পঞ্জাবে এইসকল বিশ্বাসঘাতকক সদায় মনত ৰাখিব : ক্ষুব্ধ সাংসদ সঞ্জয় সিঙৰ প্ৰতিক্ৰিয়া
ৰাঘৱ চাড্ডাকে ধৰি অন্যান্য ৭ গৰাকী সাংসদে বিজেপিত যোগদান কৰা কাৰ্যত আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Published : April 24, 2026 at 7:11 PM IST
নতুন দিল্লী: দেশৰ জনসাধাৰণৰ স্বাৰ্থত প্ৰায়ে সদনত মাত মাতি অহা সাংসদ ৰাঘৱ চাড্ডাৰ দলত্যাগে দেশৰ ৰাজনীতি জোকাৰি গৈছে ৷ কেৱল ৰাঘৱ চাড্ডাই নহয়, আপৰ আন ৬ সাংসদ ক্ৰমে ডঃ অশোক মিট্টল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহানী আৰু স্বাতী মালিৱালেও দলত্যাগৰ কথা ঘোষণা কৰিছে ।
এই খবৰে জোকাৰিছে আম আদমি পাৰ্টীৰ ভিতৰচ’ৰা ৷ আপৰ দলত্যাগী ১০ গৰাকী ৰাজ্যসভাৰ সাংসদৰ ভিতৰত সাতগৰাকীয়ে বিজেপিত যোগদান কৰে । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে । সিঙে কয় যে পঞ্জাবৰ জনসাধাৰণে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে । পঞ্জাবৰ জনসাধাৰণক আটাইকেইজনে বিশ্বাসঘাতকতা কৰিছে ।
बीजेपी ने फिर से पंजाबियों के साथ किया धक्का
— Arvind Kejriwal (@ArvindKejriwal) April 24, 2026
আনহাতে, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বিজেপিয়ে পুনৰবাৰ পাঞ্জাবীসকলক কুঠাৰাঘাত কৰিছে ।
সাংসদ সঞ্জয় সিঙে বিষয়টোক লৈ এনেদৰে কয়, ‘‘পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন আপ চৰকাৰে কৰা ভাল কামবোৰত বিজেপিয়ে সদায়েই বাধাৰ সৃষ্টি কৰি আহিছে । আপৰ সাতগৰাকীকৈ ৰাজ্যসভাৰ সাংসদে বিজেপিত যোগদান কৰিছে । পঞ্জাবৰ ৰাইজে এই সাতটা নাম মনত ৰখা উচিত ৷ পঞ্জাববাসীয়ে ইয়াক কেতিয়াও পাহৰিব নোৱাৰে ।’’
Delhi: Rajya Sabha MP Raghav Chadha says, " there are 10 mps of the aam aadmi party in the rajya sabha, and more than two-thirds of them are with us in this movement. they have also signed, and this morning we submitted all the necessary documentation and paperwork to the chairman… pic.twitter.com/C9xU2CAYlv
— IANS (@ians_india) April 24, 2026
#WATCH | Delhi | AAP MP Sanjay Singh says, " ...the bjp has done the work of obstructing the good works done by punjab cm bhagwant mann-led aap government...7 aap rajya sabha mps are joining the bjp, the people of punjab should remember these 7 names. the people of punjab will… pic.twitter.com/7lZcW70dBX
— ANI (@ANI) April 24, 2026
তেওঁ পুনৰ কয়, ‘‘বিজেপিৰ 'অপাৰেশ্বন লোটাছ' আৰু ভগৱন্ত মানৰ কাম বন্ধ কৰাৰ চেষ্টাৰে আৰম্ভ কৰা ৰাজনৈতিক খেলখন বৃহৎ পৰিসৰত আৰম্ভ হৈছে । পঞ্জাব চৰকাৰে তাত থকা শিশুসকলক ভাল শিক্ষা প্ৰদানৰ বাবে কাম কৰে । পঞ্জাবত যদি কাৰোবাৰ শৰীৰত কোনো ৰোগ ধৰা পৰে, তেন্তে ১০ লাখ টকা পৰ্যন্ত ধন প্ৰদান কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয় । বিজেপিয়ে এনে চৰকাৰ বন্ধ আৰু ভাঙি পেলোৱাৰ দৰে ঘৃণনীয় কাম কৰিছে । আজি আপৰ ৰাজ্যসভাৰ সাতজন সাংসদে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছে । পঞ্জাবৰ জনসাধাৰণে এই সাতজন ব্যক্তিক কেতিয়াও ক্ষমা নকৰে । আপে ৰাঘৱ চাড্ডাক সকলো দিলে, কিন্তু তেওঁ বিজেপিলৈ গ’ল । আপে এই সকলো নেতাক তৃণমূল পৰ্যায়ৰ পৰা আনি সংসদত উপৱিষ্ট কৰিছিল যদিও এই সাতজন লোকে পঞ্জাবৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে ।’’
#WATCH दिल्ली: राज्यसभा में AAP के 2/3 सांसदों के BJP में शामिल होने की घोषणा पर AAP नेता अनुराग ढांडा ने कहा, " इनका चरित्र क्या है वो आज देश ने देख लिया। पंजाब में भगवंत मान की सरकार अच्छा काम कर रही है। इनको पता है कि ये किसी हालत में वहां हरा नहीं सकते। वहां आप की सरकार वापस… pic.twitter.com/W2ps0OH8wW
— ANI_HindiNews (@AHindinews) April 24, 2026
ক্ষুব্ধ সাংসদ সিঙে পুনৰ কয়, ‘‘মই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ক'ব বিচাৰো যে আপোনালোকে ভগৱন্ত মানৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ যি কাম কৰিছে, তাৰ বাবে পঞ্জাবৰ জনসাধাৰণে আপোনালোকক কেতিয়াও ক্ষমা নকৰে । আজি পঞ্জাবৰ দৰে এখন ভাল চৰকাৰৰ বিৰুদ্ধে 'অপাৰেশ্বন লোটাছ' খেলা হৈছে । প্ৰশাসনিক যন্ত্ৰৰ অপব্যৱহাৰ কৰি 'অপাৰেশ্বন লোটাছ'ৰ ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে ।’’
আপৰ আন এগৰাকী নেতা অনুৰাগ ধাণ্ডাই কয়, ‘‘দেশে আজি তেওঁলোকৰ চৰিত্ৰ দেখিছে । ভগৱন্ত মান চৰকাৰে পঞ্জাবত ভাল কাম কৰি আছে । তেওঁলোকে জানে যে তাত তেওঁলোকক কোনো কাৰণতে পৰাস্ত কৰিব নোৱাৰি । আপ চৰকাৰে তালৈ উভতি যাব । তিনিদিন পূৰ্বে ইডিয়ে অশোক মিট্টলৰ ঠাইত অভিযান চলাইছিল আৰু তাৰপিছত সকলোকে এটা উদাহৰণ দিয়া হৈছিল যে আমিও আপোনালোকৰ ঠাইত এনে কৰিব পাৰো । আমি সকলোৰে মনোবল ভাঙিবলৈ এনে কৰো ।’’
ৰাঘৱ চাড্ডাকে ধৰি ৰাজ্যসভাৰ সাত সাংসদৰ দলত্যাগ
শুকুৰবাৰে সন্ধিয়া ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই সংবাদমেলযোগে আম আদমি পাৰ্টী ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে ৷ চাড্ডাৰ লগতে অশোক মিট্টল, সন্দীপ পাঠক, স্বাতী মালিৱাল, হৰভজন সিং আৰু ৰাজেন্দ্ৰ গুপ্তায়ো দলত্যাগ কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে ৷
সাংসদ ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কয়, ‘‘আম আদমি পাৰ্টীৰ ৰাজ্যসভাত ১০ গৰাকী সাংসদ আছে আৰু ইয়াৰে দুই-তৃতীয়াংশতকৈ অধিকে আমাৰ সৈতে এই আন্দোলনত জড়িত আছে । তেওঁলোকেও স্বাক্ষৰ কৰিছে । আজি পুৱা আমি ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু কাগজ-পত্ৰ জমা দিছো । আমি অতি সোনকালে সম্পূৰ্ণ তালিকা আপোনালোকৰ আগত প্ৰকাশ কৰিম । সেই সাংসদসকলৰ ভিতৰত তিনিজন আপোনালোকৰ আগত ইয়াত উপস্থিত আছে । এইসকলৰ বাহিৰেও হৰভজন সিং, ৰাজেন্দ্ৰ গুপ্তা, বিক্ৰম সাহনী আৰু স্বাতী মালিৱালো আমাৰ লগত আছে ।’’
লগতে পঢ়ক: 'আপ' এৰিলে ৰাঘৱ চাড্ডাসহ ৭ সাংসদে, শীঘ্ৰে যোগ দিব বিজেপিত

