বাণিজ্যিক চুক্তিৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক লাভান্বিত কৰিব ।‌ ৬০ বছৰ শাসনকালত কংগ্ৰেছে মুক্ত বাণিজ্য কৰিবলৈ সক্ষম নহ'ল । কংগ্ৰেছে কৰিব নোৱৰা কাম মাত্ৰ ১১ বছৰত কৰি দেখুৱালে এন ডি এ নেতৃত্বাধীন চৰকাৰে । দেশৰ শক্তিশালী অৰ্থনৈতিক অৱস্থা দেখি হতাশ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ নতুন পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে ।"

লগতে পঢ়ক: ঘোষণাৰ পিছতে কিয় বাতিল কৰা হ'ল এ পি এছ চি পৰীক্ষাৰ ফলাফল : উত্তৰ দিলে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে

মই APCC(R) ত নাথাকো... ! বিজেপি গমনৰ ইংগিত দি কংগ্ৰেছত থকা R ৰ আখ্যান শুনালে ভূপেন বৰাই