ETV Bharat / politics

সংবাদ মাধ্য়মত বাগৰি ফুৰা এখন চিঠি: প্ৰধানমন্ত্ৰী মোদীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিস্ফোৰক পত্ৰ?

অসমৰ বিজেপিত কংগ্ৰেছ তথা অন্য় ৰাজনৈতিক দলৰ পৰা অহা নেতা কৰ্মীয়ে গ্ৰাস কৰিছে দলটোৰ আত্মাক, মোহন ভাগৱতৰ চহী থকা সংঘৰ আক্ষেপে ভৰা পত্ৰৰ কথা...?

RSS LETTER ?
সংবাদ মাধ্য়মত বাগৰি ফুৰা এখন চিঠি !? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 23, 2026 at 12:07 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ/হায়দৰাবাদ: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘসঞ্চালক মোহন ভাগৱত স্বাক্ষৰিত এখন পত্ৰই দেওবাৰে ৰাজনৈতিক মহলত চৌদিশে খলকনি তুলিছে ৷ পত্ৰখনৰ সন্দৰ্ভত কোনোপক্ষৰে নিশ্চিতি অহা নাই কিন্তু পত্ৰখনৰ কথাই নিৰ্বাচনমুখী অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটক লৈ সকলোকে চিন্তিত কৰি তুলিছে ৷ ইটিভিৰ হাতত পৰা চিঠিখন সন্দৰ্ভত সত্য়ানুসন্ধান কৰাৰ চেষ্টা অব্য়াহত আছে ৷

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পৰা আনুষ্ঠানিক নোহোৱা কিন্তু সৰসংঘসঞ্চালক মোহন ভাগৱতৰ নাম থকা এই চিঠিখনক লৈ সংবাদমাধ্য়মত সৰৱ চৰ্চা চলিছে ৷ এই চিঠিখন সংঘই অসমত বিজেপিৰ ৰাজনীতি সম্পৰ্কত শংকা ব্য়ক্ত কৰিছে ৷

অসমত ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ এই পত্ৰখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য় কৰি লিখা হৈছে আৰু পত্ৰখনৰ জৰিয়তে আক্ষেপ কৰি লিখা হৈছে যে মূলতঃ কংগ্ৰেছ দলৰ পৰা অহা সদস্য়ই বিজেপি দলত অধিক গুৰুত্ব পোৱাৰ ফলত দলৰ পুৰণি তথা বিশ্বস্ত নেতা-কৰ্মীসকল উপেক্ষিত হৈছে ৷ দলটোৰ নেতৃত্বৰ পদ আৰু নিৰ্বাচনী সুযোগত নতুনকৈ যোগদান কৰা অন্য় দলৰ নেতাই অগ্ৰাধিকাৰ পাইছে ৷ এনেধৰণৰ অভিযোগ পত্ৰখনত সম্বলিত হৈছে ৷

মোহন ভাগৱত স্বাক্ষৰ সম্বলিত চিঠিখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে যাতে শীঘ্ৰে সংঘৰ পৃষ্ঠভূমিৰ পৰা অহা নেতাৰ নাম অসমৰ মুখ্য়মন্ত্ৰী পদৰ বাবে ঘোষণা কৰিব লাগে ৷ সংঘৰ ফালৰ পৰা আনুষ্ঠানিক নিশ্চিতি নথকা এই চিঠিখনত লগতে এয়াও দাবী কৰা হৈছে যে কংগ্ৰেছ দলৰ পৰা অহা নেতাই বিজেপিত বিশেষ গুৰুত্ব পোৱাৰ লগতে দলীয় টিকট লাভৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ পাইছে ৷

এই চিঠিখনত লগতে এয়াও দাবী কৰা হৈছে যে যিসকল নেতা পূৰ্বতে বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দী আছিল, সেইসকল এতিয়া দলটো প্ৰভাৱশালী নেতা হৈ পৰিছে ৷ চিঠিখনত এই অভিযোগ উল্লেখ কৰি লগতে কোৱা হৈছে যে এনে হোৱাৰ ফলত দলৰ আদৰ্শগত শক্তি আৰু সংগঠনমূলক শক্তিত প্ৰভাৱ পেলোৱা সন্দৰ্ভত সতৰ্ক কৰা হৈছে ৷

আনুষ্ঠিনকভাৱে নিশ্চিতি নথকা এই চিঠিখনে কেতবোৰ পৰামৰ্শ আগবঢ়াই লগতে কৈছে যে দলৰ দীৰ্ঘ্য়কালীন কৰ্মীৰ ভূমিকাক শক্তিশালী কৰা, নেতৃত্বৰ গঠন পুনঃমূল্য়ায়ন কৰা আৰু দলীয় মূল্য়বোধক অগ্ৰাধিকাৰ দিব লাগে ৷

এই চিঠিৰ সত্য়ানুসন্ধান অব্য়াহত আছে কিন্তু চিঠিত উত্থাপিত অভিযোগ তথা অসম বিজেপি সন্দৰ্ভত আৰএছএছৰ মোহন ভাগৱত আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নাম সম্বলিত চিঠিখনে নিৰ্বাচন সমাগত অসমৰ ৰাজনীতিত বিজেপি দলৰ ভিতৰচ'ৰাত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব ৷

-তেজপুৰৰ পৰা প্ৰণৱ কুমাৰ দাসৰ সহযোগত এই প্ৰতিবেদন প্ৰস্তুত হৈছে ৷

লগতে পঢ়কঃ