কংগ্ৰেছত বিলীন হ'ব নেকি মমতাৰ দল ! কি কয় কংগ্ৰেছে ?
তৃণমূল-কংগ্ৰেছৰ একত্ৰীকৰণ সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আগবঢ়াইছে গুৰুত্বপূৰ্ণ মন্তব্য ।

By ANI
Published : June 11, 2026 at 6:50 PM IST
নতুন দিল্লী: বিসম্বাদ, বিদ্ৰোহ, দলীয় অন্তঃকলহ, দলত্যাগ আদি বিভিন্ন আঘাতত এতিয়া জৰ্জৰিত মমতা বেনাৰ্জীৰ প্ৰায় তিনি দশকীয় মানস পুত্ৰ তৃণমূল কংগ্ৰেছ । তিনিটা কাৰ্যকালৰ শাসন-ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে এতিয়া ভৰিৰ তলৰ ভূমি হেৰুওৱাৰ উপক্ৰম ঘটিছে মমতা বেনাৰ্জীৰ । ইজনৰ পিছত সিজন এসময়ৰ বিশ্বস্ত ৰাজনৈতিক সংগীয়ে তেওঁৰ সংগ ত্যাগ কৰা আৰু বিদ্ৰোহী হৈ উঠাৰ পিছত দলটোক সংগঠিত কৰাৰ বাবে পানীত ডুবা মানুহৰ দৰে মমতাই এতিয়া ককবকাই আছে । তাৰ মাজতে ৰাজনৈতিক মহলত গুজব উঠিছে যে নিজৰ পুৰণি ঘৰলৈ উভতিব ওলাইছে মমতা । অৰ্থাৎ কংগ্ৰেছ-তৃণমূল একত্ৰিত হ'ব বুলি তীব্ৰ চৰ্চা চলিছে ।
আনহাতে এই একত্ৰীকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত সম্ভাব্য একত্ৰীকৰণ সন্দৰ্ভত সৃষ্টি হোৱা জল্পনা-কল্পনাক খাৰিজ কৰিছে । লগতে তেওঁ এনে দাবীক ভিত্তিহীন তথা উৰাবাতৰি বুলি অভিহিত কৰে ।
এক সংবাদমেল সম্বোধন কৰি বেণুগোপালে স্পষ্ট কৰি দিয়ে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ মাজত অনুষ্ঠিত আলোচনাকে ধৰি শেহতীয়া উচ্চ পৰ্যায়ৰ বৈঠকসমূহ কেৱল এক ৰুটিন মাফিকহে আছিল ।
তেওঁ দৃঢ়তাৰে কয় যে এই আলোচনাসমূহৰ মুখ্য কেন্দ্ৰবিন্দু কেৱল “এই গণতন্ত্ৰবিৰোধী চৰকাৰখনৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰিবলৈ” এক ঐক্যবদ্ধ মিত্ৰজোঁট সৃষ্টিহে ।
"এইবোৰ সম্পূৰ্ণ উৰাবাতৰি । ইতিমধ্যে কালি আমাৰ যোগাযোগ সচিবে এইবোৰ ভিত্তিহীন কথা বুলি উল্লেখ কৰিছে । মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে মেডাম (ছোনিয়া গান্ধী) আৰু ৰাহুল গান্ধীক লগ পোৱাৰ সময়ত নিয়মীয়া আলোচনাত মিলিত হৈছিল । সেয়া ইণ্ডি মিত্ৰজোঁটৰ আলোচনাৰ সম্প্ৰসাৰণৰ বিষয়েহে আছিল । কাৰণ সকলোৱে ইণ্ডিয়াক শক্তিশালী কৰিব বিচাৰে । এই গণতন্ত্ৰবিৰোধী চৰকাৰৰ বিৰুদ্ধে যুঁজখন সকলোৱে শক্তিশালী কৰিব বিচাৰে । আমি সেই ধৰণে একেলগে আগবাঢ়ি যাম । সেয়াই হৈছে একমাত্ৰ আলোচনাৰ বিষয়বস্তু, আন একো নহয় ।"
আহাতে, আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি বেণুগোপালে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিশেষভাৱে মধ্যপ্ৰদেশত কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষি নটৰাজনৰ মনোনয়ন-পত্ৰ প্ৰত্যাখ্যান সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰে । নথিত অমিল থকা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অন্য প্ৰাৰ্থীয়ে উক্ত নথিসমূহ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বেণুগোপালে এই কাণ্ডক 'আসন চুৰি'ৰ স্পষ্ট ঘটনা বুলি অভিহিত কৰে ।
"কোনো ভিত্তি নোহোৱাকৈ এফালে মধ্যপ্ৰদেশত মীনাক্ষি নটৰাজনৰ মনোনয়ন নাকচ কৰিছে । আনফালে একাধিক ত্ৰুটি থকা প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰিছে । এই ধৰণৰ গণতন্ত্ৰত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ ? আচলতে এইটোৱে আমাক এতিয়া ভাৰতীয় গণতন্ত্ৰৰ কৰুণ অৱস্থাটো প্ৰদৰ্শন কৰিছে ।" তেওঁ কয় ।

